কৰ’না মহামাৰীৰ প্ৰভাৱ – ধৰ্মেন্দ্ৰ বৰুৱা

Pc-the economicstimes

কৰ’না মহামাৰীৰ প্ৰভাৱ

ধৰ্মেন্দ্ৰ বৰুৱা

২০১৯ইং চনৰ ডিচেম্বৰ -নবেম্বৰ মাহত চীনত আৰম্ভ হয় কৰ’না ভাইৰাচৰ সংক্ৰমণ ।অতি কম সময়ৰ ভিতৰতে এই ভাইৰাচে সমগ্ৰ বিশ্বতে সংক্ৰামিত হৈ বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰে।বিশ্বত্ৰাসি মহাকালৰূপী কৰ’না ভাইৰাচে আজি বিশ্বৰ প্ৰতিটো প্ৰান্ততে ছানি ধৰি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। সৰ্বশক্তিমান ,প্ৰতি মূহুৰ্তত উন্নয়নৰ নিচান উৰুওৱা আমেৰিকা,ইটালী,ৰাচিয়া আদিৰ দৰে উন্নত দেশেও কৰ’না মহামাৰীৰ ওচৰত নতশিৰ কৰিবলৈ বাধ্য হৈছে।আমাৰ ভাৰতৰ দৰে উন্নয়নশী তথা অনুন্নত দেশবোৰক কৰ’নাৰ কৰাল গ্ৰাসে বিধস্ত কৰি পেলালে।
মানুহৰ সভ্যতা-সংস্কৃতি তথা উন্নয়ণক ভেঙুচালি কৰি কৰ’না ভাইৰাচে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিলে। বিশ্বত্ৰাসি কৰ’না মহামাৰীৰ বাবে বিশ্বৰ ভিন্ন প্ৰান্তত লকডাউন দিবলৈ বাধ্য হয়।এই লকডাউনে প্ৰাত্যহিক ব্যস্ততাত ডুবি থকা মানুহবোৰক কিছু সকাহ দিলে।বৰ্তমান মানুহবোৰ আধুনিক জীৱন শৈলীৰ লগত অভ্যস্ত হৈ দিন-ৰাতি ইমানে ব্যস্ত যে নিজক লৈ নতুবা পৰিয়ালৰ বাবে সময়ে নোহোৱা হৈ পৰিছে।ব্যস্ততাৰ চাকৈনয়াত ডুবি থকা আজিৰ একবিংশ শতিকাৰ বহুতো লোকৰ আত্মীয়ৰ পৰা দূৰত্ব কমি আহিল,আনকি একাংশ পিতৃ-মাতৃৰ ল’ৰা-ছোৱালীকো সময় দিব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছে।কিন্তু,কৰ’না মহামাৰীৰ সময়ত সকলো গৃহবন্দি হৈ পৰিল,যাৰ বাবে পৰিয়ালৰ লোকক সময় দিয়াৰ সুবিধা কণ পালে।লকডাউনৰ সময়ছোৱাত বহুতো লোকে নিজে ভালপোৱা কামবোৰ কৰাৰ সুবিধা পালে ।আনকালে ব্যস্ততাৰ বাবে নিজে ভালপোৱা কামতো ধোৱাচাঙত তুলি থবলৈ বাধ্য হৈছিল,কিন্তু লকডাউনৰ সময়ছোৱাত আকৌ নিজক বিচাৰি চোৱাৰ সৌভাগ্য হ’ল।লকডাউনৰ সময়ছোৱাত বহুতো লোকৰ বহু সৃষ্টি হ’ল,বহুতৰ প্ৰতিভা বিকশিত হ’ল।আনকালে একাংশই ছছিয়েল মিডিয়াক সৰব সমলোচনা কৰিছিল যুৱ-প্ৰজন্মক ধ্বংসৰ গৰাহলৈ নিয়া বুলি।পিছে এই সকল সমলোচকৰ অনুমান মিথ্যা বুলি প্ৰমাণিত কৰি লকডাউনৰ সময়ছোৱাত যুৱ-প্ৰজন্মই ছছিয়েল মিডিয়াক কেন্দ্ৰ কৰি গ্ৰহণ কৰিলে যুগন্তকাৰী পদক্ষেপ।ছছিয়েল মিডিয়াৰ বিভিন্ন গ্ৰুপ সমূহে মানুহৰ প্ৰতিভা বিকাশৰ বাবে দিলে এখন উৎকৃষ্ট মঞ্চ,সৃষ্টিমূলক কামৰ উৎসাহ যোগাই বহুতে আয়োজন কৰিলে ভিন্ন ক্ষেত্ৰত অনলাইন প্ৰতিযোগিতা।কৰ’না মহামাৰীৰ গৃহবন্দিৰ সময়ত মানুহৰ মাজত গঢ় লৈ উঠিল কিতাপ পঢ়াৰ মানসিকতা।আজি কিছু বছৰৰ পৰা মানুহৰ ব্যস্ততা নতুবা আন ভিন্ন কাৰণত বহুতৰে কিতাপ পঢ়াৰ মানসিকতা নোহোৱা হৈছিল,কিন্তু লকডাউনে আকৌ কিতাপ পঢ়াৰ পৰিবেশ ঘূৰাই আনিলে,ই জাতিৰ বাবে,দেশৰ বাবে,নৱ প্ৰজন্মৰ বাবে শুভ লক্ষণ।কৰ’নাৰ গৃহবন্দিৰ সময়ত আটাইতকৈ বেছি ইতিবাচক প্ৰভাৱ পৰিল আমাৰ পৰিবেশৰ ওপৰত।বৰ্তমান আধুনিক সমাজ ব্যৱস্থাত বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ সুবাদত প্ৰতি মূহুৰ্তত দেখা যায় ভয়াবহ পৰিবেশ প্ৰদূষণৰ মাত্ৰা।এই প্ৰদূষণৰ কবলত পৰি জীৱ জগতে বিস্তৰ ক্ষতিৰ সন্মুখীত হ’ব লগা হয়।কৰ’না মহামাৰীৰ সময়ত সকলো স্তব্ধ হৈ পৰাত প্ৰদূষণৰ মাত্ৰা কমি আহিল,যাৰ বাবে প্ৰকৃতিয়ে সুস্থিৰ ভাবে হাঁ‌হিব পাৰিলে,বন্য জীৱ-জন্তু,পক্ষীকুলে মুক্ত মনে বিচৰণ কৰিব পাৰিলে।
কৰ’না মহামাৰীৰ কিছু ইতিবাচক দিশ আছে যদিও ইয়াৰ নেতিবাচক দিশ আকাশলংঘী,যিয়ে আজি সমাজ সংস্কৃতিক বিধস্ত কৰি তুলিলে।প
এই কৰ’না মহামাৰীয়ে মানৱ জাতিক বহু কথা শিকাই থৈ গ’ল।আমি যিমানেই আধুনিক,শিক্ষিত,শক্তিশালী নহওক কিয় ,প্ৰকৃতিৰ উৰ্দ্ধত কোনো হ’ব নোৱাৰে।গতিকে,বৰ্তমান পৰিস্থিতিৰ পৰা আমি শিক্ষা লৈ প্ৰকৃতি সংৰক্ষণ কৰি নিজৰ লগতে আনকো সুস্থ ভাবে জীয়াই থকাৰ সুবিধা কৰি দিও আহক।
ফোন-৯৩৬৫৪২৯৯৯৫
ঠিকনা-
গাঁও-পাত্ৰপুৰ
ডাকঘৰ-কেন্দুৱা
জিলা-কামৰূপ