কোভিড প্ৰটʼকল ভংগ কৰে স্বয়ং মুখ্য সচিব জিষ্ণু বৰুৱাই

pc- Pratidin Time

কোভিড প্ৰটʼকল ভংগ কৰে স্বয়ং মুখ্য সচিব জিষ্ণু বৰুৱাই

অনলাইন বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ পেঞ্চন আৰু ৰাজহুৱা ওজৰ আপত্তি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব তথা আছাম এডমিনিষ্ট্রেটিভ ট্রিবিউনেলৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰি থকা আই এ এছ বিষয়া ভি এছ ভাস্কৰে যোৱা ৩১ জুলাইত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা আই এ এছ বিষায়ক বিদায় সম্বৰ্ধনা জনোৱাৰ নামত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ৰাজ্য চৰকাৰৰ কোভিড এছ অ’ পি ভংগ কৰি নিশা আয়োজন কৰে এক বিলাসী নৈশভোজৰ। আই এ এছ কলনিত মুখ্য সচিবৰ বাংলোৰ কাষতে থকা ক্রীড়া ক্ষেত্ৰত আয়োজন কৰা হয় এই নৈশভোজৰ। এই নৈশভোজত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ প্ৰায়সংখ্যক জ্যেষ্ঠ বিষয়াবৰ্গ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ। প্রতি সপ্তাহতে ঘোষণা কৰি অহা কোভিড এছ অʼ পিত দুদিন পূর্বে মুখ্য সচিবে কিছু শিথিলতাৰ কথা ঘোষণা কৰিছিল যদিও পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত মৃতকৰ শেষকৃত্য, বিবাহ অনুষ্ঠান বা আন যিকোনো ৰাজহুৱা অনুষ্ঠানতে ১০ জনতকৈ অধিক লোক গোট খাব নোৱাৰিব, পিছে দুদিন পূর্বে স্বয়ং মুখ্য সচিব স্বাক্ষৰিত এছ অ’পিত উল্লেখ কৰা এনে কঠোৰ নীতি-নিয়মক উলংঘন কৰিলে স্বয়ং মুখ্য সচিবেই ।উল্লেখ্য যে কোভিড প্ৰটʼকল ভংগ কৰি  বিদায় সম্ভাষণ জনাবলৈ স্বয়ং মুখ্য সচিবৰ নেতৃত্বত আয়োজিত এই নৈশভোজক লৈ অসন্তুষ্ট হৈ পৰিছে দিছপুৰৰে একাংশ শীর্ষ আমোলা-বিষয়া।

 

(R.T)