কৰ’না কালৰ দিনপঞ্জী- ডাঃ যুতিকা ওজা – অধ্যাপিকা, কমিউনিটী মেডিচিন বিভাগ, জি এম চি

Pc-theindianexpress

কৰ’না কালৰ দিনপঞ্জী

বর্তমান কোভিড ৰোগৰ শংকাই সকলোকে জোকাৰি গৈছে। সকলোকে এতিয়া এক গভীৰ অনিশ্চয়তা, সংশয় আৰু উৎকণ্ঠাই আৱৰি আছে। কোভিড মহামাৰীৰ এই দ্বিতীয় টৌত আক্ৰান্তৰ সংখ্যাও বেছি আৰু সেই অনুপাতে মৃত্যুৰ হাৰো বেছি। এইবাৰৰ কোভিড ৰোগ প্ৰথমবাৰ্তকৈ বেছি ভয়াৱহ আৰু বেছি সংক্রমণশীল। এতিয়া পুৱা উঠাৰ পাছত ভগৱানক প্ৰাৰ্থনা কৰা হয় যাতে আজি একো বেয়া খবৰ নুশুনো। আনকি ঘৰৰ বাহিৰলৈ ওলাবলৈও এক অহেতুক ভয়। বজাৰ সমাৰ কৰিবলৈ ওলালেও এতিয়া চিনাকি লোকৰ লগত কথা-বতৰা পতাতকৈও তেওঁৰ পৰা কিমান দূৰত্বত আছে, সেইটোহে মন কৰা যায়। বিশেষ কাৰণত ঘৰৰ বাহিৰলৈ ওলাবলগীয়া হ’লেও সহজে ধ্ৰুব পৰা সাজপাৰহে বিচাৰি উলিয়াই পিন্ধিব ধৰিছো। বহুতৰ ভাল কাপোৰ তথা নতুন কাপোৰ বৰ্তমান আলমাৰি আৰু বাকচৰ ভিতৰতে সোমাই থ’বলগীয়া অৱস্থা হৈছে।

কিছুদিন আগলৈ ফুৰিবলৈ গ’লে কোনে কি পোছাপিন্ধিছে, মূৰৰ চুলি কেনেকৈ বান্ধিছে, লিপষ্টিকৰ ৰং আদি লক্ষ্য কৰা হৈছিল, কিন্তু এতিয়া মাস্কখন ঠিক মতে | পিন্ধিছে নে নাই সেইটোহে লক্ষ্য কৰা হয়। বাহিৰলৈ ওলাই গ’লে কৰ’বাত বেয়া গোন্ধ পালে আগতে মনটো বেয়া লাগিছিল; এতিয়া কিছু যিকোনো গোন্ধ পালেও মনত ভাব হয় ৰক্ষা, ঠিকে আছো। বৰ্তমানৰ পৰিস্থিতিত নিজৰ লগতে ঘৰৰ আটাইৰে স্বাস্থ্য কথা সম্বন্ধীয় আৰু ওচৰ-চুবুৰীয়াৰ স্বাস্থ্যৰ কথা ভাবিবলগীয়া হৈছে। চিনাকি কাৰোবাৰ কাহ-জুৰ হোৱা বুলি শুনিলেই বুকু কঁপি যোৱা অৱস্থা হৈছে। আগতে ল’ৰা-ছোৱালীয়ে ঘৰত থকা সময়ত ইটো-সিটো খোৱাবস্তুৰ ফৰমাইচ দি থাকিলে কেতিয়াবা • খঙো উঠিছিল। এতিয়া আকৌ খাবলৈ নাই বুলি ক’লেহে চিন্তা লগা হৈছে। আনকি হাঁচি মাৰিলেও আইতাই ‘কুশল হওক’ বুলি কোৱা কথাষাৰো এতিয়া সপোন হৈছেগৈ। এতিয়া মানুহৰ ঘৰৰ ড্ৰয়িংৰুমত ফুলদানিৰ লগতে ছেনিটাইজাৰৰ বঁটলেও শোভা পাইছে। মহিলাসকলে পাছত পাৰফিউমৰ বটলৰ লগতে ছেনিটাইজাৰৰ বঁটলো ৰাখিবলৈ আৰম্ভ কৰিছে। পুৰুষসকলেও পেণ্টৰ | জেপত বা অফিচৰ টেবুলত ছেনিটাইজাৰৰ বটল ৰখা কৰিছে। বেছিভাগ মানুহৰ ঘৰতেই চিকিৎসা সা-সৰঞ্জাম হিচাপে থামমিটাৰৰ লগতে ৰক্তচাপ জোখা যন্ত্ৰ, তেজৰ ছুগাৰ জোখা যন্ত্র আছে। এতিয়া তাৰ লগতে শৰীৰৰ অক্সিজেন ছেচুৰেচন জুখিবৰ বাবে পাল্‌ছ অক্সিমিটাৰ নামৰ নতুন সৰঞ্জামবিধো অন্তর্ভুক্ত হৈছে।

যোৱা বছৰৰ লকডাউনৰ সময়ত বহুতেই পাকৈত ৰান্ধনি হ’ল। বহুতে সাহিত্য চৰ্চা কৰিলে, ফুলেৰে ঘৰ পদূলি জাতিষ্কাৰ কৰিলে, সৰুকৈ হ’লেও খেতি-বাতি কৰিলে। এইবাৰ সম্পূৰ্ণ লকডাউন হোৱা নাই যদিও কিছুদিনলৈ অফিচসমূহ বন্ধ দিয়া হৈছে। কিন্তু এইবাৰ বহুতৰে এনেধৰণৰ উৎসাহ দেখা নাই। কার্ফিউৰ বাবে বাহিৰলৈ ফুৰিবলৈও যাব পৰা নাই। ইয়াৰ প্ৰভাৱ মানুহৰ স্বাস্থ্যতো পৰিছে। কিছুমান | মানুহে মাত্রাধিকভাৱে শকত হোৱাৰ লগতে আর্থিক দুৰৱস্থাৰ বাবে কিছুমানৰ স্বাস্থ্যৰ অরনতি ঘটাও দেখা পোৱা গৈছে।

বহুতৰে সময়বোৰ এতিয়া যোগাসন, ব্যায়াম, গৰম পানীৰে কুলি কুলি কৰা, মুখ আৰু নাকেৰে গৰম ভাপ লোৱা আদিৰেই পাৰ হৈছে। বাতৰি কাকত, টেলিভিছন, মোবাইল ফোনৰ জৰিয়তে মানুহে সময়বোৰ পাৰ কৰিবলৈ চেষ্টা কৰিছে যদিও | মনোৰঞ্জনৰ পৰিৱৰ্তে কোভিড ৰোগৰ বতৰাসমূহে মানুহৰ সংশয়ৰহে সৃষ্টি কৰিছে। দুখৰ বিষয় যে বিগত সময়ত কোভিড ৰোগৰ বাবেই আমি ভালকেইগৰাকী প্রথিতযশা ব্যক্তিক হেৰুৱালো। কোনো কোনো ব্যক্তিৰ প্ৰত্যক্ষভাৱে ক্ষতি হোৱা নাই যদিও বিভীষিকাময় খবৰবোৰে সকলোকে জোকাৰি আছে। কোনোবাই আপোনজনক, কোনোবাই চিনাকিজনক হেৰুৱাইছে যদিও বৰ্তমানৰ পৰিস্থিতিত মৃতকৰ অন্তিম দৰ্শন কৰিবলৈ যাব পৰা নাই। শোকবিহুল পৰিয়ালক সান্ত্বনা দিবলৈ যাব পৰা নাই। মনে হাহাকাৰ কৰিছে, কিন্তু সকলোৱে উপায়বিহীন হৈ পৰিছে।

এই সকলো সমস্যা দূৰ কৰাৰ বাবে একমাত্র উপায় হ’ল কোভিড ৰোগক প্ৰতিৰোধ কৰা। সময় মতে কোভিডৰ প্ৰতিষেধক (ভেকচিন) লোৱাৰ উপৰি সংক্রমণ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় বিহীত ব্যৱস্থাসমূহ গ্ৰহণ কৰা। তেতিয়াহে এই ৰোগৰ সংক্রমণ ৰোধ হ’ব আৰু আমি সকলোৱে পুনৰ আগৰ দৰে শংকাহীনভাৱে জীৱন যাপন কৰিব পাৰিম।

(লেখিকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটী মেডিচিনৰ অধ্যাপিকা)