কৰ্ণাটকত ৰাষ্ট্ৰীয় শিক্ষানীতি কাৰ্যকৰী কৰিবলৈ নিৰ্দেশনা জাৰি

কৰ্ণাটকত ৰাষ্ট্ৰীয় শিক্ষানীতি কাৰ্যকৰী কৰিবলৈ নিৰ্দেশনা জাৰি

অনলাইন বাৰ্ত্তাসেৱা – এক সংবাদমেলযোগে কৰ্ণাটকৰ উচ্চ শিক্ষা মন্ত্ৰী চি এন অশ্বথ নাৰায়ণে ৰাজ্যখনত ৰাষ্ট্ৰীয় শিক্ষানীতি কাৰ্যকৰী কৰিবলৈ নিৰ্দেশনা জাৰি কৰাৰ প্ৰস্তুতি চলোৱা হৈছে বুলি সদৰী কৰে। ২০২১-২২ শিক্ষা বৰ্ষৰ পৰা এই ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী কৰা হ’ব কৰ্ণাটকত। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ কাৰ্যকৰী কৰা দেশৰ প্ৰথমখন ৰাজ্য হ’ব কৰ্ণাটক। এই সন্দৰ্ভত ইতিমধ্যে উচ্চ শিক্ষাৰ অতিৰিক্ত মুখ্য সচিবৰ উপস্থিতিত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকীয়ে। ইফালে কর্ণাটকও শিক্ষা বিভাগে পর্যায়ক্রমে বিদ্যালয়সমূহ খোলাৰ তৎপৰতা আন্ত কৰিছে। ২৩ আগষ্টৰ পৰা ৰাজ্যখনত নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিকল্প দিনত পাঠদানৰ প্ৰস্তুতি চলোৱাৰ কথা জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

(UD.)