কোভিড-১৯ৰ ডেল্টা প্ৰকাৰণৰ দ্বাৰা সংক্ৰমিত ভাৰতীয় ক্ৰিকেটাৰ ‘ঋষভ পণ্ট’

pc Zoom News.jpg

অনলাইন বাৰ্ত্তাসেৱা – টীম ইণ্ডিয়াৰ উইকেটকিপাৰ তথা বেটছমেন ঋষভ পণ্টে ২০ দিনৰ বিৰতিৰ সময়ছোৱাত ইংলেণ্ডত কোভিড-১৯ৰ ডেল্টা ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত হৈছিল, বি.চি.চি.আই.ৰ এক সূত্ৰই প্ৰকাশ কৰে। তেওঁ যোৱা আঠ দিন ধৰি এককভাৱে আছে আৰু ‘ডাৰহাম’ত ‘bio-bubble’ত যোগদান নকৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ২৩ বছৰীয়া খেলুৱৈজনে লণ্ডনৰ ৱেম্বলী ষ্টেডিয়ামত জাৰ্মানীৰ আৰু ইংলেণ্ডৰ ইউৰো মেচত অংশ গ্ৰহণ কৰিছিল।

(UD.)