” গণতন্ত্ৰ দিৱস”- হিমাদ্রী বৰকটকী

p.c.- Times Of India

” গণতন্ত্ৰ দিৱস”

২৬ জানুৱাৰী দিনটো আমাৰ দেশৰ বাবে এক গুৰুত্বপূৰ্ণ দিন । কাৰণ এই দিনটোক প্ৰতিবছৰে আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি আহিছোঁ।
১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ দেশ স্বাধীন হৈছিল। পৰৱৰ্তী সময়ত , ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ ৰাতিপুৱা ১০ বাজি ১৮ মিনিটত আগৰ ভাৰত চৰকাৰৰ অধিনিয়ম আইন আঁতৰাই ভাৰতীয় সংবিধান প্ৰণয়ন কৰা হয় আৰু তেতিয়াৰ পৰাই ভাৰতবৰ্ষ এক গণতান্ত্ৰিক দেশ হিচাপে স্বীকৃতি লাভ কৰে। তেতিয়াৰ পৰাই ভাৰতবৰ্ষত সংবিধান খন কাৰ্য্যকৰী হয় । ভাৰতৰ সংবিধানখনেই হৈছে ভাৰতৰ সৰ্বোচ্চ আইন । এই সংবিধান খনেই হৈছে বিশ্বৰ আটাইটকৈ দীঘল সংবিধান । এই সংবিধানৰ খচৰা কমিটিৰ সভাপতি আছিল Dr.Bhimrao Ambedkar। গণৰাজ্য দিৱসৰ দিনা ভাৰতৰ ৰাজধানী নতুনদিল্লীত স্থলসেনা , বায়ুসেনা , আৰু নৌসেনাৰ দ্বাৰা পেৰেড প্ৰদৰ্শন কৰা হয় । গণতন্ত্ৰ দিৱসৰ দিনা প্ৰতিখন স্কুল , কলেজত পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয় আৰু চৰকাৰী , বেচৰকাৰী কাৰ্যালয়তো পতাকা উত্তোলন কৰা হয়। লগতে বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয়। গতিকে ২৬ জানুৱাৰী দিনটো আমাৰ কাৰণে এক গুৰুত্বপূৰ্ণ দিন ।

হিমাদ্রী বৰকটকী
শিৱনগৰ , ২ নং উপপথ
নগাঁও