কোভিড-১৯ৰ বৰ্ধিত ঘটনাৰ বাবে বিচিচিআইয়ে মহিলা টি-২০ লীগ, ৰঞ্জী আৰু চি কে নায়ুডু ট্ৰফী স্থগিত ৰাখিছে

Pc News On Air

কোভিড-১৯ৰ বৰ্ধিত ঘটনাৰ বাবে বিচিচিআইয়ে মহিলা টি-২০ লীগ, ৰঞ্জী আৰু চি কে নায়ুডু ট্ৰফী স্থগিত ৰাখিছে

ৰঙিলী বাৰ্ত্তাসেৱা-  বিচিচিআইয়ে দেশত বৰ্ধিত কোভিড-১৯ ঘটনাৰ বাবে ২০২১-২২ বৰ্ষৰ বাবে ৰঞ্জী ট্ৰফী, কৰ্ণেল চি কে নায়ুডু ট্ৰফী আৰু ছিনিয়ৰ মহিলা টি-২০ লীগ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ৰঞ্জী ট্ৰফী আৰু চি কে নায়ুডু ট্ৰফী এই মাহত আৰম্ভ হোৱাৰ কথা আছিল আনহাতে মহিলা টি-২০ লীগ ফেব্ৰুৱাৰীত আৰম্ভ হ’ব। অৱশ্যে, চলিত কুচবিহাৰ ট্ৰফী নিৰ্ধাৰিত সূচী অনুসৰি অব্যাহত থাকিব।