“কোভিদ” আক্ৰান্ত লোকসকলৰ ক্ষতি – আমাৰ সকলোৰে আছে নৈতিক দ্বায়িত্ব (এক আলোকপাত) -মানসী মিশ্ৰ

pc LSE Blogs

“কোভিদ” আক্ৰান্ত লোকসকলৰ ক্ষতি – আমাৰ সকলোৰে আছে নৈতিক দ্বায়িত্ব (এক আলোকপাত)

 

        গণসম্ৰাজ্য এতিয়া সংকটৰ মাজত। কোভিদ-১৯ মহামাৰীয়ে সমগ্ৰ ৰাজ্যখনকে বেয়াকৈ গ্ৰাস কৰিছে। ২০২১ বৰ্ষৰ আৰম্ভণিৰ পৰাই কোভিদ মহামাৰীৰ দ্বিতীয়টো ঢৌৱে ৰাজ্যখনক বেয়াকৈ গ্ৰাস কৰিছে। তাৰ আগতে ২০২০ বৰ্ষৰ আৰম্ভণিৰে পৰাই দেখা দিছিল কোভিদ-১৯ নামৰ নতুন ভাইৰাছ বিধে। এই নতুন অথচ ভয়াৱহ ভাইৰাছটোৰ বিষয়ে মানৱ সমাজৰ বিশেষ ধাৰণা নথকা হেতুকে ইয়ৈৰ দ্বাৰা মানৱ সমাজত ইয়াৰ যথেষ্ট ক্ষতি হৈছিল। বহু লক্ষ্যাধিক লোকৰ মৃত্যু হৈছে সমগ্ৰ বিশ্বত। বিশ্বৰ উন্নত দেশবোৰেও এই মহামাৰীৰ ভয়াবহতাৰ পৰা ৰক্ষা পোৱা নাছিল। ইটালীৰ দৰে স্বাস্থৰ ক্ষেত্ৰত অতি সচেতন, অতি উন্নত দেশো বেয়াকৈ বিধ্বস্ত হৈছিল। আমাৰ ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশ কোভিদ মহামাৰীৰ প্ৰকোপত বৰ বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে সেই কথা সকলোৰে অৱগত। বহুলেক আক্ৰান্ত হৈছে। আক্ৰান্ত সকলৰ বহুলোকৰ মৃত্যু হৈছে। দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত বহুলোক সুস্থ হৈ উঠিছে। আমাৰ ৰাজ্যখনকো বৰ বেয়াকৈ গ্ৰাস কৰিছে কৰোনা ভাইৰাছে। যোৱাবৰৰ বিস্তৰ ক্ষতিয়ে সমাজখনক বিশ্ষকৈ আৰ্থসামাজিক দিশটোত যথেষ্ট প্ৰভাৱ পেলাইছে। মহামাৰীৰ ভয়াবহতা বৃদ্ধি পোৱা হেতুকে দেশৰ লগতে আমাৰ ৰাজ্যখনতো বহুমাহ ধৰি তলাবন্ধ কাৰ্যসূচী অব্যাহত ৰাখিব লগা হৈছিল আৰু ইয়াৰ ফলতেই ৰাজ্যখনৰ অৰ্থনৈতিক দিশটোত এক মন্দাৱস্থাৰ সৃষ্টি হৈছে। ব্যৱসায় বানিজ্য কৰা লোকসকলে যথেষ্ট ব্যৱসায়িক লোকচানৰ সন্মূখীন হ’বলগীয়া হৈছে। ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহ দীৰ্ঘদিন ধৰি বন্ধ ৰাখিবলগীয়া হৈছে। কোভিদ-১৯ মহামাৰীৰ প্ৰথম ঢৌৰ ভয়াৱহ প্ৰভাৱ আঁতৰাৰ আগতেই কোভিদৰ দ্বিতীয়টো ঢৌৱে সামজখনক আৰু বেয়াকৈ জোকাৰি গ’ল। ইয়াত যথেষ্ট সংখ্যক লোক আক্ৰান্ত হৈছে আৰু একপ্ৰকাৰ চিকিৎসালয় সমূহত ৰোগীৰ বাবে অক্সিজেনৰ অভাৱ হৈছে। ৰোগীৰ সংখ্যা শেহতীয়াভাৱে ইমান বাঢ়ি গ’ল যেৰাজ্যৰ অন্যান্য ভিতৰুৱা অঞ্চলৰ চিকিৎসালয়সমূহত বিচনা আছে যদিও পৰ্য্যাপ্ত পৰিমাণে চিকিৎসা সজুলিৰ অভাৱ হৈছে। ক’ৰবাত আকৌ পৰ্য্যাপ্ত পৰিমাণে চিকিৎসক চিকিৎসাকৰ্মী নাই। অক্সিজেনৰো অভাৱ হৈছে কোনো কোনো ঠাইত। গতিকে কভিদৰ দ্বিতীয়টো ঢৌত ৰোগটোৰ ভয়াৱহতা অধিক হোৱা বাবে মৃত্যুৰ সংখ্যাও যোৱাবাৰৰ তুলনাত যথেষ্ট বেছি। যিহেতুকে ৰোগটো আমাৰ সমাজত একেবাৰে আৰু এতিয়ালৈকে কোনো নিৰ্দিষ্ট চিকিৎসা পদ্ধতি উদ্ভাৱন হোৱা নাই সেইবাবে সমাজত ৰোগটোৰ প্ৰতি কিছু ভয়াৱহতা থকাটো স্বাভাৱিক। কিন্তু যোৱাটো বছৰৰ পৰা হৈ থকা এই মহামাৰী যেন এতিয়া মানুহৰ বাবে কিছু পৰিমাণে হ’লেও পৰিচিত হ’ল। এতিয়া প্ৰায় সংখ্যক শিক্ষিত, বোধগম্যতা থকা ব্যক্তিসকলে বুজি উঠিছে যে এই ৰোগটোৰ পৰা ব্যক্তিজনৰ শাৰীৰিক, মানসিক ক্ষতিৰ ভয়াৱহতা নাই। কিন্তু তাতোকৈ সমাজত কিছুসংখ্যক লোকৰ পৰাহে বেমাৰটোৰ ভয় বেছি হৈছে। সমাজৰ কিছু সংখ্যক ব্যক্তিয়ে এই কৰোনা ভাইৰাছত আক্ৰান্ত লোকসকলৰ প্ৰতি এই অস্পৃশ্ব মনোভাৱ দেখুৱাবলৈ লৈছে। ছপামাধ্যম, বৈদ্যুতিন মাধ্যমৰ যোগেদি বহুকেইটা এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা পোহৰলৈ আহিছে য’ত কোনো এজ০ন ব্যক্তিয়ে কোভিদ-১৯ অত আক্ৰান্ত হৈ চিকিৎলয়ত সম্পূৰ্ণ  সুস্থ হৈ ঘৰলৈ উভতি অহাৰ পিছত যি ধৰণৰ আচৰণৰ সন্মুখীন হয়, সেই সমুহ ঘটনা দেখিলে দুচকু সেমেকি উঠে। ৰোগা এজমক মানসিকভাৱে সাহস, উৎসাহ যোগোৱাৰ পৰিৱৰ্ত্তে সুস্থ হৈ উঠা ব্যক্তিজনৰ লগতে তেওঁৰ পিতৃ-মাতৃ, পৰিয়ালৰ অন্যলোকসকলেও সমাজৰ, চুবুৰীৰ লোকসকলৰ পৰা অৱহেলাৰ সন্মুখীন হৈ আহিছে। এইয়া দুৰ্ভাগ্যজনক। বিগত কিছুদিনৰ পৰা ৰাজ্যখনৰ ভিন্ন প্ৰন্তত বহুকেইজন লোক সংক্ৰমিত হৈছে। এনে স্থলত আক্ৰান্ত ব্যক্তিসকলৰ প্ৰতি যিসকল ব্যক্তিয়ে অশোভনীয় আচৰণ কৰিছে অথবা কটু মন্তব্য আগবঢ়াইছে, সেইসকল ব্যক্তিৰ দেহলৈও যে কেতিয়াও এই ৰোগ নাহিবই, সেই কথা কোনেও শেষ কৰি কব নোৱাৰে। সেয়েহে এই কভিদ আক্ৰান্ত লোকসকলৰ প্ৰতি কোনেও ঘৃণাৰ মনোভাব পোষণ কৰিব নাপায়। বৰং সমাজত বাস কৰি থকা প্ৰতিজন লোকৰে সামাজিক দ্বায়বদ্ধতা আছে এইসকল লোকৰ প্ৰতি। কোভিদ আক্ৰান্ত লোকসকল স্বাস্থসেৱা প্ৰদান কৰি সম্পূৰ্ণ  সুস্থ কৰি তুলিবলৈ সকলো ভয়, শংকা তুচ্চ কৰি একেবাৰে সমুখত থিয় হৈ আছে। সম্পূৰ্ণ সুস্থ হৈ উঠীৰ পিছত, সকলো ফালৰ পৰা বিপদমুক্ত হোৱাৰ পিছতহে ঘৰলৈ যাবলৈ দিয়া হয়। গতিকে ঘৰ পোৱাৰ পিছত প্ৰতিবেশী সকলে তেওঁলোকক লৈ অযথা ভয় শংকা কৰাৰ লগতে বহু সময়ত তেওঁলোকৰ প্ৰতি কটু মন্তব্য কৰাটো মুঠেই সমীচীন নহয়। কৰোনা আক্ৰান্ত হোৱা লোকসকলৰ বহু সময়ত মানসিক বমোবল কমি যায় আৰু বহুতেই একপ্ৰকাৰ হতাশাত ভোগে। হস্পিতালত থকা দহ-পোন্ধৰ দিন তেওঁলোকেসম্পূৰ্ণ আছুতীয়াকৈ ৰখা কোঠাত অকলশৰে সময় পাৰ হ’বলগীয়া হয়। ঘৰৰ মানুহ, বন্ধু-বান্ধবৰ পৰা সম্পূৰ্ণ আঁতৰত থাকিবলগীয়া হয় বহুকোইটা দিন। এনে পৰিস্থিতিত তেওঁলোক মানসিকভাৱে কিছু দুৰ্বল হৈ পৰাটো স্বাভাৱিক কথা। সেয়েহে এই মানসিক ৰোগাসকলক মানসিকভাৱে উৎসাহ যোগাবলৈ, যোগ, ধ্যান, প্ৰাৰ্থনা আদিৰ দৰে বহু কাৰ্যসূচীৰ হাতত লৈছে। সেয়েহে আমাৰ কোনো পৰিচিত ব্যক্তি কোভিদ আক্ৰান্ত বুলি জনাৰ পিছত আমি ওচৰ-চুবুৰীয়া বন্ধু-বান্ধৱী সকলে মানসিকভাৱে উৎসাহ য়োগোৱাটোহে দৰকাৰ। তেওঁলৈ অৰ্থাৎ সেই সুস্থ হৈ উঠা ব্যক্তি সকললৈ ফোন কৰি, সামাজিক মাধ্যমযোগেও আমি বাৰ্তালাপ কৰি উৎসাহ যোগাব পাৰোঁ। বিভিন্ন ইতিবাচক কথাৰে তেওঁলোকক মানসিকভাৱে সৱল কৰি তোলাত আমি কিঞ্চিত হ’লেও অৰিহণা যোগাব পাৰোঁ। কোনো কোনোৱে হয়তো অৰ্থ সংকটত ভূগিব পাৰে, ঘৰলৈ উভতি অহাৰ পিছত তেওঁৰ ঘৰত প্ৰয়োজনীয় সা-সামগ্ৰী নাথাকিবও পাৰে, গতিকে তেনেক্ষেত্ৰত আমি সেইসমূহ কথাহে সোধপোছ কৰি প্ৰয়োজন সাপেক্ষে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি যাব লাগে। ইয়াৰ লগে লগে আক্ৰান্ত হোৱা ব্যক্তি সকলৰ মনলৈ এক বিশেষ উৎসাহ আহিব আৰু তেওঁলোকে ভবিষ্যতৰ দিন সমূহলৈ স্বাভাৱিকভাৱে আগবাঢ়ি যাবলৈ সাহস  পাব। আনে বিপদত পৰিলে সমালোচনা কৰাটো আটাইতকৈ সহজ কাম, কিন্তু সেই বিপদটোৰ পৰা উদ্ধাৰ হ’বলৈ আনক উদাৰভাৱে সহায় কৰাটোহে আটাইতকৈ কঠিন কাম। বেছি সংখ্যক মানুহেই আমাৰ এই মহামাৰীৰ যুজখন সফল কৰি তোলাৰ ক্ষেত্ৰত সমৰ্থন আৰু সহযোগিতা আগবঢ়ইছে। কিন্তু ইয়াৰ মাজতে কিছুসংখ্যক মানুহৰ অবিবেচক সিদ্ধান্ত আৰু কাৰ্য্যকলাপে আমাৰ সমাজৰ বহুসংখ্যক মানুহক বিপদত পেলাইছে। এনে মানুহৰ কথা সংবাদ মাধ্যমৰ যোগেদি পোহৰলৈ আহিছে যে যিসকলে নিজৰ ঘৰত ভাড়াতীয়া হিচাপে থকা চিকিৎকৰ্মীক ঘৰৰ পৰা ওলাই যাবলৈ অৰ্থাৎ ভাড়াঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছে। কৰোনা মহামাৰীৰ এই যুদ্ধখনত একাগ্ৰতা আৰু নিষ্ঠা সহকাৰে চিকিৎসা আগবঢ়োৱাটোৱে তেওঁলোকৰ অপৰাধ। কোনো কোনো ধন লোভী মানুহে আকৌ ভাড়তীয়া লোকক তলাবন্ধ কাৰ্য্যসূচীৰ সময়ত এমাহৰ ভাড়া সময় মতে দিব নোৱাৰা বাবেই ঘৰ এৰি যাবলৈ কাঢ়া নিৰ্দশ দিছে। ঠিক সেইদৰে কৰোনা ভাইৰাছত  আক্ৰান্ত হৈ দূৰ্ভাগ্যবশত মৃত্যুবৰণ কৰা লোকসকলৰ প্ৰতিও বহুতেই অস্পৃশ্যতা মনোভাৱ পোষণ কৰে। সংবাদ মাধ্যম যোগে এনেধৰণৰ কেইবাটাও ঘটনা ৰাইজে প্ৰত্যক্ষ কৰিছে। এই কথাটোক লৈয়েই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু হুস্থূলৰ সৃষ্টি হৈছে। আমি সকলোৱে ভিবি চিন্তি বিজ্ঞানসন্মত কথাটোৰ ওৰতৰ গুৰুত্ব দিব লাগে। বিজ্ঞান সন্মত চিন্তাধাৰাৰ প্ৰতি বিশ্বাস ৰাখি অনাগত দিনত ৰাইজে ৰাজ্য প্ৰশাসন আৰু মৃতকৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা কৰিব লাগে। চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলে অতি আদৰ আৰু জত্নৰে নিচেই কাষৰে পৰা ৰোগীসকলক সুস্থ কৰি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছে। ফলশ্ৰুতিত অধিকাংশ লোকেই সম্পূৰ্ণ সুস্থ হৈ  ঘৰলৈ উভতি গৈছে। দূৰ্ভাগ্যবশত দুই এজন লোকে মৃত্যুবৰণ কৰিছে। সেই লোকসকলৰ প্ৰতি আমি ঘৃণা, অস্পৃশ্বতা প্ৰদৰ্শন নকৰি সন্মান সহকাৰে বিদায় দিবলৈ যত্ন কৰা উচিত। একেদৰেই যিসকলে সুস্থ হৈ নিজৰ ঠইখনলৈ, ঘৰখনলৈ গৈছে তেওঁলোকক স্বাভাৱিক জীৱন-যাপন কৰাত ৰাইজে সম্পূৰ্ণ সহযোগিতা আগবঢ়াওঁক। কোনো এজন ব্যক্তিয়ে “কোভিদ-১৯”অত আক্ৰান্ত হোৱাটো তেওঁক কোনো অপৰাধ নহয় আৰু সামাজিকভাৱে অস্পৃশ্ব তেওঁ কোনো কাৰণতে হ’ব নোৱাৰে। আমি সকলোৱে আশা কৰিছো কৰোনা ভাইৰাছ সোনকালে নিৰ্বাপিত হ’ব পৃথিৱীৰ পৰা। সেয়েহে এই সময়ত আমাৰ ধৈৰ্য্য, সংযম আৰু পাৰস্পৰিক সহযোগিতাৰ প্ৰয়োজন হ‘ব।

– মানসী মিশ্ৰ