খাৰঘুলিৰ জলবিস্ফোৰণস্থলীত উপস্থিত মন্ত্রী যোগেন মোহন

খাৰঘুলিৰ জলবিস্ফোৰণস্থলীত উপস্থিত মন্ত্রী যোগেন মোহন

ৰঙিলী বাৰ্ত্তাসেৱা-  খাৰঘুলিৰ জলবিস্ফোৰণস্থলীত উপস্থিত দুৰ্যোগ প্রশমন বিভাগৰ মন্ত্রী যোগেন মোহন।  মন্ত্ৰীগৰাকী ভুক্তভোগীসকলৰ কাষত থিয় হয়। ঘটনাস্থলীত উপস্থিত হৈয়েই তেওঁ ঘোষণা কৰে কেতবোৰ সাহাৰ্য। জলবিস্ফোৰণৰ ফলত নিহতসকলৰ আত্মীয়লৈ তৎকালীনভাৱে আগবঢ়োৱা হ’ব ২ লাখ টকাৰ আৰ্থিক সাহাৰ্য। আহতসকললৈ আগবঢ়োৱা হ’ব ১০ হাজাৰ টকা। আনহাতে মন্ত্ৰীগৰাকীয়ে ঘোষণ কৰে যে,জলবিস্ফোৰণৰ ফলত ক্ষতিগ্রস্ত লোকসকলক সকলো ধৰণৰ সহায় কৰা হ’ব। লগতে ক্ষতিগ্ৰস্থ লোকসকলৰ বাবে খোৱা-বোৱাৰ সকলো ব্যৱস্থা বিনামূলীয়াকৈ প্রদান কৰা হ’ব।