কোভিড সংক্ৰমণৰ নতুন ঘটনাত ক্ষেত্ৰত বিশ্বৰ ভিতৰত শীৰ্ষ স্থানত আছে ভাৰত

pc Marmore MENA Intelligence

অনলাইন বাৰ্ত্তাসেৱা – দেওবাৰে সমগ্ৰ বিশ্বতে কৰ’নাত আক্ৰান্ত হয় ৩,২৭,৮৫৭জন লোক। এই সময়ছোৱাত সমগ্ৰ বিশ্বতে সংক্ৰমণৰ ফলত ৬,০০৭জন লোকৰ মৃত্যু হয় ৷ অৱশ্যে, দেওবাৰৰ দিনটোত ২ লাখ ৯৭ হেজাৰ ২৯৯জন ক’ৰ’নাক্ৰান্ত লোক সুস্থও হোৱা দেখা যায়। ইফালে, ব্ৰিটেইনত দ্ৰুতগতিত বিয়পিছে কৰ’নাৰ তৃতীয় লহৰ। দেশখনত বিগত ৭দিনৰ পৰা সংক্ৰমণৰ ২০ হেজাৰৰো অধিক ঘটনা পোহৰলৈ আহিব ধৰিছে। দেওবাৰে ব্ৰিটেইনত ২৪,২৪৮জন লোক কৰ’নাৰ কবলত পৰে আৰু ১৫জন লোকৰ মৃত্যু হয়। সংক্ৰমণৰ নতুন ঘটনাত ক্ষেত্ৰত বিশ্বৰ ভিতৰত ভাৰত শীৰ্ষ স্থানত আছে। দেওবাৰে ভাৰতত ৪০হেজাৰৰো অধিক লোক সংক্ৰমণৰ বলি হয়। ইয়াৰ পাছতে ব্রাজিলত ২৭,৭৮৩জন, ইণ্ডোনেছিয়াত ২৭,২৩৩জন, কলম্বিয়াত ২৬,২৬৫জন আৰু ৰাছিয়াত ২৫,১৪২জন লোকৰ কৰ’না পৰীক্ষাৰ প্ৰতিবেদন পজিটিভ বুলি ধৰা পৰে। বিগত ২৪ ঘণ্টাত ব্ৰাজিলত কৰ’নাৰ বাবে সৰ্বাধিক মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে। দেওবাৰে সংক্ৰমণৰ বাবে দেশখনত ৭৭৬জন লোকে প্রায় হেৰুৱায়৷ ৰাছিয়াত দেওবাৰৰ দিনটোত মহামাৰীয়ে ৬৬৩জন, কলম্বিয়াত ৫৮২জন, ইণ্ডোনেছিয়াত ৫৫৫জন, দক্ষিণ আফ্রিকাত ৩৩৩জন আৰু আৰ্জেণ্টিনাত মৃত্যু হয় ৩১০জন লোকৰ।

(UD.)