খাদ্যাভ্যাস আৰু সাম্প্ৰদায়িকতা – ফখৰুদ্দিন আহমেদ

খাদ্যাভ্যাস আৰু সাম্প্ৰদায়িকতা

ফখৰুদ্দিন আহমেদ

প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা দিনবোৰত দূৰ্গা পুজাৰ সময়ত পুজা মন্ডপবোৰক কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা মেলা বোৰলৈ যিকোনো উপায়েৰে যোৱা কথাবোৰ এতিয়া নষ্টাজিয়া সদৃশ হৈ পৰিছে। ঘৰৰ মানুহে গম নোপোৱাকৈ পঞ্চাশ পইছা নাইবা এটকা লৈ গৈ সেই মেলাবোৰত হাঁহৰ নাড়ী আৰু জাপানী সান্দহ কিনি খোৱাৰ স্মৃতিয়ে এতিয়াও আমাক বৰকৈ ৰোমাঞ্চিত কৰি তোলে। আমাৰ গাঁৱৰ পৰা পুব দিশত থকা গৰুখুটী পুজা খলালৈ প্ৰায় তিনি কিলো মিটাৰ আৰু উত্তৰ দিশত থকা খান্দাজান পুজা খলালৈ প্ৰায় চাৰে চাৰি কিলোমিটাৰ। ঘৰৰ মানুহৰ আপত্তি পুজা খলালৈ যোৱাত নাছিল , আপত্তি আছিল খোজ কাঢ়ি পুজা খলালৈ যোৱাতহে। মা দেউতাক নজনোৱাকৈ যোৱাৰ বাবে পিটন খোৱাও মনত আছে। সেই বয়সত আমাৰ বাবে জিলেপি আছিল হাঁহৰ নাড়ী আৰু জাপানী সান্দহ আছিল চিৰা। ঘৰতো কেতিয়াবা কেতিয়াবা সময় সুবিধা অনুযায়ী জিলেপি আৰু চিৰা খাইছিলো যদিও দূৰ্গা পুজাৰ খলালৈ গৈ জিলেপি আৰু চিৰা কিনি খোৱাৰ মাদকতাই আছিল অনন্য।সেই মাদকতাৰ কাৰন আছিল জাতি , ধৰ্ম নিৰ্বিশেষে আঞ্চলিক ভিত্তিত থকা সম্প্ৰীতিৰ এনাজৰী আৰু অন্তৰৰ সৌহাদ্যপূৰ্ন সম্পৰ্ক।
ওপৰোক্ত অতীতবোৰে মাজে সময়ে আমাক খুলি খুলি খাবলৈ বিচাৰে। বিশেষকৈ ৰাজনৈতিক কূটিল চাকনৈয়াত পৰি সম্প্ৰীতি আৰু সৌহাদ্যপূৰ্ন সম্পৰ্কবোৰ নাশ হোৱাৰ উপক্ৰম হৈছে।
ধৰ্ম আৰু সম্প্ৰদায় ভেদে খাদ্যাভ্যাস অমিল হোৱাটো স্বাভাবিক। খাদ্যাভ্যাসৰ লগত ভৌগোলিক পৰিবেশৰ যিমান সম্পৰ্ক আছে , ধৰ্মৰ লগত সিমান দেখা পোৱা নাযায়।
ভাৰতৰ বিভিন্ন ৰাজ্যত বৰ্তমান সময়ত গো সুৰক্ষা বিধেয়ক অনুমোদন কৰি আইনত পৰিনত ইতিমধ্যে কৰিছে। তাৰে লগত সামঞ্জস্য ৰাখি অসম চৰকাৰেও বিধান সভাত গো সুৰক্ষা বিধেয়ক ,২০২১ গৃহীত কৰিলে আৰু অতি কম দিনৰ ভিতৰত এই বিধেয়ক খন আইনত পৰিনত হ’ব।
অসমত আন ধৰ্মাৱলম্বী সকলৰ লগতে মুছলমান সকলেও বসবাস কৰি আহিছে। এই বিধেয়ক খন আইনত পৰিনত হোৱাৰ লগে লগে মুছলমান সকল কিছু কিছু ক্ষেত্ৰত অসুবিধাত যে পৰিব সেয়া ধ্ৰুব সত্য। বিধেয়ক খনত যিবোৰ নীতি নিৰ্দেশনা অন্তৰ্ভুক্ত কৰা হৈছে সেইবোৰ মানি চলিলে কোনো মানুহেই বিপদত পৰিব নালাগে। সকলো মুছলমানে গো মাংস ভক্ষন কৰাত আগ্ৰহী নহয়। ইছলাম ধৰ্মটো গো মাংস ভক্ষনৰ লগত ধৰ্মীয় কাৰন জৰিত নহয়। গো মাংস ভক্ষন কৰিবই লাগিব তেতিয়াহে মুছলমান বুলি গন্য কৰা হ’ব এই লেখীয়া বিধি বিধান কোৰান আৰু হাদিছতো নাই । মাত্ৰ ইছলাম ধৰ্ম মতে গো মাংস ভক্ষন কৰাটোত বৈধতা আছে ।ভক্ষন নকৰিলে কোনো ধৰনৰ বাধ্য বাধকতা আহি নপৰে।
পৰিসংখ্যা মৰ্মে সদ্য মুহূৰ্তত অসমত এক কোটিৰ ওপৰত গৰু আছে। গৰু মানুহে কেৱল মাংসৰ কাৰনেই নোপোহে।গৰুৰ দ্বাৰা মানুহৰ উপাৰ্জনো হয়। গাখীৰ বিক্ৰী , গৰু বিক্ৰী লগতে আনৰ মাটিত হাল বোৱা ইত্যাদি উপাৰ্জনৰ লগত জৰিত প্ৰক্ৰিয়া । গ্ৰাম্যাঞ্চলত সাধাৰনতে গৰুৰ ব্যবসায়ত লিপ্ত খুচুৰা বেপাৰীবিলাকৰ চৰকাৰৰ তৰফৰ পৰা কোনো ধৰনৰ অনুজ্ঞা পত্ৰ নাথাকে। ‍গো মাংসৰ ব্যবসায়ী সকলৰ ভিতৰত কিছুমানৰহে অনুজ্ঞা পত্ৰ থাকিব পাৰে। এতিয়া এই বিধেয়ক খন মৰ্মে কোনো মানুহেই নিজৰ প্ৰয়োজনত গৰু বিক্ৰী কৰিব নোৱাৰিব কাৰন কিনোতা ব্যবসায়ীৰ অনুজ্ঞা পত্ৰ থাকিব লাগিব। নহ’লে বিকোতাও আইন মতে দন্ডনীয় হ’ব।
এই বিধেয়ক খনৰ ক্ষেত্ৰত ধৰ্মীয় ভাবে উদাৰ হিন্দু মুছলমান সকলৰ ক্ষেত্ৰত চিন্তা কৰিবলগা একো নাই। কিন্তু এচাম ধৰ্মীয় ভাবে উগ্ৰ হিন্দু মুছলমানে অসমৰ সমন্বয় আৰু সম্প্ৰীতিৰ ক্ষেত্ৰ খনিত আঘাত কৰিব পাৰে বুলি ভাবিবৰ থল নোহোৱা নহয়। কাৰন ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যত এনে বিধেয়ক আৰু আইনৰ সুযোগত ধৰ্মীয় ভাবে উগ্ৰতাৰ বলী হৈ ম’ব লিঞ্চিঙত বহু কেইগৰাকী মুছলমান লোকে প্ৰান আহুতি দিবলগা হৈছে।
অসমতো মুখ মেলিলেই ইছলাম ধৰ্ম আৰু মুছলমান সকলৰ প্ৰতি কটু আৰু ধৰ্মীয় বিদ্বেষ মূলক বাক্যবান নিক্ষেপ কৰা সত্যৰঞ্জন বৰাৰ দৰে ব্যক্তি আছে।ইছলাম ধৰ্মত গাহৰি মাংস ভক্ষন কৰা ধৰ্মীয় বিধি বিধান মতে সম্পুৰ্ন অবৈধ। অবৈধ জন্তু এটাক কোৰবানী কৰাৰ প্ৰসংগই আহিব নোৱাৰে। কিন্তু অসম বিধান সভাৰ মজিয়াত অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে গাহৰি কোৰবানী কৰিব নোৱাৰাৰ বাবেহে মুছলমান সকলে গাহৰি মাংস নাখাই আৰু ইছলাম ধৰ্মৰ মূল তত্বই হ’ল একেশ্বৰবাদ , য’ত পুজাৰ কোনো স্থান নাই তেনে ক্ষেত্ৰত মুছলমানে গাহৰিক পুজা কৰিলে হিন্দু মানুহক গাহৰিৰ মাংস খোৱাৰ পৰা বন্ধ কৰিলেহেতেন বুলি প্ৰসংগ উপস্থাপন কৰাটো কোনো কাৰনতে সমীচীন হোৱা নাই।
মূল কথা হ’ল গৰুক হিন্দু ধৰ্মৰ মানুহে গো মাতা হিচাপে পুজা কৰে , গতিকে মুছলমান বুলিয়েই নহয় আন সকলো ধৰ্নৰ মানুহে অসম চৰকাৰে গো সুৰক্ষা বিধেয়ক ২০২১ মৰ্মে গ্ৰহন কৰা বিধি বিধান মানি চলিব লাগিব। যাতে হিন্দু ধৰ্মৰ মানুহৰ ধৰ্মীয় অনুভূতিত আঘাত নালাগে। এখন ধৰ্ম নিৰপেক্ষ দেশৰ নাগৰিক হিচাপে স্বধৰ্ম পালনে যাতে আনৰ ধৰ্মত আঘাত নকৰে তাৰ বাবে সকলো ধৰ্মৰ মানুহে দৃষ্টি ৰখা একান্ত কৰ্তব্য আৰু দায়িত্ব।
লক্ষ্যনীয় এটি দিশ হৈছে গো মাংস ৰপ্তানী কৰাৰ ক্ষেত্ৰত বিগত ইং ২০১৭ বৰ্ষৰ পৰা ইং ২০১৯ বৰ্ষলৈ বিশ্বত ভাৰতবৰ্ষৰ স্থান আছিল দ্বিতীয় , প্ৰথম স্থানত আছিল ব্ৰাজিল। বিগত ইং ২০২০ আৰু ২০২১ বৰ্ষৰ বৰ্তমান সময়লৈ এই ক্ষেত্ৰত ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত তৃতীয় স্থানত আছে। প্ৰথম স্থানত ব্ৰাজিল আৰু দ্বিতীয় স্থানত ইউ এছ এ ।যিহেতু গো সুৰক্ষা বিধেয়ক তথা আইন সমূহৰ মূল তত্ব হৈছে হিন্দু ধৰ্মত গৰুক পুজা কৰা হয় সেয়ে গো মাংস ভক্ষন আৰু সৰবৰাহ অবৈধ ভাবে হ’ব নোৱাৰে । কিন্তু দৈনিক গো মাংস ৰপ্তানী কৰিবলৈ হত্যা কৰি থকা গৰু বোৰ এই বিধেয়ক বা আইনৰ আওতালৈ আহিব নে নাহে?
সাম্প্ৰতিক সময়ত অসমবাসীৰ দায়িত্ব আৰু কৰ্তব্য হ’ল বিধেয়ক খন গ্ৰহন কৰাৰ পিছত অসমৰ সমন্বয় আৰু সম্প্ৰীতি যাতে পূৰ্বতকৈ অধিক সদৃঢ় হয় আৰু অনাদি অনন্ত কাললৈ বুঢ়া লুইতৰ সোঁতৰ দৰে বৈ থাকে তাৰ ও।ৰত গুৰুত্ব আৰোপ কৰা ।গৰু যাতে আমাৰ অশান্তি আৰু অসুয়াৰ কাৰন হৈ নাথাকে।