কৰ্ণেল প্ৰফুল্ল চন্দ্ৰ চৌধুৰীৰ মৃত্যু

কৰ্ণেল প্ৰফুল্ল চন্দ্ৰ চৌধুৰীৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  বৃহত্তৰ গুৱাহাটী নাগৰিক সমন্বয়ৰক্ষী সমিতিৰ অন্যতম সংগঠক, গুৱাহাটী পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে ঘৰৰ পৰা জাৱৰ সংগ্ৰহ অভিযানৰ মূল নায়ক, নবীন নগৰ নিবাসী কৰ্ণেল প্ৰফুল্ল চন্দ্ৰ চৌধুৰীৰ ১ জানুৱাৰীত বশিষ্ঠৰ সামৰিক চিকিৎসালয়ত ক’ভিডত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ৷ কটন কলেজৰ পৰা শিক্ষা জীৱন সামৰাৰ পাছত অসম আৰক্ষীত যোগদান কৰা প্ৰয়াত চৌধুৰীক তেতিয়াৰ অসমৰ ৰাজধানী শ্বিলঙৰ যান-বাহন চলাচল শৃঙ্খলাৱদ্ধ কৰাৰ  দায়িত্ব অৰ্পন কৰা হৈছিল । শ্বিলঙৰ যান বাহন বিভাগত সফলতা অৰ্জন কৰাৰ পাছত চৌধুৰীক গুৱাহাটীৰ যানবাহন বিভাগৰ দায়িত্ব অৰ্পন কৰা হয় । শৰাইঘাট দলং নিৰ্মানৰ পাছত গুৱাহাটীৰ সাম্ভাৱ্য যানজট নিয়ন্ত্ৰনৰ পৰিকল্পনা চৌধুৰীৰ সুচাৰুৰূপে সমাপন কৰে । সেই সময়তেই মাছখোৱাত নামনি অসমৰ বেচৰকাৰী বাছ আস্থান স্থাপন কৰা হৈছিল । উক্ত বাছ আস্থান পৰৱৰ্তী সময়ত আদাবাৰীলৈ স্থানান্তৰ হোৱাৰ পাছত তাত বৰ্তমানৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প স্থাপন হয় । অসম আৰক্ষীৰ চাকৰি ত্যাগ কৰি তেওঁ সামৰিক বাহিনীত যোগদান কৰে । সামৰিক বাহিনীত থকা সময়ত দেশৰ বিভিন্ন সীমান্তত কৰ্মৰত আছিল । সামৰিক বাহিনীৰ পৰা কৰ্ণেল পদৰ পৰা অৱসৰ গ্ৰহনৰ পাছত গুৱাহাটীৰ নবীন নগৰত থকিবলৈ লয় আৰু নবীন নগৰ উন্নয়ন সমিতি গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহৰ বাবে কিছু চাফাই কৰ্মচাৰী নিয়োগ কৰি নবীন নগৰত প্ৰথম পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰে আৰু যথেষ্ট সফলতা লাভ কৰে । তেওঁৰ এই আৰ্হিক পাছলৈ গুৱাহাটী পৌৰ নিগমে গ্ৰহণ কৰে আৰু গুৱাহাটীৰ বিভিন্ন অঞ্চলত প্ৰয়োগ কৰে । ২০০৩ চনত পৌৰ নিগমৰ সম্পত্তি কৰ অস্বাভাৱিকভাৱে বৃদ্ধি কৰাৰ বিৰুদ্ধে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে প্ৰথমবাৰৰ বাবে গঢ়ি উঠা নাগৰিক আন্দোলনৰ অন্যতম সংগঠক আছিল কৰ্ণেল প্ৰফুল্ল চন্দ্ৰ চৌধুৰী । উক্ত নাগৰিক আন্দোলনৰ ফলশ্ৰুতিতে গঢ়ি উঠে বৃহত্তৰ গুৱাহাটী নাগৰিক সমন্বয় ৰক্ষী সমিতি । প্ৰথমতে চল্লিশটামান নাগৰিক সমিতিয়ে যোগদান কৰা উক্ত সমন্বয়ৰক্ষী সমিতিত পাছলৈ বৃহত্তৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ প্ৰায় আঢ়ৈশটা উন্নয়ন সমিতিয়ে যোগদান কৰিছিল । নাগৰিক সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত ২০০৫ চনত গুৱাহাটীৰ মাষ্টাৰ প্লেনৰ বিভিন্ন আসোৱাহ উন্মোচিত কৰা হৈছিল, যাৰ ফলত  অসম চৰকাৰৰ নগৰ পৰিকল্পনা বিভাগে গুৱাহাটীৰ নাগৰিকৰ বাবে শুনানীৰ ব্যৱস্থা কৰিবলৈ বাধ্য হৈছিল আৰু মাষ্টাৰ প্লেন সংশোধন কৰিছিল । গুৱাহাটীৰ কৃত্ৰিম বানপনী ৰোধৰ ক্ষেত্ৰত ব্যৱহাৰিক সমাধান আগবঢ়োৱাত নাগৰিক সমন্বয়ৰক্ষী সমিতিৰ হৈ যি কেইগৰাকী বিষয়ববীয়াই আগভাগ লৈছিল তাৰ ভিতৰত অন্যতম আগৰণুৱা আছিল প্ৰয়াত কৰ্ণেল চৌধুৰী । অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ বিদ্যুৎ মূল্য বৃদ্ধিৰ বিৰুদ্ধেও নিয়ামক আয়োগৰ সন্মুখত বৃহত্তৰ গুৱাহাটী নাগৰিক সমন্বয়ৰক্ষী সমিতিয়ে আপত্তি দাখিলত বেনুধৰ বৰুৱা, কৰ্ণেল চৌধুৰী আৰু সুবোধ শৰ্মাই আগভাগ লৈছিল আৰু বলিষ্ঠ যুক্তি উত্থাপন কৰি বিদ্যুৎ গ্ৰাহকক যথেষ্ট পৰিমানে সকাহ দিবলৈ সক্ষম হৈছিল । মহানগৰ উন্নয়ন সমিতি, গুৱাহাটীয়ে গুৱাহাটীৰ মাটিৰ সমস্যা সমাধান, বিশেষকৈ গুৱাহাটীৰ পাহাৰত বাস কৰা লোকসকলৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণৰ দাবীত কৰা আন্দোলনত কৰ্ণেল চৌধুৰীয়ে নিয়মীয়াকৈ অংশগ্ৰহণ কৰিছিল । গুৱাহাটীৰ প্ৰতি সমৰ্পিত প্ৰাণ আছিল প্ৰয়াত কৰ্ণেল প্ৰফুল্ল চন্দ্ৰ চৌধুৰী । মৃত্যুৰ আগলৈকো তেওঁ গুৱাহাটীবাসীৰ সমস্যাৰ প্ৰতি সজাগ আছিল৷কৰ্ণেল চৌধুৰীয়ে দুগৰাকী কন্যা, জোঁৱাই, নাতি সহ অনেক গুণমুগ্ধক এৰি যায়। বৃহত্তৰ গুৱাহাটী নাগৰিক সমন্বয়ৰক্ষী সমিতিৰ সভাপতি বেনুধৰ বৰুৱা আৰু মুখ্য আহবায়ক মছদ্দৰ হুছেইন, মহানগৰ উন্নয়ন সমিতি, গুৱাহাটীৰ সাধাৰণ সম্পাদক বীৰেণ শৰ্মা, মহানগৰ উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি সুবোধ শৰ্মা, ৰৌশনাৰা ফাউণ্ডেশ্বনৰ পৰঞ্চালন সঞ্চালক তথা প্ৰয়াত চৌধুৰীৰ বিশিষ্ট বন্ধু আকদাচ আলী মীৰ , মাছখোৱা সমাজ কল্যাণ পৰিষদৰ উপ সভাপতি চফিকুৰ ৰহমানে কৰ্ণেল প্ৰফুল্ল চন্দ্ৰ চৌধুৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে ।