ক’ৰ’নাৰ ‘লাম্বাডা’ প্ৰকৰণ এতিয়াও ভাৰতৰ পৰা দূৰত

pc DNA India.jpg

অনলাইন বাৰ্ত্তাসেৱা – লাম্বাডা হৈছে দক্ষিণ আমেৰিকাৰ পেৰুত প্রথমে চিনাক্ত হোৱা কৰ’নাৰ প্ৰকৰণ। এটা চৰকাৰী সূত্রৰ পৰা জানিব পৰা গৈছে যে বিশ্বৰ ৩০খন দেশলৈ বিয়পি পৰা এই প্ৰকৰণৰ অৱস্থিতি বৰ্তমানলৈ ভাৰতত ধৰা পৰা নাই। দক্ষিণ আমেৰিকাৰ পেৰুত প্ৰভাৱ বিস্তাৰ কৰা এই প্ৰকৰণে ছেলি আৰু উৰুগুৱেতো অধিক সংক্রমণ বিস্তাৰ কৰা দেখা গৈছে। আনহতে, পেৰুত কৰ’নাৰ সংক্ৰমণৰ ফলত জনসংখ্যাৰ অনুপাতে সৰ্বাধিক লোকৰ মৃত্যু ঘটিছে। তথ্য অনসুৰি পেৰুৰ এক লাখ বাসিন্দাৰ বিপৰীতে ক’ৰ’নাৰ সংক্রমণত মৃত্যু ঘটিছে ৫৮৭জন লোকৰ। বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে কৰ’নাৰ লাম্বাডা প্ৰকৰণক ‘ভেৰিয়েণ্ট অব ইণ্টাৰেষ্ট’ বুলি চিনাক্ত কৰিছে।

(UD.)