ক্ৰমশ: নিসংগ হবলৈ গৈ আছে মানুহ# – জবা কলিতা, আজাৰা

ক্ৰমশ: নিসংগ হবলৈ গৈ আছে মানুহ#
   জবা কলিতা
       আজাৰা 
ক্ৰমশ: নিসংগ হবলৈ গৈ আছে মানুহ
গাঁও,নগৰ, চহৰত এতিয়া
মৌন একাকী মানুহ।
আলিবাটত বনকুকুৰৰ ৰাউচী
দিনপোহৰত ফেঁচাৰ চিঞৰ
কাৰ বাবে
কাৰ বাবে বাজে আজি মৃত্যু ঘণ্টা!
দাপোনত কেৱল আপোন প্ৰতিচ্ছবি।
ধূলি ধূসৰিত আকাঙক্ষা,
পৃথিৱীৰ
কলিজাত অচিনাকি বিষ ।
ভটিয়লী নাৱত গুছি যায়
মানুহৰ নজহা সপোন,
থমকি ৰৈছে ফুল, তৰা, আকাশ
থমকি ৰৈছে বসন্তৰ গান
বন্ধ সজাত উশাহ ৰক্ষাৰ কুছকাৱাজ।
আকাশে বতাহক ক’লে
এমুঠি বতাহ দিয়া
সঞ্জীৱণী,
গোপনে অন্ত হওক
বাঢ়ি অহা
আন্ধাৰৰ ৰঙ।