খানাপাৰত ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি সমাৰোহ

Pc Northeast Now

খানাপাৰত ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি সমাৰোহ

ৰঙিলী বাৰ্ত্তাসেৱা-  খানাপাৰত ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি সমাৰোহ। ২১টা বিভাগত ১১,২০২গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। নিযুক্তি পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে প্ৰদান কৰা হ’ব এই নিযুক্তিপত্ৰ। নিযুক্তি পত্ৰ প্ৰদান কৰিবলগীয়া পদসমূহ হ’ল – গৃহ আৰু ৰাজনৈতিক বিভাগত ৫,৩৩৫গৰাকী প্ৰাৰ্থী, উচ্চ আৰু কাৰিকৰী শিক্ষাত ৯২৭গৰাকী প্ৰাৰ্থী, বিদ্যালয় শিক্ষাত ৩,৮১১গৰাকী প্ৰাৰ্থী, উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠানত এগৰাকী প্ৰাৰ্থী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ২৯৯ গৰাকী, লোক নিৰ্মাণ বিভাগত ৩০৪গৰাকী, পৰ্যটন বিভাগত ৬ গৰাকী, জলসিঞ্চন বিভাগত ১৩৭গৰাকী।লগতে পৰিৱেশ আৰু বন বিভাগত নিযুক্তি পাব ৩৩গৰাকীয়ে। পৰিবহণ বিভাগত ৩গৰাকীয়ে লাভ কৰিব নিযুক্তি পত্ৰ। গৃহ আৰু নগৰ পৰিক্ৰমাত এগৰাকীয়ে লাভ কৰিব নিযুক্তি পত্ৰ। মহিলা আৰু শিশু উন্নয়নত ৪গৰাকীয়ে পাব নিযুক্তি, জলসম্পদ বিভাগত নিযুক্তি পাব ৩গৰাকীয়ে, জনস্বাস্থ্য কাৰিকৰী বিভাগত ৪গৰাকীলৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি, ক্ৰীড়া আৰু যুৱ কল্যাণত ১৩ গৰাকী, হস্ততাঁত আৰু বস্ত্ৰ শিল্পত ৬গৰাকী, ৰূপান্তৰ আৰু উন্নয়ন বিভাগত ১১গৰাকী, সমবায় বিভাগত দুগৰাকী, দক্ষতা, নিয়োগ আৰু উদ্যোগীকৰণত ২৪গৰাকী আৰু তথ্য আৰু জনসংযোগত নিযুক্তি লাভ কৰিব এজন প্ৰাৰ্থীয়ে।পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব বৃহৎ নিযুক্তি সমাৰোহ।