কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ উমাচৰণ বণিয়া লাইব্ৰেৰী এণ্ড এডুকেচন চেণ্টাৰত গ্ৰন্থমেলাৰ আয়োজন

Pc- The sentinel Assam

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ উমাচৰণ বণিয়া লাইব্ৰেৰী এণ্ড এডুকেচন চেণ্টাৰত গ্ৰন্থমেলাৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২৬ আৰু ২৭ অক্টোবৰত গুৱাহাটীৰ ছয়মাইলৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ উমাচৰণ বণিয়া লাইব্ৰেৰী এণ্ড এডুকেচন চেণ্টাৰত দুদিনীয়াকৈ এখন গ্ৰন্থমেলাৰ আয়োজন কৰা হয়। অধ্যক্ষা ড° শিখামণি কোঁৱৰে গ্রন্থমেলাখন উদ্বোধন কৰি ৰে গ্ৰন্থ আৰু ছাত্ৰ-ছাত্ৰীৰ পৱিত্ৰ সম্পৰ্ক আৰু জ্ঞানৰ বিষয়ে মন্তব্য আগবঢ়ায়। তেওঁ মন্তব্য কৰে যে এইধৰণৰ গ্ৰন্থমেলাই ছাত্ৰ-ছাত্ৰীক কিতাপৰ ওচৰ চপাই আনে। অনুষ্ঠানটোৰ আঁত ধৰে লাইব্ৰেৰিয়ান গীতিকা দাসে। এই অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড° মৌচুমী বৰদলৈ হাজৰিকা, অধ্যাপিকা ইন্দ্ৰানী গগৈ পানীফুকন, অধ্যাপক ড° অনুপ কুমাৰ ডেকা, ড° নুৰুল ইছলাম, লাইব্ৰেৰী সহায়িকা ৰীতা গোহাঁই, কাৰ্যালয়ৰ কৰ্মচাৰী অনামিকা গগৈ, মাধুৰীমা চেতিয়া আৰু ছাত্ৰ-ছাত্রীসকল উপস্থিত থাকে।