কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিবস উদযাপন

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিবস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-   গুৱাহাটীৰ ছয়মাইলৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবদ্যালয়ৰ নাৰী অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত মঙলবাৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়৷ অধ্যক্ষা ড° শিখামণি কোঁৱৰে আদৰণি ভাষণত নাৰীসমাজৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে৷ তেওঁ মন্তব্য কৰে ভাৰতবৰ্ষৰ সংসদৰ নিম্ন সদন লোকসভা আৰু ৰাজ্যিক বিধান সভাত ৩৩% মহিলাৰ আসন সংৰক্ষণ বিধেয়ক ৰাজ্য সভাত গৃহিত হোৱাৰ পাছতো দীৰ্ঘ সময়লৈ লোক সভাই সেই প্ৰস্তাৱত সমৰ্থন নজনালে৷ গতিকে ভাৰতীয় মহিলাই সমস্যাবোৰৰ লগত যুঁজিয়েই আগুৱাই যাব লাগিব৷ ইয়াৰ পাছতে মহাবিদ্যালয়ৰ নাৰী অধ্যয়ন কেন্দ্ৰই প্ৰকাশ কৰা ‘দ্য উইক’ৰ পঞ্চম সংখ্যক গ্ৰন্থখনি উন্মোচন কৰা হয়৷ এই গ্ৰন্থখনিৰ বিষয়ে অধ্যাপিকা ড° তাছৰিনা হুছেইনে দুআষাৰ কয়৷ সভাত নিমন্ত্ৰিত বক্তা বি.বৰুৱা কলেজৰ শিক্ষা বিভাগৰ পৰা মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰা আৰু বৰ্তমান শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ অধ্যাপিকা ৰূপে কৰ্মৰত ড°জ্যোতিৰানী বৰাই মন্তব্য কৰে ভাৰতীয় নাৰীৰ শক্তি অসীম যদিও দেশৰ বিভিন্ন ঠাইত  নাৰীসকলে নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছে৷সভাত ছয়মাইলৰ মেট্ৰপলিটান ছোৱালী হাইস্কুল পৰিচালনা সমিতিৰ  সভাপতি আব্দুল মজিদ, সম্পাদিকা অঞ্জনা দাস আৰু প্ৰধান শিক্ষয়ত্ৰী মহছিনা হাছিন উপস্থিত থাকে৷ ছাত্ৰী ছয়নিকা কুমাৰীয়ে ড° ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত পৰিৱেশন কৰে৷ ছাত্ৰী অনামিকা কলিতা আৰু তেওঁৰ দলে এটি নৃত্য প্ৰদৰ্শন কৰাৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এখন নাৰীৰ সমস্যাকেন্দ্ৰীক বাটৰ নাট পৰিৱেশন কৰে৷ অধ্যাপিকা ড° কাশ্মিৰী গগৈ বৰুৱাই সভাত স্ব-ৰচিত কবিতা পাঠ কৰে৷ সভাত  কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ পৰা ৫২ বছৰ বয়সত স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰী ভাগ্যশ্ৰী  শৰ্মাক সম্বৰ্ধনা জনায়৷  অধ্যাপিকা ড° মৰমী চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় উপাধ্যক্ষা ড° মৌচুমী বৰদলৈ হাজৰিকাই৷