“কোভিডৰ সংকটকাল” – ডাঃ যুতিকা ওজা – অধ্যাপিকা, কমিউনিটী মেডিচিন বিভাগ, জি এম চি

The Financial Express

বর্তমান কোভিড-১৯ ৰোগে ভাৰতবৰ্ষত এক জটিল ৰূপ ধাৰণ কৰিছে। পৃথিৱীৰ বহু দেশত এই ৰোগৰ প্ৰাদুৰ্ভাৱ কমিছে যদিও ভাৰতত এই ৰোগে মহামাৰী ৰূপত তাণ্ডৱলীলা চলাইছে। এইবাৰৰ এই দ্বিতীয় টৌ যোৱাবাৰতকৈ বেছি ভয়াৱহ। এইবাৰ এই ভাইৰাছ বেছি শক্তিশালী ৰূপত আহিছে। সেয়েহে এইবাৰ আক্ৰান্তৰ হাৰ তথা মৃত্যুৰ হাৰো বেছি। গতিকে আমি আগতকৈ বেছি সজাগ আৰু সতর্ক হোৱা প্রয়োজন। কোভিড আক্ৰান্তৰ প্ৰায় ৪৮ শতাংশই হ’ল লক্ষণবিহীন বা সাধাৰণভাৱে লক্ষণ দেখা দিয়া ৰোগী। যদিও কোভিডৰ দ্বাৰা আক্রান্তই চিকিৎসালয়ত চিকিৎসা ল’ব লাগে তথাপি ওপৰোক্ত লোকসকলে ঘৰতে থাকি চিকিৎসা কৰিব পাৰে (Home Isolation) যদিহে চৰকাৰীভাৱে বান্ধি দিয়া নিয়মসমূহ মানি চলে।

লক্ষণবিহীন ৰোগী মানে যিসকল লোক কোভিডপৰীক্ষাত পজিটিভ, কিন্তু কোনো লক্ষণ নাই, অক্সিজেন চেশ্যুৱেশনৰ মাত্ৰা ৯৫% বা বেছি আৰু সাধাৰণভাৱে লক্ষণ থকা ৰোগী যেনে পানীলগা, কাহ, সাধাৰণ জ্বৰ তথা অক্সিজেন চেশ্যুৰেশনৰ মাত্ৰা ৯৫% বা বেছি সেইসকল লোককহে ঘৰত আছুতীয়াকৈ থাকিবৰ বাবে পৰামৰ্শ দিয়া হৈছে।

বর্তমান বহুতো ৰোগীয়ে আছুতীয়াকৈ থাকিব বুলি ঘৰতে আছে যদিও সকলো নীতি-নিয়ম মানি চলা নাই। ফলত ঘৰৰ বাকী সদস্যসকলো আক্ৰান্ত হৈছে। আক্রান্তসকলে ঘৰতে আছুতীয়াকৈ কোঠাত থাকিব লাগে, লগতে সংলগ্ন শৌচাগাৰ আৰু স্নানাগাৰ থাকিব লাগে। ঘৰত যদি বয়সিয়াল লোক বা সৰু ল’ৰা-ছোৱালী আছে তেন্তে আছুতীয়াকৰণৰ অনুমতি নাই। এই কথাটো সকলোৱে জনা উচিত যে লক্ষণ নাথাকিলেও আক্রান্তজনে এই ৰোগ সংক্ৰমিত কৰিব পাৰে। এটা গুৰুত্বপূৰ্ণ কথা হ’ল ঘৰতে নিলগীয়াকৰণ কৰি থাকিলেও স্বাস্থ্যকৰ্মীৰ লগত সম্পৰ্ক ৰাখিব লাগে যাতে প্রয়োজন অনুসাৰে পৰামৰ্শ ল’ব পৰা যায়। বহু ক্ষেত্ৰত স্বাস্থ্যকৰ্মীৰ পৰামৰ্শ নোলোৱাকৈ থকা ৰোগী বহুতো সমস্যাৰ সন্মুখীন হৈছে। আন একাংশই নিজাববীয়াকৈ চিকিৎসা কৰা দেখা গৈছে। বহুতো ৰোগীৰ অক্সিজেন চেশ্যুৰেশনৰ মাত্ৰা বহুখিনি কমি যোৱাৰ পাছতহে চিকিৎসালয়লৈ অহাৰ বাবে চিকিৎসাৰ ক্ষেত্ৰত বহু জটিলতা আহিছে। যিয়ে এই ৰোগক গুৰুতৰ পৰ্যায়লৈ লৈ গৈছে। বহুতো ৰোগীয়ে ষ্টেৰইড জাতীয় দৰব নিজে ব্যৱহাৰ কৰিবলৈ লোৱাৰ ফলত চিকিৎসাৰ ক্ষেত্ৰত বহুতো অসুবিধা আহিছে। ঠিক সেইদৰে বহুতে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ঘৰতে অক্সিজেন চিলিণ্ডাৰ আনি ব্যৱহাৰ কৰিছে আৰু এটা সময়ত ৰোগ গুৰুতৰ হৈছে। আনহাতে কিছুমান লক্ষণবিহীন ৰোগীয়ে ঘৰত নিলগীয়াকৰণ হৈ আছে যদিও মাজে-সময়ে ঘৰৰ বাহিৰ ওলাইছে, বজাৰ সমাৰ কৰিছে, আনকি কোনো কোনো এলেকাত দোকান আদি দি ব্যৱসায় পর্যন্ত চলাইছে, যিয়ে সকলোৰে বাবে ৰোগৰ সংক্ৰমণত অৰিহণা যোগাইছে।

বহুতে আকৌ আছুতীয়াকৈ থাকিবলগীয়া হ’ব বাবেই বা ভয়তে লক্ষণসমূহ দেখা দিলেও পৰীক্ষা কৰোৱা নাই। কোভিড পজিটিভ হ’লে ফ্লেট বা এপার্টমেণ্টত থকা লোকসকলে গৃহ আছুতীয়াকৰণৰ অনুমতি নিদিব বুলিও বহুতে পৰীক্ষা নকৰোৱাকৈ থাকে। ইয়াৰ ফলত ৰোগৰ সংক্ৰমণ বাঢ়ি গৈছে আৰু ৰোগ বাঢ়ি গৈ জটিল ৰূপ ধাৰণ কৰিছে। প্ৰয়োজনীয় চিকিৎসাৰ বিলম্বতা ৰোগীৰ মৃত্যুৰ এক মুখ্য কাৰণ হৈ পৰিছেপৰিছে।

গতিকে আমি সকলোৱে আতংকিত হোৱাৰ সলনি সাৱধান হোৱাহে প্রয়োজন। ঘৰৰ বাহিৰত ওলালেই মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা আৰু হাত দুখন সঘনাই চাবোন-পানী এলকহলযুক্ত ছেনিটাইজাৰেৰে ধোৱা আদি নিয়মসমূহ মানি চলিব লাগিব। বহু সময়ত মানুহে মাস্কখন শুদ্ধভাৱে নিপিন্ধে। মাস্কখন পিন্ধোতে নাক আৰু মুখ ভালদৰে ঢাকি ল’ব লাগে ৷ এইবাৰ ডাবল
মাস্ক পিন্ধাৰ পৰামৰ্শ দিয়া হৈছে। মাস্কৰ ক্ষেত্ৰত কপাহী কাপোৰৰ মাস্ক পিন্ধিলে কোভিড ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব নোৱাৰি। গতিকে এখন ছার্জিকেল মাস্ক বা তিনিতৰপীয়া মাস্কৰ ওপৰত এখন কপাহী মাস্ক পিন্ধিব লাগে । অকল এখন মাস্কৰ দ্বাৰা এই ভাইৰাছ সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিব নোৱাৰি। অৱশ্যে N-95 মাস্ক ভালদৰে পৰিধান কৰিলে এখনেই যথেষ্ট। বহুতে আকৌ মাস্কখন ধুই পুনৰাই ব্যৱহাৰ কৰিছে। কিন্তু এবাৰ ব্যৱহাৰযোগ্য মাস্ক অতি বেছি ৮ ঘণ্টাৰ বাবেহে ব্যৱহাৰ কৰিব পাৰি৷ সেয়েহে মাস্কবোৰৰ ব্যৱহাৰ নিয়মাৱলী অনুযায়ীহে ব্যৱহাৰ কৰিব লাগে।

ঘৰৰ বাহিৰলৈ যাবলগীয়া হ’লে মাস্ক ব্যৱহাৰ কৰা অতি জৰুৰী। ঘৰতে নিলগীয়াকৰণত থকাসকলে ঘৰৰ ভিতৰতো মাস্ক পিন্ধি থকাৰ লগতে বাকী সদস্যসকলেও মাস্ক পিন্ধি থকাটো প্রয়োজন। লগতে ঘৰৰ প্ৰত্যেকজন সদস্যই কোভিড পৰীক্ষা কৰাটো প্ৰয়োজন৷

যিহেতু কোভিডৰ সংক্রমণ অব্যাহত আছে, সেয়েহে ৰাইজে অতি প্ৰয়োজন নহ’লে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়৷ বজাৰ সমাৰ কৰোতেও সাৱধান হৈ থকাৰ লগতে মানুহৰ ভিৰৰ পৰা আঁতৰি থকা প্রয়োজন। কমেও দুই মিটাৰ সামাজিক দূৰত্ব মানি চলাটো দৰকাৰ। হাত দুখন সঘনাই ধুই থকাটো অতি দৰকাৰী। কোনো বস্তু স্পৰ্শ কৰাৰ পাছতে হাত দুখন চাবোন-পানীৰে ধুব লাগে বা ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে। বিশেষকৈ চকু, মুখ আৰু নাক স্পৰ্শ কৰাৰ আগতে হাত দুখন ভালদৰে পৰিষ্কাৰ কৰি লোৱাটো অত্যন্ত প্রয়োজন। বর্তমান এই মহামাৰীক পৰাভূত কৰিবলৈ সজাগতা আৰু সাৱধানতাই প্রধান অস্ত্ৰ। চৰকাৰে বান্ধি দিয়া নীতি-নির্দেশনা পালন কৰি সকলোৱে এই মহামাৰীক নিশ্চয়কৈ প্ৰতিৰোধ কৰিব পাৰিম।