খেলৰত্ন বঁটা লাভ কৰা লাভলীনা বৰগোহাঁইক অসম অলিম্পিক সন্থাৰ অভিনন্দন

pc- NDTV.sports

খেলৰত্ন বঁটা লাভ কৰা লাভলীনা বৰগোহাঁইক অসম অলিম্পিক সন্থাৰ অভিনন্দন

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন-২০২১ বঁটা লাভ কৰাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁই।টকিঅ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰক অনন্য মাত্ৰা প্ৰদান কৰা লাভলীনাই হ’ব এই সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ।বক্সাৰগৰাকীয়ে এই মাইলৰ খুটি স্থাপন কৰাৰ বাবে অসম অলিম্পিক সন্থাই অভিনন্দন জনাইছে। সন্থাৰ সভাপতি তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে লাভলীনাক শুভেচ্ছা জনোৱাৰ লগতে উজ্জল ভৱিষ্যত কামনা কৰিছে। উল্লেখ্য, মঙলবাৰে, দেশৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ে লাভলীনা বৰগোহাঁই, নীৰজ চোপ্ৰা, সুনীল চেত্ৰী সহ মুঠ ১২ গৰাকী খেলুৱৈয়ে খেলৰত্ন বঁটা লাভ কৰাৰ কথা ঘোষণা কৰে। ১৩ নৱেম্বৰত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে লাভলীনাৰ লগতে আন খেলুৱৈসকলক বঁটা প্ৰদান কৰিব।