গল্পৰ শিৰোনাম – যশোদা– অংকিতা বৰুৱা

গল্পৰ শিৰোনাম – যশোদা

একোঠালীয়া কেঁচাঘৰটোলৈ সোমাই অহা আবেলিৰ শেষ পোহৰকণক নস্যাৎ কৰিবলৈ আন্ধাৰবোৰ তৎপৰ হৈ উঠিছে । কজলা ৰংটো কোঠাটোৰ চাৰিওফালে বিয়পি পৰিছে । বিচনাখনতে গাত লোৱা কেথাকেইখনৰ মাজত লুকাভাকু খেলি খেলি সিঁহত দুটা কেতিয়া টোপনি গৈছিল মনতেই নাই কুমকুমৰ । সাৰ পাই চকুকেইটা মোহাৰি মোহাৰি কাষতে শুই থকা কনমাণী ভায়েকটোলৈ চাই তাইৰ মৰম লাগি গ’ল । সি গাত কাপোৰ নলয় বুলি এনেই নকয় মাকজনীয়ে ! গোটেইটো উদং মুদং হৈ জেঠিপোৱালীটোৰ দৰে ওপৰলৈ মুখ কৰি , ভৰি দুটা সামান্য ফেৰেকাকৈ দুহাত মেলি নিশ্চিন্ত হৈ শুই আছে সি ।

হাত ভৰি কেইটা চুই চালে কুমকুমে তাৰ ।

চেঁচা ।

” লাটু ” …

অনুচ্ছ সুৰত তাক এবাৰ মাতিলে তাই ।
একো লৰচৰ নকৰা দেখি মৰমেৰে এবাৰ তাৰ কপালত হাতখন ফুৰাই কুমকুমে কেথাখন টানি আনি তাৰ গাত জাপি দিলে । শুই থাকক সি আৰু অলপ দেৰি ! মাক আহি পোৱাহিয়ে নাই । আমনিহে কৰিব !
তায়ো লাটুৰ কাষতে বিচনাখনত কুচিমুচি পৰি থাকিল ।

 

কি বা হ’ল আজি ইমান পৰলৈকে মাকজনী অহা নাই ! আনদিনাটো সিঁহত দুটা স্কুলৰ পৰা আহি পায়হি মানে মাকে ভাতমুঠি ৰান্ধি সিঁহতলৈ বাট চাই থাকে । নঙলামুখৰ পৰাই চিঞৰি চিঞৰি ভিতৰ সোমাই সিঁহত —
” অ’ মা আহিলো । ভাত দে ; বৰকৈ ভোক লাগিছে । ”

মাকে চাদৰৰ আঁচলত হাতদুখন মচি মচি সিঁহতৰ ওচৰ পায়হি মানে লাটুৱে গৈ মাকত জপটিয়াই ধৰেগৈ ।

আজিনো এই পৰলৈকে মাকজনী কলৈ গ’ল ! অতবেলি হ’ল আহি পোৱা নাই যে ! যিমানে সময় পাৰ হৈছে সিহঁতৰ কোঠাটোও ঘিটমিটীয়া আন্ধাৰে আৱৰি ধৰিছে । কাষতে শুই থকা লাটুকো তাই হাতেৰে খেপিয়াই চুই চাইছে । চকুৰে একো মণিব নোৱৰাকৈ অন্ধকাৰ গোটেইখন । কুমকুম এনেও খুব ভয়াতুৰ । দিনতে অকলে বাহিৰলৈ নাযায় । তেনেস্থলত এই ৰাতিখন !

তাই ফেঁকুৰি উঠিল । কি কৰে তাই এতিয়া ! হাতলেম্পটোত কেৰাচিনতেল অকণ ভৰাই জ্বলাবলৈও তাই একোকে দেখা পোৱা নাই । ভোকত পেটটোও কৰমৰাই উঠিছে তাইৰ । স্কুললৈ যাওঁতেই যি ভাত এমুঠি আগৰাতিৰে দাইলকণৰে সৈতে খাই গৈছিল দুইটাই , তাৰপাছত একোৱেই মুখত দিয়া নাই সিঁহতে । লাটুও চাগে ভোকতে অৱশ হৈ ইমান দেৰি শুই আছে ! ভয় ভোক সব মিলি তাই এইবাৰ উচুপি উঠিল । অলপপৰ তেনেদৰেই থাকি তাই মূৰে গায়ে কাপোৰখন লৈ কুচিমুচি পৰি থাকিল বিচনাখনতে । যেন এই আন্ধাৰবোৰৰপৰা হাত সাৰিবলৈ পালেই তাই ৰক্ষা পৰে । ভয়তে ডিঙিটো শুকাই আহিছে তাইৰ । তথাপি বিচনাৰপৰা উঠি কাষৰ টেবুলখনতে থকা পানী জগটোৰ পৰা পানী অলপ খাবলৈ তাইৰ সাহসে নুকুলালে ।
উচুপি উচুপি তাই মাকক মাতি থাকিল —

” কলৈ গলিনো অ’ মা ! এই পৰলৈকে নাহিলি যে ! আমি অকলে অকলে ইমান দেৰি কেনেকৈ থাকিম এবাৰো ভবা নাইনে তই ! ”

তাইৰ উচুপনিত বিচনাখন কঁপি উঠিল । লাটুৱে এবাৰ খৰমৰাই ইকাটি সিকাটি কৰিলে । লাটু সাৰ পালে মাকে তাৰ চুলিকেইডালত হাত ফুৰাই এটা নিৰ্দিষ্ট গীত গুণগুণাই , সি পুনৰ শুই পৰে । কুমকুমেও তাকে কৰিলে । মাকৰ মুখৰ গীতটো আজি তাই প্ৰথমবাৰৰ বাবে গুণগুণাই লাটুৰ মূৰত আলফুলে হাত বুলাই দিলে । নহ’লে সি সাৰ পাই উঠি মাকক নেদেখিলে ভীষন কান্দিব , তাই জানে । লাটুৰ খচমচনি বন্ধ হ’ল । তাই আশ্বস্ত হল , সি পুনৰ শুই পৰিছে । আচৰিত ধৰনে লাটুক শুৱাই থাকোতে এপলক আগলৈকে তাইৰ আন্ধাৰলৈ ভয় লাগি উচুপি উঠা মনটো নোহোৱা হৈছিল। লাটুক শুৱাই থাকোতে তাইৰ ভোকত কৰকৰাই থকা পেটটোও শান্ত হৈ পৰিছিল ।

 

দুৱাৰৰ ফাঁকেৰে সোমাই অহা পুৱাৰ পোহৰত তাই চকু মেলি এবাৰ কোঠাটোৰ চাৰিওফালে চালে । লাটুৱেও একে সময়তে উঠি বহি দুচকু মোহাৰি আনদিনাৰ দৰেই থেনথেনাবলৈ ধৰিলে । মা মা কৈ এসময়ত সি চিঞৰি উঠিল । কুমকুমে তাক কেঁকো জেঁকোকৈ কোলালৈ আনি অলপ পৰ সাৱটি ধৰি থাকি মৰমেৰে বুজাবলৈ যত্ন কৰিলে ,

” ৰ লাটু নাকান্দিবিচোন । মা আহিব নহয় ! কালি হয়তো মাৰ কাম শেষ নহল সেয়েহে আহিব নোৱাৰিলে । আজি সোনকালেই আহিব । মই আছোঁ নহয় । কিবা এটা খাবলৈ দিওঁ ৰ তোক । ভোক লাগিছে চাগে তোৰ !”

সি ভেবা লাগি কুমকুমলৈ চাই ৰ’ল । তাই কোৱা কথাকেইটা সি কিমান বুজিলে কুমকুমে অনুমান কৰিব নোৱাৰিলে যদিও তাৰ পাছত লাটুৱে থেনথেনাবলৈ এৰি তাইৰ ফ্ৰকটোতে খামুচি তাইৰ পাছে পাছে লাগি থাকিল। মাকে পানী তপতাবলৈ চৌকাটোৰ খৰি কেইডালত অগ্নি সংযোগ কৰাৰ দৰে কুমকুমেও চাকিটোৰ পৰা কেৰাচিনতেল কেইটোপালমান দি অগ্নি সংযোগ কৰি বটুৱাটো উঠাই দিলে । কাষতে পীৰাখন পাৰি লাটুক বহুৱায় লয় তাই । লাটুৱে তাইলৈ ভেবা লাগি চাই থাকি এপাকত সুধিলে

” অ’ বা মা কলৈ গ’ল নো ? ইমান দেৰি হ’ল নাই অহা যে ! ”

কুমকুমৰ কণমানী মনটোত পাকঘূৰণি খাই থকা চিন্তাবোৰ লুকুৱাই তাই ভায়েকক এজনী বুজন ছোৱালীৰ দৰে আশ্বাস দিলে । মাকৰ চিন্তাই তাইকো শান্তিত থাকিবলৈ দিয়া নাই যদিও এই মুহূৰ্ত্তত তাই এটাই বুজি উঠিছে যে তাই লাটুক নিৰ্ভয়েৰে ৰাখিব লাগিব । অন্তত মাক ঘূৰি আহি নোপোৱালৈকে লাটুৱে নকন্দাকৈ তাই ৰাখিব লাগিব ।

একোঠলীয়া ঘৰটোৰ চুকটোত থকা ৰান্ধনিশালখনত মাকে কাম কৰি থাকোতে কুমকুমে মাকক লক্ষ্য কৰি থকাটো তাইৰ এটা অভ্যাস । মাকে কিদৰে আটোমটোকাৰিকৈ কামবোৰ কৰি যায় তাই চাই থাকি বৰ ভাল পায় । হয়তো সেই অভ্যাসেই আজি তাইক কিছু পৰিমাণে হলেও সহায় কৰিছে । তাই ডেকচিটোত চাউল এমুঠিৰ সৈতে পানী অলপ আণ্ডাজমতে দি চৌকাটোত বহাই অভিজ্ঞ ছোৱালী এজনীৰ দৰে চুঙাটোৰে জুইকুৰা ফুঁৱাই দিলে । জুইকুৰা দপকৈ জ্বলি উঠিল যদিও চৌকাটোৰ মুখতে থকা ছাঁই অলপ উৰি আহি তাইৰ চকুৱে মুখে সোমাল । তাই কাঁহি কাঁহি মাটিতে লেপেটা কাঢ়ি বহি দিলে । চকুপানীবোৰ সৰসৰাই বাগৰি আহিল তাইৰ । তাই যেন সেই ছেগতে অতপৰে লুকুৱাই ৰখা শংকাখিনিক ছাঁইবৰণীয়া চকুপানীৰে ব’বলৈ এৰি দিলে ! লাটুক আশ্বাস দি ৰখা কণমানী কুমকুমজনী যেন এটা ৰাতিতে অলপ বেছি বুজন হৈ পৰিল !

দুদিন পাৰ হৈ গ’ল ।
মাকজনী নাহিল । এইবাৰ ভায়েকৰ হাতখনত খামুচি ধৰি তাই মাকক বিচাৰি ওলাল ।

সুবৰ্ন নাই …

ইতিমধ্যে এই কথাটোৱে মানুহৰ মাজত গুণগুণনি তুলিছে । কোনেও নাজানে ক’ত গ’ল মানুহজনী এই এমা দিমা সন্তানকেইটাক এৰি । কিছুমান গধুৰ শব্দ উফৰি আহি কুমকুমৰ কাণত পৰিল । লাটুৰ হাতখন বেছি জোৰকৈ খামুচি ধৰি তাই মানুহৰ পদুলিয়ে পদুলিয়ে চিঞৰি সুধিলে

” আমাৰ মাক দেখিছিলে নেকি বৰমা ! ”

” অ’ খুৰী আমাৰ মা কলৈ গ’ল জানে নেকি ! আজি দুদিন হ’ল মা ঘৰলৈ অহাই নাই ! ”

কৌতূহলী মুখবোৰৰ আঁৰত অনুকম্পা আছিল নে ইতিকিং তাই নুবুজিলে । সাঁথৰ যেন লগা শব্দবোৰ উফৰি আহি তাইৰ কাণত পৰিছিল । তাই অবুজ চাৱনি এটাৰে গুণগুণণি তোলা মানুহবোৰলৈ চাই লাটুৰ হাতখন যিমান পাৰে সিমান জোৰে খামুচি ধৰিছিল । একো উৱাদিহ নাপালেও তাই বুজি উঠিছিল মাকৰ অবৰ্ত্তমানত তায়েই ভায়েকৰ বাবে সকলো ।

পুৱা শুই উঠি মাকৰ দৰেই কুমকুমে বাঢ়নিডাল হাতত লৈ চোতালখন সাৰিবলৈ লয় । মাক নোহোৱা হোৱাৰ পৰা কুমকুমে মাকে কৰি যোৱাৰ দৰেই প্ৰতিটো কাম কৰিবলৈ চেষ্টা কৰিছে । প্ৰথমতে তাইৰ অকণি অকণি হাত দুখন কঁপিছিল । কিন্তু লাহে লাহে কামবোৰ তাইৰ বাবে সহজ হৈ পৰিছে । আন্ধাৰবোৰলৈও তাইৰ ভয় নোহোৱা হৈ আহিছে লাহে লাহে ।

এটা সপ্তাহ পাৰ হৈ গ’ল ।
সিঁহতৰ মাকজনী নাহিল । লাটুৱে মাকক কৰি অহা আব্দাৰবোৰ বায়েকক কৰবলৈ ধৰে । তায়ো যিমান পাৰে লাটুক মাকে ৰখাৰ দৰেই আটোলটোলকৈ ৰাখিবলৈ বিচাৰে । এদিন পুৱা চোতাল সাৰি থাকোতে তাই দেখিছিল মাকৰ উঁৱলি যোৱা চাদৰখন নঙলাডালতে ওলমি ৰৈছিল । তাই ঢপলিয়াই গৈ চাদৰখন দুহাতেৰে সামৰি মাকৰ দেহৰ গোন্ধটো পাৰে মানে উজাই লৈছিল ।
আছিল !
তেতিয়াও সেই চাদৰখনত মাকৰ দেহৰ গোন্ধটো লাগি আছিল । চাদৰখন কোনে কেনেকৈ আনি তাত পেলাই থৈ গ’ল অথবা মাকে পিন্ধি থকা চাদৰখন মাকৰ দেহৰ পৰা খোল খাই সিঁহতৰ নঙলাডালত কিদৰে ওলমি ৰ’ল তাই নুবুজাকৈয়ে সেইখন সামৰি আনি বাকচৰ তলিত ভৰাই ৰাখিলে । লাটুক একো নজনালে তাই । কোনোমতে লৰাটোক তাই চম্ভালি ৰাখিব পৰা কৰিছে । আকৌ যদি মাকৰ কথা ওলালে সি কান্দে , তাই বৰ বিপাঙত পৰিব ।

নাটকৰ পট পৰিৱৰ্তন হোৱাৰ দৰেই এৰি অহা এছোৱা সময়ৰ ধূষৰিত ছবিবোৰ কুমকুমৰ চকুৰ আগেদি পাৰ হৈ গ’ল । এই যেন অলপ সময়ৰ আগতেহে গটি গ’ল গোটেই ঘটনাবোৰ ! কোঠাটোৰ এটা চুকত জুপুকা লাগি বহি আছে তাই ।

লাটুৱে আহি তাইক জোকাৰি দিলেহি ,

” কি ভাবি আছনো বা ! এই ভায়েৰক আশীৰ্বাদ এটা নিদিয়নে অত দূৰলৈ যাবলৈ ওলাইছো । আকৌ বা তোৰ ওচৰলৈ কেতিয়া ঘূৰি আহিব পাৰো ! সৈনিক হ’ল তোৰ এই লাটু , বা ! দেশৰ স্বাৰ্থত মই যাতে মোৰ কৰ্তব্য অতি নিষ্ঠাৰে পালন কৰিব পাৰো , মোক আশীৰ্বাদ কৰ বা ! ”

আৱেগিক হৈ পৰিল সি । থোকাথুকি হৈ আহিল তাৰ মাতটো । ওৰেটো জীৱন তাৰ গাৰ ছাঁটোৰ দৰে লাগি থকা এই বায়েকজনীক এৰি থৈ সি আজি জীৱনৰ আন এক অধ্যায়ৰ পাতনি মেলিবলৈ আগবাঢ়িছে ।

কুমকুমৰ দুভৰি সাৱটি ধৰিলে সি । তাই চক খাই উঠিল।

এৰা !
তাইৰ আদৰৰ ভায়েকটো যে আজি যাবগৈ সীমান্তলৈ । সেই কেচেলুৱা জীৱনৰ পৰাই তাৰ হাতখন খামুচি থাকি সিঁহত দুয়োটাই আজিৰ এই জীৱন পাইছেহি । মাকৰ অনুপস্থিতিত কুমকুম কেতিয়া লাটুৰ বাবে আন এজনী মাক হৈ পৰিছিল সেয়া তাইৰো মনত নাই আজি ।

তাই সাউৎ কৈ উঠি গৈ বৰণহীন হৈ পৰা বাকচটোৰপৰা উঁৱলি যোৱা মাকৰ চাদৰখন উলিয়াই আনি লাটুৰ সন্মুখত দাঙি ধৰিলে ,

” এইখন তোৰ লগত লৈ যা লাটু । গোটেই জীৱন এইখনৰ ভৰষাতে মই তোক ডাঙৰ কৰিলোঁ । এতিয়াৰপৰা এইখন তোৰ লগত থাকিব সদায় । মাৰ এই চাদৰখনে এটি জোনাকী পৰুৱা হৈ তোক বাট দেখুৱাই যাব । চাদৰখন যিদিনা মই বুটলি লৈছিলোঁ তই বৰ সৰু আছিলি অ’ ! কথাবোৰ তই বুজিব পৰা বয়সৰ নাছিলি তেতিয়া । আচলতে কথাবোৰ তেতিয়া মোৰ বাবেও দুৰ্বোধ্য আছিল । কিন্তু জীৱনৰ এটা অধ্যায় পাৰ কৰি অহাৰ পাছত বুজি উঠিছোঁ মায়ে পিন্ধি থকা চাদৰখন কিদৰে মাৰ গাৰপৰা খহি আমাৰ নঙলাডালত ওলমি ৰ’ব পাৰে ! হয়তো এতিয়া তয়ো বুজিব পৰা হ’লি কথাবোৰ । বৰ সযতনে ৰাখিছিলোঁ চাদৰখন আজিৰ দৰে এটা দিনৰ বাবে । আজিও এইখনত মাৰ গাৰ গোন্ধ লাগি আছে । আজি মায়েও নিশ্চয় হাঁহিছে লাটু ! চাচোন চা , এবাৰ চাদৰখনৰ গোন্ধটো উজাই চা ! ”

নাকান্দোঁ বুলিও হুকহুকাই কান্দি উঠা কুমকুমক বুকুৰ মাজত লৈ লাটুৱে এবাৰ চাদৰখন নাকৰ ওচৰলৈ নি গোন্ধটো উজাই ল’লে । তাৰ বুকুৰ মাজত সোমাই থকা মৰমৰ বায়েকজনীৰ গাৰ গোন্ধটোৰ সৈতে মাকৰ চাদৰখনৰ গোন্ধটো তেতিয়ালৈ একাকাৰ হৈ পৰিছিল ।

— সমাপ্ত —

অংকিতা বৰুৱা
জুৰোড তিনিআলি
গুৱাহাটী – ২৩
মোবাইল – ৯৮৫৪০৮৫৭২০