ক’ৰ’নাৰ বাবে লোৱা হ’ল অম্বুবাচী মেলা বাতিলৰ সিদ্ধান্ত

pc Telegraph India

অনলাইন বাৰ্ত্তাসেৱা – হিন্দু ধৰ্মী লোকসকলে শক্তিপীঠসমূহৰ ভিতৰত অন্যতম শক্তিপূজাৰ স্থল অসমৰ কামাখ্যা মন্দিৰত অতীজৰে পৰা অম্বুমাচী মেলাৰ আয়োজন কৰি আহিছে। প্ৰত্যেক বছৰে অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয় আৰু সেই সময়ছোৱাত দেৱী দৰ্শন নিষিদ্ধ কৰা হয়। ইয়াৰ তিনিদিনৰ পিছত অৰ্থাৎ চতুৰ্থ দিনত মন্দিৰৰ দুৱাৰ খোলাৰ পিছত দেৱীৰ স্নান, পূজা, প্ৰভৃতি সমাপনৰ পিছত দেৱীক দৰ্শন কৰে।

কোভিড সংকটৰ ফলত এই সকলো ধৰ্মীয় অনুস্থান বাতিল কৰা দেখা গৈছে। এইবাৰ ২২ জুনত হ’ব অম্বুবাচী মেলাৰ প্ৰবৃত্তি। কোভিড সংকটৰ মাজত সীমিত ধৰ্মীয় পৰম্পৰাৰে পালন কৰা হ’ব পূজা। মন্দিৰ পৰিচালনা সমিতিয়ে বৈঠকত গ্ৰহন কৰা হয় এই সিদ্ধান্ত। উল্লেখযোগ্য যে বিগত বৰ্ষতো বাতিল হৈছিল অম্বুবাচী মেলা।