কোৱা আৰু  শিয়ালৰ কথাৰে-গায়ত্ৰী দেৱী বৰঠাকুৰ

Pc Twitter

কোৱা আৰু  শিয়ালৰ কথাৰে

কোৱাৰি ফাটি বিষালী হ’ল আমাৰ এটি কোৱা।
দুখৰ সমভাগী  সখা  শিয়ালে সুধিলে   ,” কথাটো কি কোৱা, আমাকো এবাৰ কোৱা। “

আঁতি- গুৰি মাৰি কথাটো ক’বলৈ মুখ মেলোতেই উৰি গ’ল কোৱাৰ প্ৰাণবায়ু  ।
সান্ত্বনা দিলে  সবে মিলি শিয়ালক   ,” দুখ নকৰিবা বপু,পৰমেশ্বৰে ইমানেই লিখিছিল আমাৰ  কোৱাৰ আয়ু।”

কোৱাৰ দুখত শিয়াল বপুয়ে  বাদ দিলে খোৱা-বোৱা।
প্ৰতি নিশাই ৰাউচি জোৰে , কেৱল  মাথো হোৱা- হোৱা।

শিয়াল- কোৱাৰ বন্ধুত্বৰ ইমানতেই শেষ হ’ল সাধু।
সুখৰ দিনত দুয়ো মিলি কিমান  ৰঙ- ৰহইচ কৰিছিলে মনত পৰেনে বাৰু??

মইনাহঁত , তোমালোকে  অৰণ্যৰ জীৱ- জন্তুৰো খবৰ খাতি   ল’বা ।
তেহে তোমালোকো প্ৰকৃত মানুহ আৰু  সুনাগৰিক হ’বা।

মৰমেৰে জগত জিনাৰ চিনি ল’বা যাদু।পঢ়া- শুনাৰ লগতে ভাল কামবোৰো সদায়ে কৰি থাকিবা কিন্তু।

গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ, শোণিতপুৰ–784001
8822943064