কোভিড নিয়ম উলংঘা কৰাৰ বাবে মুম্বাইত এপি ধিলনৰ কনচাৰ্টৰ আয়োজকসকলৰ বিৰুদ্ধে এজাহাৰ

PC Times Of India

কোভিড নিয়ম উলংঘা কৰাৰ বাবে মুম্বাইত এপি ধিলনৰ কনচাৰ্টৰ আয়োজকসকলৰ বিৰুদ্ধে এজাহাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুম্বাই আৰক্ষীয়ে চহৰখনত এপি ধিলনৰ কনচাৰ্টৰ আয়োজকসকলৰ বিৰুদ্ধে কোভিড-১৯ নিয়ম উলংঘা কৰাৰ বাবে এজাহাৰ দাখিল কৰিছে। দেওবাৰে গ্ৰেণ্ড হায়াতৰ দ্য ব্লেক বক্সক্সত সংগীতানুষ্ঠানটো অনুষ্ঠিত হৈছিল, য’ত চাৰা আলী খান আৰু জাহ্নৱী কাপুৰকে ধৰি কেইবাজনো চেলিব্ৰিটি উপস্থিত আছিল। অমাইক্ৰন ৰ ঘটনা বৃদ্ধি হোৱাৰ বাবে, মুম্বাইত বৃহৎ সমাৱেশ নিষিদ্ধ কৰা হৈছে।