কোৰোনাত আক্ৰান্ত হৈ ২৯দিনীয়া এটি নৱজাতকৰ মৃত্যু

PC-the indianexpress (images are representation only)

কোৰোনাত আক্ৰান্ত হৈ ২৯দিনীয়া এটি নৱজাতকৰ মৃত্যু….

বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় এ এম চি এইচত পুনৰ আজি কোভিডত আক্ৰান্ত হৈ ২৯দিনীয়া এটি নৱজাতকৰ মৃত্যু।উল্লেখ্য যে, আনুসংগিক কিছু ৰোগৰ বাবে AMCHত ভৰ্ত্তি কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত শিশুটিৰ শৰীৰত ধৰা পৰিছিল কোভিডৰ সংক্ৰমণ।বৰ্তমানলৈকে এ এম চি এইচত ৬টি শিশুৰ মৃত্যু হৈছে। ইফালে বৰ্তমানেও ১৮টি শিশু কোৰোনাত আক্ৰান্ত হৈ AMCHত চিকিৎসাধীন হৈ আছে।আনহাতে চলিত বৰ্ষত বৰ্তমানলৈকে ৯৪টি শিশু কোৰোনাত আক্ৰান্ত হৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈছিল ।