গুৱাহাটীস্থিত কেন্দ্রীয় আয়ুর্বেদ গৱেষণা প্রতিষ্ঠানত পঞ্চকৰ্মাব্লক আৰু চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ত পঞ্চকৰ্মা উৎকর্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে

গুৱাহাটীস্থিত কেন্দ্রীয় আয়ুর্বেদ গৱেষণা প্রতিষ্ঠানত পঞ্চকৰ্মাব্লক আৰু চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ত পঞ্চকৰ্মা উৎকর্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে আজি গুৱাহাটীৰ কেন্দ্রীয় আয়ুর্বেদ গৱেষণা প্রতিষ্ঠানত (চিএআৰআই) পঞ্চকর্মা ব্ল’ক আৰু চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ত পঞ্চকর্মা উৎকর্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। ২০ কোটি টাকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই ভৱনসমূহ ২০২৪ চনৰ ভিতৰত সম্পূর্ণ হৈ উঠিব। গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা তথ্য-প্রযুক্তি মন্ত্রী কেশৱ মহন্ত, গুৱাহাটী লােকসভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা প্রমুখ্যে সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। জালুকবাৰীস্থিত ৰাজ্যিক আয়ুর্বেদিক মহাবিদ্যালয়ত পঞ্চকৰ্মাৰ বাবে উৎকৃষ্টতাৰ কেন্দ্ৰ এটা স্থাপন কৰা হ’ব আৰু আয়ুষ মন্ত্ৰালয়ৰ আয়ুষ্কাস্থ্য যােজনাৰ অধীনত ৰাজ্যিক আয়ুর্বেদিক ফার্মাচীও উন্নীত কৰা হ’ব। এই পদক্ষেপবােৰৰ বাবে মুঠ ব্যয় হ’ব ১০ কোটি টকা আৰু ২০২৪ চনৰ ভিতৰত ইয়াৰ কাম সম্পূর্ণ হ’ব। আনহাতে গুৱাহাটীৰ কেন্দ্রীয় আয়ুর্বেদ গৱেষণা প্রতিষ্ঠান নির্মাণ হ’বলগীয়া পঞ্চকর্মা ব্ল’ক আৰু ফার্মাক’ল’জী তথা ৰসায়ন গৱেষণাগাৰৰ ভৱন দুটা ১০ কোটি টকা ব্যয়সাপেক্ষে ২০২৪ চনৰ ভিতৰত সম্পূর্ণ হৈ উঠিব। পঞ্চকৰ্মাৰ নতুন ভৱনসমূহে দক্ষতা বিকাশৰ বাবে বিশ্বমানৰ প্রশিক্ষণ পাঠ্যক্রম প্রদান কৰাত সহায় কৰিব। তদুপৰি ফার্মাক’ল’জী আৰু ৰসায়ন গৱেষণাগাৰ ভৱনটোৱে প্রি-ক্লিনিকেল পৰীক্ষামূলক প্রক্রিয়া সম্পন্ন কৰাত, ঔষধৰ মানকৰণ নিশ্চিত কৰাত, যিকোনাে ভেষজৰ বাবে ৰাসায়নিক পৰীক্ষা আৰু পশু সম্পর্কীয় টক্সিক’ল’জী প্রতিবেদন প্রস্তুতকৰণ আদিত সহায় কৰিব। উল্লেখযােগ্য যে, এই ধৰণৰ অত্যাধুনিক সা-সুবিধাযুক্ত ই হৈছে উত্তৰ-পূব ভাৰতৰ প্রথম ভৱন। অনুষ্ঠানত ভাষণ প্রদান কৰি সৰ্বানন্দ সােণােৱালে কয়, “আয়ুর্বেদ হৈছে শাৰীৰিক সবলীকৰণ আৰু মানসিক উৎকর্ষ সাধনৰ চালিকাশক্তি। আমি সৌভাগ্যবান যে আই ধৰিত্ৰীৰ বুকুত সমৃদ্ধময় আৰু বিভিন্ন গুণসম্পন্ন ঔষধি উদ্ভিদ উপলব্ধ, যিয়ে অসম আৰু সমগ্ৰ উত্তৰ-পূবৰ আয়ুর্বেদ খণ্ডত বিশাল সম্ভাৱনাৰ পথ উন্মুক্ত কৰিব পাৰে। আমাৰ এই পদক্ষেপবােৰৰ উদ্দেশ্য হৈছে আয়ুর্বেদৰ জৰিয়তে জনসাধাৰণৰ সুস্বাস্থ্য অটুট ৰখা আৰু শাৰীৰিক-মানসিক উৎকর্ষ সাধন কৰা। এই ব্যৱস্থাই বিশ্বখ্যাত পঞ্চকৰ্মা আৰু পৰম্পৰাগত ভাৰতীয় চিকিৎসা পদ্ধতিৰ সামর্থ্য আৰু গৌৰৱ বৃদ্ধি কৰিব বুলি আমি দৃঢ় বিশ্বাসী। অন্যান্য সুবিধাসমূহে প্রমাণ আধাৰিত চিকিৎসা বিজ্ঞানৰ সৈতে আয়ুর্বেদৰ গ্রহণযােগ্যতা অধিক বৃদ্ধি কৰিব। ভাৰতীয় চিকিৎসা পৰম্পৰাৰ এক বর্ণময় নিদর্শন আয়ুর্বেদৰ উত্থানৰ এই সুযােগ আমি গ্ৰহণ কৰিব লাগিব আৰু মানৱ সমাজৰ হিতৰ বাবে সুপ্রয়ােগ কৰিব লাগিব।