কোভিড কালত বৃদ্ধি হৈছে শিশু শ্ৰমৰ হাৰ

pc Missions Box

অনলাইন বাৰ্ত্তাসেৱা – এইটো এটা অতি পৰিতাপৰ বিষয় যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিশু শ্রমিকৰ সংখ্যা বৃদ্ধি পাই আহিছে। ৰাষ্ট্ৰসংঘই বৃহস্পতিবাৰে প্ৰকাশ কৰে যে বিশ্বত প্রতি ১০ টা শিশুৰ ভিতৰৰ এটা শিশুৱে কাম কৰিবলৈ বাধ্য হৈছে। আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংস্থা (আই এল অ’) আৰু ইউনিচেফে কয় যে ২০১৬ বৰ্ষত শিশু শ্রমিকৰ সংখ্যা ১৫২ নিযুতৰ পৰা বৃদ্ধি হৈ ১৬০ নিযুত হৈছেগৈ। ইউনিচেফৰ মতে জনসংখ্যা বৃদ্ধি, দৰিদ্ৰতাৰ বাবে আফ্রিকাত শিশু শ্রমিকৰ সৰ্বাধিক বৃদ্ধি পৰিলক্ষিত হৈছে। ইউনিচেফৰ কাৰ্যবাহী সঞ্চালক হেনৰিটা ফোৰে ১২ জুনৰ ‘বিশ্ব শিশু শ্রমিক নিষেধ দিৱস’ৰ প্ৰাক্‌ক্ষণত কয়— ‘শিশু শ্ৰমৰ বিপক্ষে চলাই থকা যুঁজখন জটিল হৈ পৰিছে। বিশেষকৈ বিগত বছৰটোৱে এই যুঁজখনক অধিক প্ৰত্যাহ্বানলৈ ঠেলি দিছে৷’ ৰাষ্ট্ৰসংঘই ২০২১ বর্ষক শিশু শ্রম উন্মূলনৰ বাবে আন্তঃৰাষ্ট্ৰীয় বৰ্ষ হিচাপে ঘোষণা কৰি ২০২৫ চনলৈ উক্ত প্ৰথাক সমাপ্ত কৰাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে তৎকালে ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে।