কৰ’না হ্ৰাস হোৱা জিলাত ১৫ জুনৰ পৰা শিথিল হ’ব মিনি লকডাউন

pc Ferroque System

অনলাইন বাৰ্ত্তাসেৱা – কৰ’নাৰ পৰিস্থিতিৰ বাবে বৰ্তমান যি সান্ধ্য আইন চলি আছে সেই সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা ১৫ জুনৰ পৰা জিলাভিত্তিক শিথিল কৰা হ’ব মিনি লকডাউন। যি জিলাই কৰ’নাত ভাল ফলাফল দেখুৱাব অর্থাৎ সংক্ৰমণৰ হ্ৰাস কমাব পাৰিব সেই জিলাতেই শিথিল কৰা হ’ব মিনি লকডাউন। এই শিথিল কৰাবৰ বাবে ৰাইজে নিজেই সজাগ হ’ব লাগিব। অসমেই দেশৰ একমাত্ৰ ৰাজ্য যি লকডাউন নিদিয়াকৈ কৰ নাৰ বিৰুদ্ধে যুঁজ দিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে লকডাউন দিয়া হলে কৰ নাৰ ফলাফল চাগে আৰু বেছি ভাল হ’লহেঁতেন। মানুহৰ জীৱিকাত বাধা পৰিব বুলিয়েই লকডাউন নিদিলে। কিন্তু তেওঁ যেনেকৈ ভাবিছিল এতিয়াও কৰ নাৰ সংক্ৰমণ হ্রাস পোৱা নাই৷ গুৱাহাটীত কিছু হ্রাস পাইছে। সংক্রমণ হ্ৰাসৰ প্ৰক্ৰিয়া আৰু দ্রুত হ’ব লাগিব। এই মাহৰ শেষৰ ফালে সংক্ৰমণৰ হাৰ হ্ৰাস হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে।