কোন হ’ব সেনাৰ পৰৱৰ্তী চীফ অফ ডিফেন্স ষ্টাফ?

Pc Swarajya

কোন হ’ব সেনাৰ পৰৱৰ্তী চীফ অফ ডিফেন্স ষ্টাফ?

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ প্ৰথমগৰাকী সেনাৰ সৰ্বধিনায়ক বিপিন ৰাৱট আৰু নাই।যোৱা বুধবাৰে তামিলনাডুৰ নীলগিৰি পাহাৰত সংঘটিত এক হেলিকপ্টাৰ দুৰ্ঘটনাত দেশৰ প্ৰথমগৰাকী সেনাৰ সৰ্বধিনায়ক বিপিন ৰাৱট,তেঁওৰ পত্নীসহ ১৩গৰাকীকৈ লোকৰ প্ৰাণ গৈছিল।দেশৰ প্ৰতিৰক্ষাৰ আটাইতকৈ শীৰ্ষ পদৰ এগৰাকী ব্যক্তিৰ হঠাতে হোৱা মৃত্যুৰ পিছত পৰৱৰ্তী চীফ অফ ডিফেন্স ষ্টাফ কোন হ’ব? বিপিন ৰাৱাটৰ পিছত খালী পদত কাক নিযুক্তি দিয়া হ’ব সেয়া কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল’ব।বিপিন ৰাৱাটৰ দুৰ্ঘটনাটোৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ এখন বৈঠক অনুষ্ঠিত কৰে।ইয়াত গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি সমিতিৰ সদস্যসকল উপস্থিত আছিল।বৈঠকত বিপিন ৰাৱাটৰ ঠাইত নতুন চিডিএছৰ নাম আলোচনা কৰা হয়।উল্লেখযোগ্য যে, এই পদটো ইমান গুৰুত্বপূৰ্ণ যে ইয়াৰ বাবে কেৱল এজন জ্যেষ্ঠ আৰু অভিজ্ঞ বিষয়া বাছনি কৰা প্ৰয়োজন।এই অৰ্থত তিনিটা সামৰিক সেৱা স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাৰ মুৰব্বীসকল শক্তিশালী প্ৰতিদ্বন্দ্বী।জ্যেষ্ঠতা অনুসৰি জেনেৰেল এমএম নাৰৱানে এই দিশত বিবেচিত হোৱাৰ সম্ভাৱনা আছে।৬০ বছৰীয়া নাৰাৱানেক জেনেৰেল বিপিন ৰাৱাটৰ পিছতে সেনা প্ৰধান হিচাপে নিযুক্ত কৰা হৈছিল।অভিজ্ঞতা আৰু জ্যেষ্ঠতা লক্ষ্য কৰিলে এম এম নাৰৱানৰ নাম চিডিএছৰ বাছনিলৈ আহিব পাৰে।