গােলাঘাটত ৰাজ্যিক হস্ততাঁত বাণিজ্য মেলা 

pc-EastMojo

গােলাঘাটত ৰাজ্যিক হস্ততাঁত বাণিজ্য মেলা 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প সঞ্চালকালয়ে অহা ইং ১২/০৩/২০২২ তাৰিখৰ পৰা ২/৩/২০২২ তাৰিখলৈ গােলাঘাট জেনেৰেল ফিল্ডত এখন ৰাজ্যিক হস্ততাঁত বাণিজ্য মেলাৰ আয়ােজন কৰিছে। ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন অনুষ্ঠানৰ অধীনত ভাৰত চৰকাৰৰ বস্ত্রশিল্প মন্ত্ৰালয়ৰ হস্ততাঁত উন্নয়ন আয়ােগৰ সহযােগত অনুষ্ঠিত হ’বলগীয়া বাণিজ্য মেলাখনৰ মূল উদ্দেশ্য হ’ল স্থানীয় শিপিনীৰ দ্বাৰা প্ৰস্তুত কৰা হাত সামগ্ৰীৰ বজাৰ সৃষ্টি কৰা আৰু শিপিনীৰ বাবে বিনামূলীয়াকৈ বজাৰৰ বিপণীৰ ব্যৱস্থা কৰা। উল্লেখযােগ্য যে, এই বাণিজ্য মেলাখনত ৬০ টা হস্ততাঁত গােট/ এজেন্সি, সমবায় সমিতি, উৎপাদক গ্রুপ, আত্মসহায়ক গােট, সংঘ আৰু অন্যান্য প্রতিভাশালী শিপিনীয়ে অংশগ্রহণ কৰিব।