গুৱাহাটীত কয়লা মাফিয়া কুলদীপ সিঙক আটক কৰি ৰহস্যজনকভাৱে মুকলি

p.c. Zee news

গুৱাহাটীত কয়লা মাফিয়া কুলদীপ সিঙক আটক কৰি ৰহস্যজনকভাৱে মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা-  কুখ্যাত কয়লা মাফিয়া কুলদীপ সিঙক নিশা বশিষ্ঠ থানাৰ আৰক্ষীয়ে আটক কৰি ৰহস্যজনকভাৱে মুকলি কৰি দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গুৱাহাটীৰ বশিষ্ঠ চাৰি আলিৰ পৰা আটক কৰিছে কয়লা মাফিয়াগৰাকীক কি কাৰণত আৰক্ষীয়ে মুকলি কৰি দিলে সেয়া লৈ ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে। মেঘালয়ৰ পৰা অহা কয়লাৰ ট্ৰাক সমূহ ডিফুৰ পৰা অহা বুলি দেখুৱাই নিৰাপদে পাৰ কৰোৱাৰ নামত ধন সংগ্ৰহ কৰাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছে কুলদীপ সিঙক। ইয়াৰ পূৰ্বে ২০১৮ চনৰ মে’ত বশিষ্ঠ আৰক্ষীয়ে কুলদীপ সিঙক কয়লা ছিণ্ডিকেট চলোৱা গোচৰত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। শেহতীয়াকৈ পুনৰ মেঘালয়ৰ পৰা কয়লাৰ ট্ৰাকৰ চলাচল আৰম্ভ হোৱাৰ সময়ত কুলদীপ সিঙক বশিষ্ঠ আৰক্ষীয়ে আটক কৰি পুনৰ মুকলি কৰি দিয়া ঘটনাই ৰহস্যৰ সৃষ্টি হৈছে ।