গুজৰাটৰ মৰবিৰ শোকাৱহ ঘটনাত গভীৰ দুখ প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Pc Zee News

গুজৰাটৰ মৰবিৰ শোকাৱহ ঘটনাত গভীৰ দুখ প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা–  গুজৰাটৰ মৰবিৰ শোকাৱহ ঘটনাত গভীৰ দুখ প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মোদীয়ে কয়, এই ঘটনাক লৈ তেওঁ যি যন্ত্ৰণা অনুভৱ কৰিছে, তেনে যন্ত্ৰণা জীৱনক খুব কম উপলব্ধি কৰিছে। গুজৰাটৰ কেভাডিয়াত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মোদীয়ে কয় যে তেওঁৰ শৰীৰ কেভাডিয়াত থাকিলেও মনটো আছঠে মৰবিত। সন্মুখত গুজৰাটৰ বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে এই বৰ্তমান গুজৰাটতে আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰেও গুজৰাটৰ একাধিক প্ৰকল্পৰ কথা ঘোষণা কৰে মোদীয়ে। কিন্তু দেওবাৰে সন্ধিয়া গুজৰাটৰ মৰবিত ওলমা দলং ভাঙি পৰাৰ ফলত শতাধিক লোকৰ মৃত্যুৰ ঘটনাৰ ফলত একপ্ৰকাৰ চাপত পৰিছে ৰাজ্যৰ বিজেপি চৰকাৰ। মোদীয়ে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি, ‘ষ্টেচু অব ইউনিটী’লৈ গৈ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইয়াৰ পিছতে বক্তব্য ৰাখিবলৈ গৈ মৰবিৰ ঘটনাক লৈ আবেগিক হৈ পৰে মোদী। মোদীয়ে কয়, ‘মই যদিও কেভাডিয়াত আছো, কিন্তু মোৰ মন আছে মৰবিত। এনেধৰণৰ যন্ত্ৰণা জীৱনত খুব কমেই পাইছো। এফালে, মোৰ হৃদয় ক্ষত–বিক্ষত হৈছে, আনহাতে কৰ্ম আৰু কৰ্তব্যৰ দায়িত্ব। সেই দায়িত্ব পালন কৰিয়ে মই ইয়াত উপস্থিত হৈছো।’ এই দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জনায় মোদীয়ে। তেওঁ কয়, ‘এই শোকৰ মুহূৰ্তত মই শোকস্তব্ধ পৰিয়ালসমূহৰ ওচৰত আচো। গুজৰাট চৰকাৰে যোৱাকালিৰে পৰা উদ্ধাৰ অভিযান চলাইচে। কেন্দ্ৰীয় চৰকাৰেও সাহায্যৰ হাত আগবঢ়াইছে।’