কোভিডত মৃত্যু হোৱা ১,৬১৬ জন স্বাস্থ্য কৰ্মীৰ পৰিয়ালক ৮০৮কোটি টকা পৰিশোধ কৰা হৈছে: চৰকাৰ

pc.Mint

কোভিডত মৃত্যু হোৱা ১,৬১৬ জন স্বাস্থ্য কৰ্মীৰ পৰিয়ালক ৮০৮কোটি টকা পৰিশোধ কৰা হৈছে: চৰকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই কয় যে ৩৩খন ৰাজ্য আৰু ইউটিএছৰ পৰা কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজদিয়া ১,৬১৬ জন মৃত স্বাস্থ্যসেৱা কৰ্মীৰ পৰিয়ালক ৮০৮কোটি টকা মূল্যৰ বীমা পৰিশোধ কৰা হৈছে। কেন্দ্ৰই কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়া স্বাস্থ্য কৰ্মীসকলৰ বাবে ৩০ মাৰ্চ, ২০২০তাৰিখে ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ পেকেজ’ (পিএমজিকেপি) বীমা আঁচনি আৰম্ভ কৰিছিল।