ক্রীড়াক্ষেত্ৰৰ মেজৰ সৰ্বোচ্চ সন্মানসূচক বঁটা ধ্যানচান্দ খেলৰত্ন বটা হিচাপে নামাকৰণ

News Live TV

ক্রীড়াক্ষেত্ৰৰ মেজৰ সৰ্বোচ্চ সন্মানসূচক বঁটা ধ্যানচান্দ খেলৰত্ন বটা হিচাপে নামাকৰণ

অনলাইন বাৰ্ত্তাসেৱা – শুক্ৰবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ক্রীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সন্মানসূচক বঁটা ‘হকী হিৰো’ৰ নাম সলনি কৰি ক্ৰীড়াক্ষেত্ৰৰ কিংবদন্তি ধ্যান চান্দৰ নামেৰে দেশৰ ক্রীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সন্মানটোৰ নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুক্ৰবাৰে এই বঁটাৰ নাম সলনি কৰি ‘মেজৰ ধ্যানচান্দ খেলৰত্ন বটা’ হিচাপে নামাকৰণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰি কয় যে বিগত সময়ছোৱাত সমগ্ৰ দেশৰ পৰাই তেওঁ ক্রীড়াক্ষেত্ৰৰ সর্বোচ্চ সন্মান এই বঁটাটোৰ নাম সলনি কৰিবলৈ অনুৰোধ লাভ কৰি আহিছিল ৷ প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে প্ৰকাশ কৰে যে সমগ্ৰ দেশবাসীৰ পৰাই মই বহু অনুৰোধ লাভ কৰিছিলো যে খেলৰত্ন বঁটাটো মেজৰ ধ্যান চান্দৰ নামেৰে নামাংকৃত হ’ব লাগে ৷ মই তেওঁলোকৰ ভাবক ধন্যবাদ জনাইছো ৷ প্রধানমন্ত্ৰীয়ে পুনৰ কয় : তেওঁলোকৰ আৱেগৰ প্ৰতি সন্মান জনাই খেলৰত্ন বঁটাটো এতিয়াৰে পৰা মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা নামেৰে পৰিচিত হ’ব। উল্লেখ্য যে টকিঅ’ অলিম্পিকত ভাৰতীয় হকী দলে ৰাষ্ট্ৰৰ নাম উজলাই তোলাৰ সূত্ৰে সমগ্ৰ দেশব্যাপী ক্রীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সন্মানৰ নাম হকী কিম্বদন্তি ধ্যান চান্দৰ নামেৰে উৎসৰ্গা কৰাৰ দাবী উঠিছিল। লক্ষণীয় যে ভাৰতীয় মহিলা হকী দলেও অলপৰ বাবে ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হয় । অৱশ্যে বৃহস্পতিবাৰে পুৰুষ হকী দলে সুদীৰ্ঘ ৪১ বছৰৰ মূৰত অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। অলিম্পিকত ভাৰতীয় হকী দলৰ এই চমকপ্রদ সফলতাৰ পাছতেই প্রধানমন্ত্ৰীয়ে দেশৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সন্মানৰূপে চিহ্নিত খেলৰত্ন বঁটাৰ নাম ‘মেজৰ ধান চান্দ খেলৰত্ন’ বঁটাৰূপে নামাংকিত কৰে। প্রধানমন্ত্ৰীৰ এই সিদ্ধান্তক সমগ্র দেশবাসীয়ে আদৰণি জনায়।

(UD.)