গণৰাজ্য দিৱসৰ চিন্তা- মানসী মিশ্ৰ

Pc HerZindagi

গণৰাজ্য দিৱসৰ চিন্তাঃ
কিমান সফল গণৰাজ্য আমাৰ ৰাজ্যত

মানসী মিশ্ৰ

স্বাধীনতা লাভৰ পয়সত্তৰ বছৰ পিছত দেশবাসী প্ৰস্তুত হৈছে গণৰাজ্য দিৱস উদ্‌যাপন কৰিবলৈ ৷ আমাৰ ৰাজ্যতো একেই প্ৰস্তুতি৷ প্ৰকাণ্ড প্ৰকাণ্ড তোড়ণ সাজি স্বাধীনতা দিৱস, গণৰাজ্য দিৱস অনুষ্ঠিত হয়৷ এইবাৰো ৰাজ্যৰ চুকে কোণে মঞ্চ সাজি গণৰাজ্য দিৱস উদ্‌যাপনৰ প্ৰস্তুতি চলিছে ৷ সেই দিনটো উদ্‌যাপনৰ উদ্দেশ্যৰ লগত সংগতি ৰাখি নেতাসকলে ভাষণত দুটামান কথা উল্লেখ কৰিব, বিভিন্ন দিশত অৰিহণা যোগোৱা কেইগৰাকীমান ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰিব ৷ ইয়াৰ লগে লগেই আকৌ অন্ত পৰিব গণৰাজ্য দিৱসৰ কাৰ্য্যসূচীৰ৷ আনুষ্ঠানিকতা পালনৰ উদ্দেশ্যেই হয়তো দিৱসৰ কাৰ্য্যসূচীসমূহ যথাযথ ভাৱে পালন কৰা হয় যেন বোধহয়৷ স্বাধীনতা, গণতন্ত্ৰ আদিৰ দৰে শব্দবোৰৰ যি মহত্বপূৰ্ণ অৰ্থ বা তাৎপৰ্য্য সেই সমূহৰ মৰ্য্যাদা ৰক্ষা হৈছে জানোঁ আমাৰ ৰাজ্যত ? তেসত্তৰ বছৰ আগতেই আমাৰ দেশে গণতান্ত্ৰিক গণৰাজ্যৰ মৰ্য্যদা লাভ কৰিছিল৷ সাতটা দশক পাৰ হৈ যোৱাৰ পিছতো শাসক আৰু শাসিতৰ মাজৰ যি ব্যৱধান সেৱা এতিয়াও অব্যাহত আছে ৷ অথচ গণতান্ত্ৰিক শাসন ব্যৱস্থাত খুব সহজ ভাষাত কবলৈ গলে ৰাইজেই ৰজা৷ প্ৰতি পাঁচ বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত নিৰ্বাচনত ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি প্ৰতিনিধি নিৰ্বাচন কৰে ৷ সংখ্যাগৰিষ্ঠতা লাভ কৰা দলৰ প্ৰতিনিধিয়ে চৰকাৰ গঠন কৰে ৷ গতিকে জনসাধাৰণৰ অভাৱ, অভিযোগ, সমতা, সুযোগ-সুবিধাৰ প্ৰতি লক্ষ্য ৰখাটো চৰকাৰখনৰ দায়িত্ব৷ কিন্তু সময়ত দেখা যায় যে বহু ঠাইতেই নিৰ্বাচনত জয়ী হৈ অহাৰ পিছত জনপ্ৰতিনিধি সকলৰ ৰাইজৰ ওচৰলৈ যোৱাৰ সময় নহয়, তেওঁলোকৰ অভাৱ অভিযোগৰ বিষয়ে বুজিবলৈ ইচ্ছুক নহয় ৷ এনেদৰেই আমাৰ ৰাজ্যত শাসক আৰু শাসিতৰ মাজত ব্যৱধান ক্ৰমান্বয়ে বাঢ়ি গৈ আছে ৷ বহুজন প্ৰতিনিধি আছে যি সকলে কেৱল মাত্ৰ নিৰ্বাচনৰ সময়তহে ৰাইজৰ কাষলৈ যায়, ৰাইজৰ লগত দুখ, দূৰ্দশাৰ কথা পাতে৷ ডিঙিত ফুলাম গামোছা লৈ হাতযোৰ কৰি ভোটাৰ ৰাইজৰ কাষ চাপে আৰু নানা প্ৰতি৷শ্ৰুতি ভৰা আশ্বাস প্ৰদান কৰে ৷ নিৰ্বাচনৰ সময়ত যিসকল লোকৰ ঘৰ চোতালত বহি, তেওঁলোকৰ ঘৰতে ভাত চাহ খাই নিজৰ মেল মিটিং কৰে সেই সকলে শাসনৰ গাদীত বহাৰ পিছত ভোটাৰ ৰাইজৰ কথা ভাবিবলৈ আহৰি নাপায় অথচ একো গৰাকী ভোটাৰে বিশেষ কাৰণত গাঁঠিৰ ধন ভাগি অথবা গৰু ছাগলী বিক্ৰী কৰি সেই টকাৰে জনপ্ৰতিনিধিৰ কাষলৈ আহিলে তেওঁলোকক লগ নাপায় ৷ সেইবাবেই আমাৰ ৰাজ্যত সদায়ে শাসক আৰু শাসিতৰ মাজত এক ব্যৱধান পৰিলক্ষিত হয় ৷ উন্নয়ন মূলক কাৰ্য্যসূচী বহুতো হাতত লোৱা হয় যদিও ৰাইজৰ কাষ চাপোতে বহু সময় লাগে৷ সেইবাবে প্ৰতিটো বৰ্ষতে ৰাজ্যত উদ্‌যাপিত হৈ থকা গণৰাজ্য দিৱসৰ কাৰ্য্যসূচী চমু চাপি আহিলে স্বতঃস্ফূৰ্তভাৱে মনলৈ আহে যে আমি দৰাচলতে কি ধৰণৰ গণতান্ত্ৰিক দেশত বাস কৰিছোঁ যত শাসক আৰু শাসিতৰ মাজত ব্যৱধান, যত জনসাধাৰণৰ নিৰপত্তাৰ বিষয়টোৱে কোনো গুৰুত্ব নাপায়, যত উঠি অহা নতুন প্ৰজন্মই গণৰাজ্য দিৱস, স্বাধীনতা দিৱস আহিলে পতাকাৰ তলত মুকলি মনেৰে আনন্দ কৰাৰ সুবিধা নাপায় ৷ যোৱাটো বৰ্ষলৈকে এনে এক পৰিস্থিতি আছিল যত গণৰাজ্য দিৱস, স্বাধীনতা দিৱস আদি কাৰ্য্যসূচী বোৰ আহিলেই ৰাজ্যখনত এক গোমা পৰিবেশৰ সৃষ্টি হয়৷
হেজাৰ হেজাৰ ভাৰতীয়ৰ অক্লান্ত শ্ৰম, ত্যাগ, ধৈৰ্য্য আৰু টোপাল টোপাল তপ্ত তেজৰ বিনিময়ত দেশে স্বাধীনতা লাভ কৰাৰ এই মহান দিনটোত, গণতান্ত্ৰিক গণৰাজ্য হিচাপে, প্ৰতিষ্ঠা লাভ কৰা এই পবিত্ৰ দিনসমূহত কোন মতেনো বাৰু বিপৰীতধৰ্মী কাম কাজ কৰিবলৈ আগবাঢ়ি যায? এনে কাৰ্য্যৰ দ্বাৰা গণতন্ত্ৰৰ মৰ্য্যাদাক উপলুঙা কৰা হয়৷ আমাৰ ৰাজ্যখনৰ তিনি/ চাৰিটা দশকৰ পৰিস্থিতি পৰিৱেশ বিশ্লেষন কৰি চালে স্বাধীনতা, গণতন্ত্ৰ আদিৰ দৰে মহত্বপূৰ্ণ শব্দ সমূহো বৰ্তমান সময়ত মূল্যহীন হৈ পৰা যেন লাগে৷ এখন গণতান্ত্ৰিক ৰাজ্যত জনসাধাৰণৰ মাজত শান্তি আৰু নিৰাপত্তা থাকিব লাগে৷ জীৱনৰ শংকা আৰু ভয় নোহোৱাকৈ নিজৰ ৰাষ্ট্ৰ আৰু ৰাজ্যৰ ভিতৰত মুকলি মূৰীয়াকৈ ঘূৰি ফুৰাৰ অধিকাৰ থাকিব লাগে৷ দেশ আৰু ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত মাত মতাৰ অধিকাৰ, স্বাধীন গণতান্ত্ৰিক দেশৰ নাগৰিকৰ থাকিব লাগে৷ কিন্তু আমাৰ ৰাজ্যত আমি কি দেখিবলৈ পাইছোঁ৷ সচাঁ অৰ্থত মানুহৰ নিৰাপত্তাৰ দিশটোৰ শোচনীয় অৱস্থা৷ দিনদুপৰতে ৰাজপথত গুলীয়াই মানুহ হত্যা কৰা হয়, বেংক ডকাইটি, লুণ্ঠন, অপহৰণৰ ঘটনাবোৰ দিনক দিনে ভয়াবহ হাৰত বৃদ্ধি পাবলৈ লৈছে৷ মহিলা, যুৱতী, কিশোৰী নিৰ্যাটনৰ ঘটনা সমূহ ভয়াবহ হাৰত বৃদ্ধি পাবলৈ লৈছে৷ দিন দুপৰতে কিশোৰী, যুৱতী অপহৰণৰ ঘটনা বৃদ্ধি পাবলৈ লৈছে, ধৰ্ষণ/বলাৎকাৰৰ ঘটনা ৰাজ্যত ইমান বৃদ্ধি পাবলৈ লৈছে অথচ এই ঘটনাৰ ভুক্তভোগীক উপযুক্ত ন্যায় প্ৰদান কৰিবলৈ, ধৰ্ষণৰ লগত জড়িত অপৰাধীসকলক শাস্তি প্ৰদান কৰাৰ উদ্দেশ্যে আজি পৰ্য্যন্ত ধৰ্ষণৰ বিৰুদ্ধ যুঁজিবলৈ এখন শক্তিশালী আইন বলৱৎ হোৱা নাই৷ মুঠতে গণতান্ত্ৰিক গণৰাজ্য এখনৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটোৱে হৈছে সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰা৷ ইয়াত যিকোনো এটা লোমহৰ্ষক ঘটনা সংঘটিত হ’লেও বিচাৰ প্ৰক্ৰিয়াৰ মাজেদি গৈ সেই ঘটনাৰ ৰায়দান হ’বলৈ বহুযুগ সময় লাগে৷ এতিয়াও ১৫/১৬ বছৰ পুৰণি লোমহৰ্ষক হত্যাকাণ্ড বলাৎকাৰৰ কেছ আদালতত চলি আছে৷ আইনী ব্যৱস্থাৰ এনে সোপঢ়িলা স্বৰূপৰ বাবে বেছিভাগ ক্ষেত্ৰতে ভুক্তভোগীয়ে কোনো ন্যায় নাপায় আৰু অপৰাধীয়ে কোনো শাস্তি নাপায়৷ এয়াই হৈছে আমাৰ ৰাজ্যত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ আৰু সেইবাবেই সৰ্বসাধাৰণ ৰাইজৰ এই ব্যৱস্থাৰ প্ৰতি আস্থা একেবাৰে কমি গৈছে৷ সেইবাবেই বিগত বহুবছৰ ধৰি সেয়েহে আমাৰ ৰাজ্যত পিতৃ-মাতৃ / অভিভাৱক সকলে স্কুল/কলেজত পঢ়ি থকা নিজৰ সন্তান সকলক এই দিৱসসমূহৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব দিবলৈ ভয় কৰা হ’ল৷ সেয়েহে আজিৰ প্ৰজন্মৰ ল’ৰা ছোৱালীয়ে স্বাধীনতা দিৱস, গণৰাজ্য দিৱসৰ কাৰ্য্যসূচীত মুকলি আকাশৰ তলত ঠিয় হৈ পতাকা উত্তোলনৰ কাৰ্য্যসূচীত ভাগ ল’ব পৰা নাই, জণগণমন ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সেই মাদকতা আৰু পবিত্ৰ উপলব্ধি তেওঁলোকে লাভ কৰা নাই৷ একেলগে শাৰীপাতি ঠিয় হৈ বুটমগু খোৱাৰ আনন্দ, কথাছবি গৃহত বহি কথাছবি চোৱাৰ আনন্দ লাভ কৰা নাই৷ আমাৰ ৰাজ্যৰ পৰিৱেশ, পৰিস্থিতিয়েই এনে এক বাতাৱৰণ সৃষ্টি কৰিছে৷ এইখন এখন গণতান্ত্ৰিক ৰাজ্য য’ত অন্যায়, অনীতি, দূৰ্নীতি দেখিও মানুহে মুকলিকৈ প্ৰকাশ কৰাৰ কোনো স্বাধীনতা বা অধিকাৰ নাই৷ এইখন ৰাজ্যত চকুৰ সমুখত কিবা এটা অন্যায় হৈ থকা দেখিলেও কোনো প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰি৷ যিগৰাকী ব্যক্তিয়ে এনেবোৰ কাৰ্য্যৰ বিৰোধিতা অথবা প্ৰতিবাদ কৰে তেওঁৰ ওপৰত অন্যায় সাব্যস্ত কৰা হয়৷ জীৱনৰ প্ৰতি ভাবুকি প্ৰদান কৰা হয়৷ এইখন ৰাজ্যতেই নিৰ্ভীকতাৰে সেৱা আগবঢ়াই ৰাইজৰ সুখ দুখৰ লগতে একাত্ম হ’বলৈ চেষ্টা কৰা ২৪ গৰাকী সাংবাদিকক অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল কেইটামান বছৰ আগতে৷ অথচ তেওঁলোকৰ পৰিয়ালে আজিলৈ লাভ কৰা নাই কোনো ন্যায়৷ এখন গণতান্ত্ৰিক ৰাজ্যত বস্তু-বাহানিৰ যি জুঁই ছাই দাম ইয়াত সৰ্বসাধাৰণ লোকৰ পেট ভৰাই ভাত এসাজ খাবলৈ চিন্তা কৰা হৈছে৷ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু জীৱনদায়ীনী ঔষধৰ ভয়াবহ মূল্যবৃদ্ধিয়ে মানুহক চিন্তিত কৰি তুলিছে৷
গতিকে গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰচলন থকা এখন ৰাজ্যত গণতন্ত্ৰ শব্দৰ স্বকীয়তা বজাই ৰাখিবলৈ ৰাইজৰ ইচ্ছা আৰু প্ৰয়োজনক প্ৰথম প্ৰাধান্যতা আৰু অগ্ৰাধিকাৰ দিব লাগে৷ সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰা এই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰধান লক্ষ্য হোৱা উচিত৷ যদিহে ৰাইজৰ চলাফুৰাত নিৰাপত্তা নাথাকে, কথা বতৰা কোৱাত স্বাধীনতা নাথাকে তেন্তে তেওঁলোকে ৰাজ্যৰ প্ৰতি নিজৰ দায়বদ্ধতা কিদৰে পালন কৰিব৷ আমাৰ ৰাজ্যৰ শাসক শাসিতৰ মাজৰ ব্যৱধান কমাই আনি জনসাধাৰণক ৰাইজৰ কাষ চপাই আনিব লাগে৷ জনসাধাৰণৰ অভাৱ অভিযোগ, সমস্যা আদিৰ বিষয়ে মুকলিকৈ আলোচনা কৰিব পাৰিলেহে জনসাধাৰণৰ উন্নয়নৰ বাবে সুপৰিকল্পিত চিন্তা কৰিব পাৰিব৷ বিকাশ আৰু উন্নয়নৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব পাৰিব৷ আমি আশা কৰিম আমাৰ ৰাজ্যখনলৈ এনে সুদিন সোনকালে উভতি আহক যত শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যক্তিয়ে হাঁহি আৰু আনন্দৰে এক সুৰক্ষিত পৰিৱেশত গণৰাজ্য দিৱসৰ কাৰ্য্যসূচীত ভাগ লব পাৰিব৷