গাওঁৰক্ষী বাহিনী হৰিনাৰায়ন বৰুৱা দেৱৰ ৫২তম মৃত্যু বাৰ্ষিকী দিৱস উদযাপন

গাওঁৰক্ষী বাহিনী হৰিনাৰায়ন বৰুৱা দেৱৰ ৫২তম মৃত্যু বাৰ্ষিকী দিৱস উদযাপন

অমৰজিৎ ৰাভা,ওদালগুৰি, বাৰ্ত্তাসেৱা– বিটিআৰ ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁওত গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক “হৰিনাৰায়ন বৰুৱাৰ দেৱৰ ৫২ তম্ মৃত্যু বাৰ্ষিকী দিৱস উদযাপন। সমগ্ৰ ৰাজ্যৰ লগতে কভিড প্ৰট’কল অনুসৰণ কৰি ওদালগুৰি জিলাৰ কলাইগাঁওটো দিন জোৰা কাৰ্যসূচীৰে গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ন বৰুৱাৰ দেৱৰ ৫২ তম্ মৃত্যু বাৰ্ষিকী দিৱসটি কলাইগাঁও আৰক্ষী থানাৰ চৌহদত থকা গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ত উদযাপন কৰাৰ পৰিলক্ষীত হয়। কভি’ড এছ’অপি প্ৰতি লক্ষ্য ৰাখি সীমিত ভাৱে উদযাপন কৰা মৃত্যু বাৰ্ষিকী দিৱসত কাৰ্যসূচী মৰ্মে গীতা,ভাগৱত পাঠ কৰে কৃষ্ণ ডেকা আৰু কোৰান পাঠ কৰে আজিৰ আলিয়ে। কলাইগাঁও গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আয়োজিত বাৰ্ষিকী দিৱসত উপস্থিত থাকে ক্ৰমে কলাইগাঁ‌ও গাওঁৰক্ষী বাহিনীৰ সভাপতি নুৰুল হক, সাধাৰণ সম্পাদক মাধৱ বৰুৱা প্ৰমুখ্যে ১০৭ গৰাকী সদস্য/ সদস্যাই অংশ গ্ৰহণ কৰা দিৱসত কলাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খৰ্গেশ্বৰ বৰদলৈয়ে অংশগ্ৰহণ কৰি গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ন বৰুৱা ওপৰত মন্তব্য আগবঢ়ায়। তেওঁ কয় যে ১৯০১ চনত নগাঁওত জন্ম গ্ৰহণ কৰা হৰিনাৰায়ন বৰুৱাই, গাওঁ অঞ্চলত অত্যাধিক চুৰ, দকাইটী কাণ্ড নিশেষ কৰিবলৈ গাওঁৰক্ষী বাহিনী চমুকৈ ভি,ডি,পি প্ৰতিষ্ঠা কৰিছিল আৰু তেতিয়াৰ আজিলৈ ৰাজ্যৰ সকলো প্ৰান্তত ভিডিপি বা গাওঁৰক্ষী বাহিনীৰ সেৱা সজীৱিত আছে আৰু যাৰ ফলত চুৰ দকাইটীৰ লগতে বিভিন্ন অসামাজিক কাৰু-কাৰ্য্য ৰুধ হোৱাৰ ধাৱমান হৈছে,। সেয়েহে এই মহান উদ্দেশ্যবান ব্যক্তি গৰাকীৰ মৃত্যু দিনটো আমি ১৯৬৯ চনৰ ২৩ আগষ্টৰ পৰাই দিৱস হিচাপে উদযাপন কৰি আহিছো আৰু বাহাল থাকিব বুলি সুমন্তব্য আগবঢ়ায়।।

Amarjit Rabha