“কোভিড আৰু শিশু সুৰক্ষা” – ডাঃ যুতিকা ওজা

Jutika Oja

কোভিড আৰু শিশু সুৰক্ষা

ডাঃ যুতিকা ওজা

এতিয়া সকলো মানুহৰ মুখত প্ৰায়ভাগ সময়তে এটা শব্দ শুনা যায় । সেয়া হৈছে কোভিড-১৯। এইটো শব্দই বহুতৰে টোপনি হৰণ কৰিছে। চকুৰে মনিব নোৱাৰা এই ভাইৰাছে গোটেই পৃথিৱীকে কঁপাই দিছে। ২০১৯ চনৰ ডিচেম্বৰত প্ৰথমবাৰলৈ দেখা দিয়া এই ৰোগ এটা সময়ত কমি যোৱা যেন লাগিছিল, আক্ৰান্তৰ সংখ্যাও ক্ৰমাৎ কমি আহিছিল। ভাবিছিলো সংকট পাৰ হ’ল, কিন্তু সেই সুখ বেছি দিন নিটিকিল৷ আকৌ নতুন ৰূপত আগতকৈ বেছি শক্তিশালী হৈ দ্বিতীয় টৌৰূপে কোভিড আহিল। এইবাৰ আগতকৈ বেছি লোক আক্রান্ত হোৱাৰ লগতে বহু লোকৰ মৃত্যুও হ’ল। বহু চিনাকি মুখ এইবাৰ কোভিডত হেৰুৱালো ৷ এই ভয়াৱহ দিনবোৰ কেতিয়া শেষ হ’ব চিন্তা কৰি থাকোঁতে আকৌ তৃতীয় ঢৌৰ প্ৰসংগ ওলাইছে, যিটো আগতকৈ বেছি ভয়াৱহ হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। অৱশ্যে এতিয়ালৈ কোনেও এই বিষয়ত থিৰাংকৈ বিশেষ ক’ব পৰা নাই। তথাপি এই তৃতীয় টৌত সৰু ল’ৰা-ছোৱালী আৰু চেমনীয়াসকল আক্রান্ত হোৱাৰ সম্ভাৱনা বেছি বুলি বহুতে মতপোষণ কৰিছে। সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ গুলেৰিয়াই এই তৃতীয় টৌ অতি সোনকালে আহিব পাৰে বুলি জনাইছে। অৱশ্যে ভাৰতবৰ্ষত এতিয়ালৈকে দ্বিতীয় টৌ চলি আছে। এই দ্বিতীয় টৌত যিকোনো বয়সৰ মানুহ আক্ৰান্ত হৈছে। প্রথম টৌত আক্ৰান্তৰ ভিতৰত বিশ বছৰৰ তলত ১২ শতাংশতকৈ কম লোক আক্ৰান্ত হৈছিল। প্রথম ঢৌৰ সময়ত এই ভাইৰাছৰ দ্বাৰা বিশেষকৈ বয়সীয়া লোক আৰু অন্য ৰোগৰ দ্বাৰা আক্ৰান্ত ব্যক্তি (বহুমূত্র, উচ্চ ৰক্তচাপ, বৃক্কৰ ৰোগ, হাওঁফাওঁৰ ৰোগ, হৃদযন্ত্ৰৰ ৰোগ) বেছিকৈ আক্রান্ত হোৱা পৰিলক্ষিত হৈছিল। সৰু ল’ৰা-ছোৱালী আৰু চেমনীয়াৰ আক্ৰান্তৰ হাৰ খুব কম আছিল৷ কিন্তু এইবাৰৰ দ্বিতীয় ঢৌত সৰু ল’ৰা-ছোৱালীৰ লগতে সকলো বয়সৰেই লোক আক্রান্ত হোৱা দেখা গৈছে। এতিয়া অৱশ্যে এই ৰোগ প্ৰতিৰোধৰ বাবে প্রতিষেধক টিকা ওলাইছে। যিসকলে এই প্ৰতিষেধক টিকাৰ দুটা খোৰাক (Dose) লৈছে, তেওঁলোকে এই ৰোগৰ পৰা কিছু পৰিমাণে সুৰক্ষা লাভ কৰিছে। তথ্য অনুযায়ী ভেকচিন লোৱা লোকসকলৰ ভিতৰত কোনো কোনোৱে কোভিডৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। কিন্তু তেওঁলোক গুৰুতৰ বা সংকটজনক অৱস্থালৈ নাযায়৷ তেওঁলোকৰ পৰা হ’ব পৰা সংক্ৰমণৰ হাৰো তেনেই কম। এতিয়ালৈ এই ৰোগৰ বিৰুদ্ধে ওলোৱা এই ভেকচিনেই হ’ল এক মুখ্য অস্ত্ৰ। অৱশ্যে ভেকচিন লোৱাসকলেও কোভিড সম্বন্ধীয় নিয়মাৱলী মানি চলিব লাগে। বৰ্তমানলৈকে ওঠৰ বছৰ বয়সৰ তলত এই ভেকচিন প্রদান ব্যৱস্থা কৰা হোৱা নাই । সেইবাবে বহুতে পৰৱৰ্তী সময়ত শিশু অৰু চেমনীয়াসকল বেছিকৈ আক্রান্ত হ’ব পাৰে বুলি ভাবিছে। এইবাৰৰ দ্বিতীয় টৌত আক্রান্ত শিশুসকলৰ বেছিভাগেই সাধাৰণ লক্ষণৰ দ্বাৰা আৰু বহুতেই কোনো লক্ষণ নোহোৱাকৈ নিৰোগী হৈছে। যিসকল শিশুৰ জন্মগত বিসংগতি আছে (যেনে শ্বাস-প্রশ্বাসৰ ৰোগ, বৃক্কৰ ৰোগ আদি) তেনে শিশু সহজে অক্ৰান্ত হৈছে আৰু বহু ক্ষেত্ৰত গুৰুতৰ অৱস্থালৈ গৈছে। তদুপৰি বহু সময়ত শিশুসকলে শৰীৰ ভালে নাথাকিলেও লক্ষণসমূহ বুজাই ক’বলৈ অপাৰগ। এই ক্ষেত্ৰত মাক- দেউতাকৰ এক উল্লেখযোগ্য ভূমিকাও আছে। এই সময়ত শিশুৰ অভিভাৱকসকল যথেষ্ট সচেতন হোৱা উচিত।

কোভিড সম্ভন্ধীয় নিয়মাৱলীসমূহ যেনে— সঘনাই হাত ধোৱা, মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা আদি বহু সময়ত ল’ৰা-ছোৱালীসকলে পালন নকৰে আৰু ইয়াৰ গুৰুত্ব বুজি নাপায়। সেইবাবে এওঁলোকৰ কোভিড হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব  পাৰে৷ সেয়েহে শিশুৰ মাক- দেউতাকৰ লগতে ঘৰৰ বাকী সদস্যসকলো সাৱধান হোৱা প্ৰয়োজন ৷

তদুপৰি চৰকাৰেও এই সম্ভাব্য তৃতীয় টৌৰ লগত মোকাবিলা কৰিবলৈ আৰু লগতে শিশুসকলৰ বাবে বিশেষ ধ্যান ৰাখি বিভিন্ন ব্যৱস্থা লৈছে। অসমতো ইতিমধ্যে শিশুসকলক কোভিডৰ পৰা সুৰক্ষা দিবলৈ ব্যৱস্থা হাতত লোৱা হৈছে। চিকিৎসালয়সমূহত শিশুৰ চিকিৎসাৰ বাবে আছুতীয়া কক্ষৰ ব্যবস্থা কৰা হৈছে। আই চি ইউৰ ব্যৱস্থাও কৰা হৈছে । স্বাস্থ্যকর্মীসকলক বিশেষভাৱে প্ৰশিক্ষণ দিয়াৰ লগতে পর্যাপ্ত দৰবৰ ব্যৱস্থা কৰা হৈছে। অভিভাৱকসকলেও শিশুসকলক ঘৰতে ৰাখি প্রয়োজনীয় কোভিড নিয়মাৱলীসমূহ পালন কৰাব লাগে ৷ হাত ভালদৰে ধোৱা, পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা, স্বাস্থ্যসম্মত খাদ্য খোৱা আদি অভ্যাসে সকলোকে কোভিডৰ লগতে আন বহু ৰোগৰ পৰাই নিলগত ৰাখিব।