গিৰীশ তালুকদাৰক নৃত্যাচাৰ্য যতীন গোস্বামী উৎকৰ্ষ বঁটা প্ৰদান

গিৰীশ তালুকদাৰক নৃত্যাচাৰ্য যতীন গোস্বামী উৎকৰ্ষ বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  দেৱদাসী নৃত্যৰ একনিষ্ঠ সাধক,শিল্পী গিৰীশ তালুকদাৰক ‘নৃত্যাচাৰ্য যতীন গোস্বামী উৎকৰ্ষ বঁটা’ প্ৰদান কৰা হয়৷মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই পাঠশালাৰ এই সাধক শিল্পী গৰাকীক উক্ত বঁটা প্ৰদান কৰা হয়৷এই বঁটাত আছে নগদ ধনসহ এটা স্মাৰক,গামোচা,চেলেং চাদৰ,স্কাৰ্ফ আৰু মানপত্ৰ৷অনুষ্ঠানত প্ৰসিদ্ধ সত্ৰীয়া শিল্পী ঘনকান্ত বৰা বৰবায়ন,বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া,প্ৰাক্তন প্ৰশাসনীয় বিষয়া স্বপ্ননীল বৰুৱা,শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্হিত থাকে৷অনুষ্ঠানত এটি চমু নৃত্যানুষ্ঠানৰো প্ৰদৰ্শন কৰা হয়৷উল্লেখ্য,নৃত্যাচাৰ্য যতীন গোস্বামী উৎকৰ্ষ বঁটা প্ৰদান সমাজৰ উদ্যোগত ২০২০ চনত নৃত্যাচাৰ্য যতীন গোস্বামীৰ নামত এই বঁটা প্ৰৱৰ্তন কৰা হৈছিল৷উক্ত বৰ্ষত বিশিষ্ট নৃত্য সমালোচক,নৃত্য শিল্পী সুনীল কোঠাৰীক এই বঁটাৰে সন্মানিত কৰা হৈছিল৷ক’ভিডজনিত পৰিস্হিতিৰ বাবে বিগত বৰ্ষত এই বঁটা প্ৰদান কৰিব পৰা নগ’ল৷