কোভিডৰ তৃতীয় ঢৌৰ বাবে প্ৰস্তুত জি.এম.চি.এইচ. কৰ্তৃপক্ষ

pc The Sentinel Assam

অনলাইন বাৰ্ত্তাসেৱা – কোভিড-১৯ সংক্ৰমিত মুঠ নটা শিশু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সিকিৎসালয় (জি.এম.চি.এইচ.)ত চিকিৎসাধীন আৱস্থাত আছে। জি.এম.চি.এইচ. বিষয়াসকলে জানিবলৈ দিয়া মতে, মহামাৰীৰ তৃতীয় ঢৌৰ মোকাবিলা কৰিবলৈ চিকিৎসালয়খনত বিশেষ শিশু ৰোগৰ আই.চি.ইউ. স্থাপন কৰা হৈছে। ভাৰতত কোভিড-১৯ৰ তৃতীয় ঢৌৰ সংক্ৰমণৰ বিষয়ে জি.এম.চি.এইচ.ৰ অধীক্ষক ড০ অভিজিত শৰ্মাই কয় যে বিশেষজ্ঞ আৰু জ্যেষ্ঠ চিকিৎসকসকলে কোভিড-১৯ৰ তৃতীয় ঢৌত শিশুসকল ক্ৰমান্বয়ে প্ৰভাৱিত হোৱাৰ বিষয়ে আলোচনাত মিলিত হৈছে।