গুৱাহাটীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকী উদ্‌যাপন

গুৱাহাটীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকী উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ উলুৱাৰী ভলভ পইণ্টত স্বাধীনতা আন্দোলনৰ আপোচহীন ধাৰাৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিনিধি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকীৰ সামৰণি অনুষ্ঠান কৰ’না পৰিস্থিতিৰ প্ৰেক্ষাপটত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয়।দেওবাৰে পুৱা ১১ বজাত সংগীত গোষ্ঠীৰ দেশপ্ৰেমমূলক গীত পৰিৱেশনৰ যোগেদি শ্ৰদ্ধান্জলি অনুষ্ঠানৰ আৰম্ভণি কৰা হয় । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি প্ৰথমে পুস্পাৰ্ঘ্য নিবেদন কৰে কমিটীৰ অন্যতম উপদেষ্টা কান্তিময় দেবে। তাৰ পিছত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে সদৌ অসম সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কমিটীৰ উপ সভাপতি ডা° চিত্ৰলেখা দাসে।ডা° চিত্ৰলেখা দাসে শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ পিছত তেওঁৰ চমু বক্তব্যত কয় যে আজিৰ প্ৰেক্ষাপটত নেতাজীৰ জীৱন সংগ্ৰামৰ প্ৰাসংগিকতা আৰু ছাত্ৰ , ৰাইজৰ মাজত তেওঁৰ আদৰ্শ লৈ যোৱা অত্যন্ত প্ৰয়োজন । শ্ৰদ্ধাৰ্ঘ্যৰ পিছত শপত নামা পাঠ কৰে কমিটীৰ অন্যতম কাৰ্যকৰী সদস্য তুষাৰ পুৰকায়স্থই। শপত পত্ৰত উল্লেখ থাকে আজি ২৩ জানুৱাৰীৰ দিনা আমি ভাৰতৰ স্বাধীনতা আন্দোলনৰ আপোচহীন ধাৰাৰ মহান বিপ্লৱী যোদ্ধা নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকীৰ সামৰণি দিৱসত তেওঁৰ সংগ্ৰাম, সাহস আৰু ত্যাগৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শপত আৰু সংকল্প গ্ৰহণ কৰো যে,  দেশত যি সামাজিক বৈষম্য প্ৰতিদিনে বৃদ্ধি পাই আছে, সাৰ্বজনীন আৰু আধুনিক জ্ঞানাৰ্জনৰ পৰিপূৰক শিক্ষাৰ প্ৰসাৰৰ বিপৰীতে শিক্ষাৰ প্ৰাণসত্বাকে ধ্বংস কৰাৰ অপচেষ্টা চলি আছে, নাৰী সমাজৰ ওপৰত অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে, জনসাধাৰণৰ সংগ্ৰামলব্ধ গণতান্ত্ৰিক অধিকাৰ সমূহ খৰ্ব কৰা হৈছে, জাতি-ধৰ্ম-বৰ্ণৰ ভিত্তিত বিভেদ সৃষ্টিৰ ষড়যন্ত্ৰ চলিছে, দুখীয়া- নিপীড়িত জনতাৰ ওপৰত নিৰ্মম শোষণ- নিৰ্যাতন- অবদমন চলিছে, যাৰ মাজেৰে নেতাজী সুভাষচন্দ্ৰ বসু তথা অগনন স্বাধীনতা সংগ্ৰামী সকলৰ শোষণমুক্ত ভাৰত গঢ়াৰ সপোন ভাঙি চুৰমাৰ হোৱাৰ উপক্ৰম হৈছে তাক আমি প্ৰতিহত কৰি তেওঁলোকৰ অপূৰিত সপোনক পূৰণৰ বাবে নিজক সমৰ্পিত কৰিম। এই মহান ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধা জনাই আমি দৃঢ়তাৰে সংকল্প গ্ৰহণ কৰিছোঁ যে, আমি সকলো ধৰণৰ জাতিবাদ, সাম্প্ৰদায়িকতা, ধৰ্মীয় গোড়ামী আৰু অন্ধবিশ্বাসৰ দৰে সামাজিক ব্যাধি সমূহৰ বিৰুদ্ধে আপোচহীনভাৱে যুঁজি যাম। আমি আৰু শপথ গ্ৰহণ কৰো যে নেতাজী সুভাষচন্দ্ৰ বসুৰ শোষণহীন সমাজৰ সপোন পূৰণৰ বাবে শোষণমুক্তিৰ সঠিক পথ সাম্যবাদী আদৰ্শৰ ভিত্তিত ভাৰতত সমাজতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰতিষ্ঠাৰ সংগ্ৰামত আমি নিজক সমৰ্পিত কৰিম। শেষত সংগীত গোষ্ঠীৰ দেশপ্ৰেমমূলক গীতেৰে কাৰ্যসূচীৰ পৰিসমাপ্তি ঘটে ।