কোৰেনা মহামাৰী আৰু আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰা ইয়াৰ প্ৰতিৰোধ-ড: অনিল কুমাৰ শৰ্মা

 

কোৰেনা মহামাৰী আৰু আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰা ইয়াৰ প্ৰতিৰোধ-ড০ অনিল কুমাৰ শৰ্মা

বিশ্বৰ প্ৰায় সমগ্ৰ দেশতে মানৱ জীৱনলৈ চৰম ভাবুকী কঢ়িয়াই আনিছে সাধাৰণ চকুৱে নেদেখা এবিধ অনুজীৱে। স্মৰণযোগ্য যে চনত ছাৰ্ছ [sars] অৰ্থাৎServere Acute Respiratori Syndrome নামৰ মানাত্মক ৰোগ সৃষ্টিকাৰি ক’ৰ’না ভাইৰাছৰ লগত এই ভাইৰাছৰ মিল আছে। চীন দেশৰ হুৱেই প্ৰদেশৰ ৰাজধানী য়ুহান চহৰত যোৱা ২০১৯ চনত নৱেমবেৰ মাহত প্ৰথমে আত্মপ্ৰকাশ কৰি ক্ৰমে ডিচেম্বৰ আৰু জানুৱাৰী মাহত চীনৰ সেই নগৰীত মহামাৰীৰ সৃষ্টি কৰিছিল। আজি এবছৰ পাৰ হোৱা লৈকে বিভিন্ন দেশ মৃত্যু উপত্যকাত পৰিণত হৈছে আৰু এই ভাইৰাছজনিত ৰোগ বিধক প্ৰতিৰোধ কৰিবলৈকো স্থায়ী ব্যৱস্থা বা ভেকচিন উদ্ভাৱন কৰিবলৈ বিশ্বৰ বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা চলাই আছে। আজি এবছৰ ধৰি ৰোগবিধক লৈ জনসাধাগণ আতংকিত হৈছে। ৰোগত আক্ৰান্ত বা আক্ৰান্ত নোহোৱা সকলোৰেও শৰীৰিক আৰু মানসিক স্বাস্থ্য ক্ষতিগ্ৰস্থ হৈছে। বিশ্বত মহামাৰীৰ ইতিহাস বহু পুৰণি। তথাপি পূৰ্বৰ অন্যান্য মহামাৰীৰ তুলনাত বৰ্তমান আধুনিক বিশ্বক এইবিধ মহামাৰীয়ে অধিক ধন-জনৰ ক্ষতি কৰি সকলো ৰাষ্ট্ৰৰ চৰকাৰৰ আৰু জীৱবিজ্ঞানী মহলক সচকিত কৰি তুলিছে।
কোনো নিৰ্দিষ্ট কাৰণ নোহোৱাকৈ বা কোনো কাৰণ জনসাধাৰণৰ বোধগাম্য নোহোৱাকৈ আকন দে, এখন ৰাজ্য অথবা ইখনৰ পিছত সিখন দেশ আক্ৰান্ত কৰি বহুসংখ্যক মানুহৰ মৃত্যু ঘটোৱা বিশেষক মহামাৰী Pendamic বুলি কোৱা হয়। আয়ুৰ্বেদ সিকিৎসা বিজ্ঞানৰ জনক আচাৰ্য চৰকে এই ৰোগ বিধক জনপদোদধ্বংস বুল কৈছিল। জনপদৰ অৰ্থ হ’ল সাধাৰণ জনতা আৰু উদধ্বংস মানে নাশ [Devastation]। এনে মহামাৰী ব্যাধিৰ হেতু দুইধৰণে ব্যাখ্যা কৰিছে [1] সাধাৰণ হেতু[2] অসাধাৰণ হেতু।

সাধাৰণ হেতু হ’ল সূৰ্য, চন্দ্ৰ, বায়ু, অগ্নি আদিৰ অস্বাভাৱিক ৰূপ আৰু তাৰ ফলস্বৰূপে বায়ুমণ্ডল তথা পৰিৱেশৰ কু-প্ৰভাৱৰ ফলত হোৱা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ আদি ইয়াৰ অন্তৰ্গত যাৰ প্ৰতিক্ৰিয়াত সময়ে সময়ে মহামাৰীয়ে দেকা দিয়ে। অসাধাৰণহেতু হ’ল মানৱসৃষ্ট কৰ্মৰ বিৰূপ প্ৰভাৱ যেনে শৰীৰৰ বাবে অহিত আহাৰ-বিহাৰDiet & Regimen], দেহাৰ বল[Immunity], সাত্মৎ [Adaptibility], সত্ব[Mind]আৰু বয়স [Age/ Stages]আদিৰ অনুকূলে নোযোৱাকৈ কৰা কৰেফলৰ বাবে উদ্ভৱ হোৱা ৰোগ।

ভাৰতীয় চিকিৎসা বিজ্ঞান আয়ুৰ্বেদৰ সিদ্ধান্ত অনুসৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বা ব্যাধিক্ষমত্ব তনিধৰণে পোৱা যায়– [1] সহজ, [2] কালজ আৰু [3] যুক্তিকৃত। সহজ হ’ল সন্মসূত্ৰে পোৱা স্বাভাৱিক বাপ্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা। কালজ হ’ল বিভিন্ন সময়ত আৰ্জিত বল, ই বয়স অনুসাৰে, ঋতু অনুসাৰে আৰু পৰিপুষ্ট বিশেষ সময়ে সময়ে কিছু তাৰতম্যভাৱে ৰোগ প্ৰতিৰোধ শক্তি শৰীৰে পাই থাকে আৰু যুক্তিকৃত বল হ’ল আমি আৰ্জিতভাৱে লোৱা ভেকচিন আদিও ইয়াৰ অন্তৰ্গত। তদুপৰি সংহিতা গ্ৰন্থত ইয়াক তিনিপ্ৰকাৰে পোৱা যায়
[ক] চেষ্টাজন্য– বিভিন্ন ব্যায়াম, যোগ-প্ৰাণায়াম আদিৰ দ্বাৰা শৰীৰে পোৱা জীৱনী শক্তি,
[খ] আহাৰজন্য– পৰিপুষ্ট বিষয়ক জ্ঞান, অষ্টবিধি আহাৰ বিধি,আহাৰ সেৱনৰ নিয়ম আদি আয়ুৰ্বেদ শাস্ত্ৰত নিৰ্দিষ্টভাৱে উল্লেখ আছে লগতে বয়স আৰু শ্ৰম অনুসাৰে আহাৰৰ পৰিমান নিৰ্ণয় কৰাত অতি গুৰুত্ব দিছে।
[গ] নৈমিত্তিক ৰসায়ন ৰসায়ন– ঘি, গাখীৰ আদি পুষ্ট দ্ৰব্য আহাৰৰ সৈতে সংযোজন, আমলখি, শিলিখা, ঔটেঙা, বেকেতা, জলফাই আদি ভিটামিন-চি যুক্তি পৰিপুষ্টক ফল, প্ৰয়োজন সাপেক্ষে ঔসধ আৰু পঞ্চকৰ্ম সিকিৎসা [ৰোগ বিশেষে বা স্বাভাৱিক স্বস্থ্য অটুত ৰখাৰ বাবে আয়ুৰৰ্বেদাক্ত পঞ্চবিধ সিকিৎসা পদ্ধতি] প্ৰয়োগ যুক্তিকৃত ব্যাধিক্ষমৰ অন্তগ্ৰত।আধুনিক চিকিৎসা বিজ্ঞানৰ মতে সুষথ আহাৰ [balance diet] যেনে– প্ৰ’টিন, শৰ্কৰা বা স্বেতসাৰযুক্ত খাদ্য, স্নেহ বা চৰ্বিযুক্ত খাদ্য, খাদ্য প্ৰান, খনিজ লৱণ আৰু পানী এই ছয় প্ৰকাৰ আয়ুৰ্বেদৰ মূল গ্ৰন্থ চৰক,সুশ্ৰুত আৰু বাসভট্ট সংহিতাত আহাৰ জাতীয় বিভিন্ন শ্ৰেণীত উল্লেখ আছে। চৰক সংহিতাৰ সূত্ৰ স্থানত উল্লেখ কৰিছে যে আয়ুৰ্বেদ সিকিৎসা বিজ্ঞানৰ উদ্দেশ্য দুটা ‘প্ৰয়োজনথচ অস্য স্বাস্থ্যস্য স্বাস্থ্য ৰক্ষণং আতুৰস্য প্ৰশমন্যট।’ অৰ্থাৎ সুস্থ ব্যক্তিৰ স্বাস্থ্য ৰক্ষা কৰা আৰু ৰোগীৰ ৰোগ প্ৰশমন কৰা। আয়ুৰ্বেদ চিকিৎসাৰ আঠটা অংগ, তাৰ ভিতৰত ৰসায়ন চিকিৎসা এটি অন্যতম শাখা যিটো ভেষজ চিকিৎসাৰ অন্তৰ্গত। ৰসায়ন চিকিৎসা হ’ল স্বাস্থ্যবৰ্দ্ধক যি ঔষধি বা ভেষজ আৰু খাদ্য দ্ৰব্যত মেধা, আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা[Immunity] বৃদ্ধি কৰে, ইয়াৰোপৰি তৰুণ্য অৱস্থা [Youthness] বাহাল ৰাখি বৃদ্ধ বা জড়া অৱস্থা পলমকৈ আনে তাকেই ৰসায়ন চিকিৎসা বোলা হয়। ক’ৰ’না মহামাৰী প্ৰতিৰোধ কৰিবলৈ হ’লে আমলখি, গুৰুচী, অশ্বগন্ধা, হৰিটকী, তুলসী, ব্ৰাহ্মী শং পুষ্পী, জটাখংসী, খিছমিছ, স্বী, আৰু পূৰ্বতে উল্লেখ কৰা দুগ্দ্ধ জাতীয় খাদ্য আদিবোৰ অতি প্ৰয়োজনীয়। আয়ুগ মন্ত্ৰালয়ে দিয়া নিৰ্দেশ অনুসৰি ডালচেনী, জালুক, তুলসী আৰু আদা মিশ্ৰিত চাহ, গাখীৰ আৰু হালধী মিশ্ৰন লগতে যোগ-প্ৰণায়ম অভ্যাস অতি প্ৰয়োজনীয় শৰীৰক নিৰোগী কৰি ৰাখিবলৈ হ’লে।