গণিত বিষয় সাহিত্যৰ ৰসেৰে ৰসাল হৈ পৰে যেতিয়া- ফখৰুদ্দিন আহমেদ

p.c.- Firstcry Parenting

গণিত বিষয় সাহিত্যৰ ৰসেৰে ৰসাল হৈ পৰে যেতিয়া

ফখৰুদ্দিন আহমেদ

দৰং জিলাত থকা ননৈ নদীৰ পশ্চিম দিশত প্ৰায় ওচৰতে অসমৰ সাহিত্য জগতৰ “বিদ্ৰোহী পাঠান কবি ” ৰূপে খ্যাত এম্ ইব্ৰাহীম আলীৰ আপোন গাঁওখনি , নাম শিঙিমাৰী। এই শিঙিমাৰী গাঁৱৰ পশ্চিম প্ৰান্তত বৰ নদীৰ দুয়োপাৰ দুমুনিচকী নামেৰেই খ্যাত। বৰ নদীৰ পুব পাৰ দুমুনিচকী ,দৰং আৰু পশ্চিম পাৰ দুমুনিচকী , কামৰূপ বুলি পৰিচিত । দৰং জিলাৰ অন্তৰ্গত দুমুনিচকীৰ উত্তৰ চুবাত বিশ্ব বিশ্ৰুত গনিতজ্ঞ ডঃ মতিউৰ ৰহমানৰ পিতৃ পুৰুষৰ বাসভুমি। ইয়াতেই এটি দৰিদ্ৰ পৰিয়ালত ডঃ মতিউৰ ৰহমানৰ জন্ম হৈছিল। বিধাতাৰ বিধি মতে ডঃ মতিউৰ ৰহমান মাকৰ গৰ্ভস্থ হৈ থকা অবস্থাতেই দেউতাকৰ মৃত্যু হৈছিল। বিধবা মাকৰ লগত দাৰিদ্ৰতাৰ সৈতে যুঁজি দুমুনিচকী (কামৰূপ) ত প্ৰতিষ্ঠিত দুমুনিচকী হাই স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত গণিত বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ ৯৯ নম্বৰ পাই সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ ডঃ মতিউৰ ৰহমান সমৰ্থ হৈছিল। ডঃ মতিউৰ ৰহমানৰ বাবে গণিত হৈ পৰিছিল জীৱন আৰু আত্মা সদৃশ।এই গণিতেই তেখেতক আমেৰিকালৈ লৈ গৈছিল। এই গণিতেই তেখেতক “বিশ্ব গণিতজ্ঞ সংস্থা” ৰ সৰ্বোচ্চ পদবী সভাপতি পদত আসীন কৰাইছিল। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , সাহিত্য অকাডেমী বটাঁ প্ৰাপক , অসমৰ বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাৰ এগৰাকী কীৰ্তিমান পুত্ৰই ডঃ মতিউৰ ৰহমানৰ তত্বাৱধানত গৱেষণা কৰি সন্মানীয় পি এইচ্ ডি অৰ্হতা লাভ কৰিছিল। সেই সুত্ৰে ডঃ লক্ষ্মীনন্দন বৰাৰ পৰিয়ালৰ লগতো ডঃ মতিউৰ ৰহমানৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিছিল। সু সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাই ডঃ মতিউৰ ৰহমানৰ সম্পৰ্কত তিনি দিনীয়া অগ্ৰদূত কাকতত ” এগৰাকী গণিতজ্ঞৰ কথাৰে ” শীৰ্ষক এটি বহুমূলীয়া নিবন্ধ লিখিছিল। সেই নিবন্ধটিত তেখেতে গণিতজ্ঞ ডঃ মতিউৰ ৰহমানৰ দুমুনিচকী হাই স্কুলৰ পৰা আমেৰিকাৰ ডেলহাউচি বিশ্ববিদ্যালয়লৈ জীৱন পৰিক্ৰমাৰ বিষয়ে উল্লেখ কৰাৰ পিছত মন্তব্য কৰিছিল যে যদিহে গণিত শাস্ত্ৰত নবেল বটাঁ দিয়া হ’লহেতেন তেনেহ’লে দুমুনিচকীৰ ডঃ মতিউৰ ৰহমানেও নিশ্চিত ভাবে গণিত শাস্ত্ৰত নবেল বটাঁ লাভ কৰিলেহেতেন। ওপৰোল্লেখিত কথাখিনি অবতাৰণা কৰাৰ মূল কৰণ হ’ল হাই স্কুলীয়া জীৱনত কিছুমান শিক্ষাৰ্থীয়ে বিশেষকৈ গণিত , ইংৰাজী আৰু বিজ্ঞান বিষয়ৰ প্ৰতি দুৰ্বলতা প্ৰদৰ্শন কৰে। এই দুৰ্বলতা শিক্ষাৰ্থী বিলাকৰ ভবিষ্যত জীৱনৰ বাবে মৰাত্মক হৈ উঠে । এনে সমস্যা বিলাকে শিক্ষাৰ্থী সকলক বহু বেছিকৈ দুৰ্বল অনুভব কৰাই বিষয় শিক্ষক গৰাকীৰ শিক্ষাৰ্থী সকলৰ মানসিকতাক অনুধাৱন নকৰাৰ দিশটোৱে। ময়ো ব্যক্তিগত ভাবে গণিত বিষয়ত বহু দুৰ্বল আছিলো নৱম শ্ৰেণীৰ মাজভাগলৈ। সেয়া বিগত ইং ১৯৮৬ বৰ্ষৰ কথা। উক্ত বৰ্ষটিতেই মই অধ্যয়ন কৰি থকা শিক্ষানুষ্ঠান তদানিন্তন সানোৱা হাই মাদ্ৰাছাত এগৰাকী গণিত বিষয়ৰ শিক্ষকে যোগদান কৰিছিলহি। তেখেতৰ নাম আছিল নুৰুল হক। তেখেতে আমাৰ শ্ৰেণীত গণিত শিকাবলৈ গ’লে প্ৰায়েই এটি কাম কৰিছিল । সেইটো আছিল অনুশীলনৰ যিটো অংক পঢ়ুৱাব লাগে সেই অংকটো পঢ়িছিল আৰু কৈছিল যে সেই অংকটো অমুক শাৰীত শেষ হ’ব মানে উত্তৰ ওলাব। উল্লেখ কৰা শাৰীত উত্তৰ নোলালে তেখেতে অংটো পূণৰ প্ৰথমৰ পৰা কৰিছিল। আমাৰ শিক্ষাৰ্থী সকলৰ কাৰণে সেই প্ৰক্ৰিয়াটো উৎকণ্ঠাৰে ভৰা আছিল। কাৰণ তেখেতে কোৱা শাৰীটোত উত্তৰ ওলাব নে নোলায়। পিছে তেখেতে যে ঘৰত সেই অংকবোৰ কৰি আহিহে আমাক নিৰ্দিষ্ট শাৰীটোৰ কথা কৈছিল সেয়া আমি মেট্ৰিক পাছ কৰাৰ বহু বছৰ পিছতহে উপলব্ধি কৰিছিলো।তেখেতৰ এই প্ৰক্ৰিয়া অাৰু কথন ভংগীয়ে গণিতৰ শ্ৰেণীটোক অনন্য মাত্ৰা প্ৰদান কৰি বিষয়টো সাহিত্যৰ ৰসাল পৰ্যায়লৈ লৈ গৈছিল। তেখেতে অনুশীলন কৰি অনাৰ ওপৰত গুৰুত্ব প্ৰদান নকৰি অনুশীলন শিক্ষাৰ্থী সকলৰ পৰা আদায় কৰি আনিবলৈ লোৱা পন্থাটো বৰ আমোদজনক আছিল।গণিতৰ শ্ৰেণীত তেখেতে প্ৰায়েই কৈছিল যে ঘৰত এদিন গণিতৰ অনুশীলন নকৰিলে শিক্ষাৰ্থী গৰাকীয়ে এক মাহত শিকা গণিতৰ সকলো অংক পাহৰি যাব আৰু এক সপ্তাহ নকৰিলে গণিতৰ শিকা সকলো দিশ পাহৰি যাব। অৱশ্যে এই বাক্যটিৰ কাৰণেই আমি নিয়মীয়া ভাবে অনুশীলনীৰ অংকবোৰ কৰি নি তেখেতক দেখুৱাইছিলো। ফলাফল স্বৰূপে মেট্ৰিক পৰীক্ষাত গণিত বিষয়ত ৮০ নম্বৰ নাপালেও ৬০ নম্বৰৰ ওপৰত পাবলৈ সক্ষম হৈছিলো। বিগত ইং ১৯৮৬ বৰ্ষৰ পৰা সাম্প্ৰতিক সময়লৈ শ্ৰদ্ধাৰ নুৰুল হকে বিদ্যালয়খনিত শিক্ষকতা কৰি আছে। সময়ৰ সোঁতত উক্ত বিদ্যালয়খনি উচ্চতৰ মাধ্যমিক পৰ্যায় পালে আৰু শ্ৰদ্ধাৰ নুৰুল হকেও অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিলে ।গণিত বিষয়ত ” সানোৱাৰ ডঃ মতিউৰ ৰহমান ” হিচাপে খ্যাত সানোৱা হাই মাদ্ৰাছৰ সহকাৰী শিক্ষক প্ৰয়াত মাইনুদ্দিন আহমেদ উল্লেখিত শ্ৰদ্ধাৰ নুৰুল হকৰেই সৃষ্টি।শিক্ষাৰ্থী সকলৰ পেটৰ নাড়ী ডাল ডাল কৰি হাস্য ৰসৰ সৃষ্টিৰে গণিতৰ পাঠদান কৰাৰ পাৰদৰ্শিতা আহৰণ কৰা গণিতৰ শিক্ষক মাইনুদ্দিন আহমেদৰ অকাল মৃত্যু কেৱল সানোৱাৰেই নহয় সমগ্ৰ দক্ষিন-পশ্চিম ছিপাঝাৰৰ বাবেই অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈ থাকিব। শিক্ষা দান আৰু শিক্ষা গ্ৰহণ কাৰ্যৰ সফলতা নিৰ্ভৰ কৰে ঘাইকৈ বিষয় শিক্ষক গৰাকীয়ে শিক্ষাৰ্থী সকলক নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিছে নে নাই তাৰ ওপৰত। তাতে যদি বিষয়টি গণিত বা ইংৰাজী নাইবা বিজ্ঞান হয় তেতিয়া হ’লে বিষয় শিক্ষক গৰাকীৰ দায়বদ্ধতা বহু বেছি ওপৰত। ঘৰুৱা শিক্ষকৰ পাঠ দান ব্যবস্থাই এই দায়বদ্ধতাক যেন কিছু পৰিমাণে হ’লেও অবজ্ঞাৰ পৰ্যায়লৈ লৈ গৈছে। অৱশ্যে সাম্প্ৰতিক সময়ত ঘৰুৱা শিক্ষকৰ দ্বাৰা পাঠ দান কৰোৱাটো শিক্ষাৰ্থীৰ অভিভাৱক সকলৰ বাবেও এক প্ৰকাৰ ‘ফেশ্বন’ৰ দৰে হৈ পৰিছে। কিয়নো সাম্প্ৰতিক সময়ৰ ঘৰুৱা শিক্ষকৰ পাঠ দানৰ দৰে ব্যবস্থা থাকিলে নিশ্চয় ডঃ মতিউৰ ৰহমানৰ দৰে গণিতজ্ঞ কৰবাত পৰি থাকিল গৈ হৈ নেকি? ডঃ মতিউৰ ৰহমানৰ দৰে দৰিদ্ৰ পৰিয়ালৰ পৰা বিশ্ব খ্যাত গণিতজ্ঞ গৰাকীৰ উৎপাদনৰ ক্ষেত্ৰত তেখেতৰ গণিত বিষয়ত পাৰদৰ্শিতাৰ লগতে বিভিন্ন শ্ৰেণীত তেখেতক গণিত শিকোৱা গণিতৰ শিক্ষক সকলৰো কম দায়বদ্ধতা নাছিল?

মোবাইল নং-৮৬৩৮৩১২৭০৭