খোৱা তেলৰ মূল্য হ্রাস কৰাৰ উদ্দেশ্যে উচিত আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেল উৎপাদানকাৰী ৰাজ্যসমূহলৈ আহ্বান

pc fcsca.assam.gov.in

খোৱা তেলৰ মূল্য হ্রাস কৰাৰ উদ্দেশ্যে উচিত আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেল উৎপাদানকাৰী ৰাজ্যসমূহলৈ আহ্বান

ৰঙিলী বাৰ্ত্তাসেৱা – উপভোক্তাসকলক প্রতি কিলোগ্রাম খোৱাতেলত ১৫ৰ পৰা ২০ টকা পর্যন্ত সকাহ প্ৰদান কৰাৰ উদ্দেশ্যে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে তেল উৎপাদনকাৰী ৰাজ্যসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে। কেন্দ্ৰৰ তৰফৰ পৰা ৰাজস্থান, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে খোৱা তেলৰ মূল্য হ্রাস কৰাৰ উদ্দেশ্যে উচিত আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেল উৎপাদানকাৰী ৰাজ্যসমূহলৈ আহ্বান জনাইছে। কেন্দ্ৰই আমদানি শুল্ক হ্ৰাসৰ উপকাৰ গ্ৰাহকসকলে লাভ কৰাটো নিশ্চিত কৰিবলৈ ৰাজ্যসমূহক কৈছে যাতে তেওঁলোকে উৎসৱৰ এই বতৰত খোৱাতেলৰ বৰ্ধিত মূল্যৰ পৰা সকাহ লাভ কৰিব পাৰে।