গুৱাহাটীত সন্ধ্যা আইন 4 বজাৰ পৰা: কোভিডৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন SOP

pc News Minute

ডিজিটেল ডেস্কঃ কোভিডৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন SOP। এই নতুন SOPত ৰাজ্যৰ তিনিখন জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। সেই জিলাকেইখন হল- গোৱালপাৰা, বিশ্বনাথ আৰু মৰিগাওঁ। ইয়াৰ উপৰিও গোলাঘাট জিলাৰ বোকাখাত মহকুমাক সম্পূৰ্ণ কনন্টেইনমেন্চ জ’ন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। এই জিলা কেইখনৰ বাদ দি গুৱাহাটী মহানগৰীত সকলো দোকান পোহৰ বিয়লি 3 বজালৈ খোলা আৰু আবেলি 4 বজাৰ পৰা সন্ধ্য আইন বলৱত কৰিছে।

অহা সোমবাৰৰ পৰা দেওবাৰ পৰ্যন্ত এই নতুন SOP প্ৰযোজ্য হব। ইফালে অসমত কোৰোনাৰ ডেল্টা ভেৰিয়েন্টৰ অৱস্থিতি ধৰা পৰিছে। ইয়াৰে এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০০ নমুনাৰ ভিতৰত ৭৭শতাংশতে এই ভেৰিয়েন্ট পোৱা গৈছে। ৰাজ্যখনত পূৰ্বৰ দৰেই কোভিডৰ বাবে আন্তঃজিলা যাতায়ত বন্ধ ৰখা নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। (staff correspondence – utpal)