কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত আলোচনা চক্ৰ

pc india informaition retrieval system- worldorgs.com

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত আলোচনা চক্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ইণ্ডিয়ান কাউঞ্চিল অৱ হিষ্টৰীকেল ৰিচাৰ্চৰ উদ্যোগত ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ‘হিষ্টৰীঅ’গ্ৰাফি অৱ ফ্ৰিডম ষ্ট্ৰাগলঃনৰ্থ ইষ্ট ইন্দিয়া কনটেক্স’ শীৰ্ষক আলোচনা চক্ৰখনি  অনুষ্ঠিত হয়৷ সহকাৰী অধ্যাপিকা ইন্দ্ৰানী গগৈ পানী ফুকনে এটি দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰা অনুষ্ঠানত আদৰণি ভাষণৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা ড° শিখামণি কোঁৱৰে৷ উদ্বোধনী  অনুষ্ঠানটিত সভাপতিত্ব কৰে পদ্মশ্ৰী বঁটা প্ৰাপক,  গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° যোগেন ফুকনে ৷গভাৰ্নিং কাউঞ্চিল ইণ্ডিয়ান কাউঞ্চিল অৱ হিষ্টৰিকেল ৰিচাৰ্চৰ নতুন দিল্লীৰ সদস্য, অধ্যাপক অমৰজিভা লোচনে তেওঁৰ ভাষণত মন্তব্য কৰে যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস অসমৰ  স্বাধীনতা সংগ্ৰামৰ ইতিহাস অবিহনে সম্পূৰ্ণ নহয়৷ আলোচনা চক্ৰৰ মূল বক্তব্য প্ৰদান কৰা উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক অমৰেন্দ্ৰ  ঠাকুৰে মন্তব্য কৰে যে বুৰঞ্জীবিদসকলে   স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত বেঙ্গলৰ পাছত অসমক ঢুকিয়েই পোৱা নাছিল৷ তেওঁ কয় বৰ্তমান উত্তৰ পূব ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিষয়ে অধ্যয়ন কৰিবলৈ বহু লোক ওলাই অহাটো এক শুভ লক্ষণ৷অসম চৰকাৰৰ শিক্ষা উপদেষ্টা , অধ্যাপক ড° ননীগোপাল মহন্তই বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত আলোচনা চক্ৰৰ গৱেষণা পত্ৰৰ সাৰপত্ৰ উন্মোচন কৰাৰ লগতে অধ্যক্ষা ড° শিখামনি কোঁৱৰে সম্পাদনা কৰা ’সাহিত্য কাণ্ডাৰি পদ্মনাথ গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তীৰ সশ্ৰদ্ধ স্মৰণ’ গ্ৰন্থখন উন্মোচন কৰা হয়৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাই বৰুৱাই ভাষণ দিয়ে৷ অনুষ্ঠানত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলি উপস্থিত থাকি দুআষাৰ কয়৷ অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° অনুপ কুমাৰ ডেকাই৷সামৰণি অনুষ্ঠানত উপস্থিত থাকে অধ্যক্ষা ড° শিখামনি কোঁৱৰ,নেহুৰ অধ্যাপক অমৰেন্দ্ৰ কুমাৰ ঠাকুৰ, নগাঁৱৰ খাগৰিজান কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° সাগৰ বৰুৱা,কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ৰিতু থাউচেন, মঙ্গলদৈ কলেজৰ  অধ্যাপিকা সংগীতা গগৈ, মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী , কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকল৷