ক’ৰণাৰ নতুন নিদৰ্শনা জাৰি:গুৱাহাটী মহানগৰীৰ সলনি নহল নিয়ম

pc WHO

ক’ৰণাৰ নতুন নিদৰ্শনা জাৰি:গুৱাহাটী মহানগৰীৰ সলনি নহল নিয়ম

অনলাইন বার্তাসেৱা: ৰাজ্য চৰকাৰে প্ৰকাশ কৰা নতুন এছ অ পি ত কেইবাটিও নতুন নীতি নিৰ্দেশনা উল্লেখ কৰা হৈছে যদিও কামৰূপ মহানগৰত দিনৰ দুই বজাৰ পৰা পুৱা পাঁচ বজালৈ সান্ধ্য আইন পূৰ্বৰ দৰেই বাহাল থাকিব। আনহাতে বৰ্তমানৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি দক্ষিণ ছালমাৰা,মাজুলী, বঙাইগাঁও, চিৰাং,ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু চৰাইদেও জিলাত সন্ধিয়া 5 বজাৰ পৰা পুৱা5 বজালৈ বাহাল থাকিব সান্ধ্য আইন। ইয়াৰ বিপৰীতে পাঁচ খন জিলাত এতিয়াও কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই। নতুন এছ অ পি অনুসৰি কাছাৰ, শোণিতপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু নগাঁও এই পাঁচ খন জিলাত চৰকাৰ তথা প্ৰশাসনে তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিব। ক’নণ্টইনমেণ্ট জ’নৰ ক্ষেত্ৰত জিলা দণ্ডাধীশক দায়িত্ব দিয়া হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আন্ত‌:জিলা যাতায়ত বন্ধ থাকিব।