কোনো সাংবাদিকক কেৱল চৰকাৰ বা প্ৰতিষ্ঠানক কঠোৰ সমালোচনা কৰাৰ বাবে ৰাজদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিব নোৱাৰিঃ উচ্চতম ন্যায়ালয়

pc iPleaders Blog

অনলাইন বাৰ্ত্তাসেৱা – মুক্ত বাক আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ আদেশৰ শেহতীয়া ঘটনাত, উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে ৰায় দিয়ে। যদি চৰকাৰৰ বিৰুদ্ধে হিংসা বা সম্প্ৰদায়ৰ মাজত ঘৃণাৰ সৃষ্টি নকৰে, তেন্তে কোনো সাংবাদিকক কেৱল চৰকাৰ বা প্ৰতিষ্ঠানক কঠোৰ সমালোচনা কৰাৰ বাবে ৰাজদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিব নোৱাৰি।

এবছৰৰ পূৰ্বে হিমাচল পুলিচৰ দ্বাৰা সাংবোদিক বিনোদ দুৱাৰ বিৰুদ্ধে দেশদ্ৰোহৰ বাবে FIR দাখিল কৰা হৈছিল। FIR খন দাখিল কৰা হৈছিল সাংবাদিকজনৰ চছিয়েল মিডিয়াৰ এটা ভিডিঅ’ৰ বাবে যাৰ দ্বাৰা যোৱাবছৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ দুখৰ বাবে চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰিছিল। ন্যায়াধীশ ইউ ইউ ললিত আৰু বিনীত চৰণে এজাহাৰৰ অভিযোগৰ ওপৰত মত প্ৰকাশ কৰে আৰু দুৱাৰ ভিডিঅ’ৰ বিষয়বস্তু অধ্যয়ন কৰি এয়া ৰাষ্টদ্ৰোহ নহয় বুলি প্ৰকাশ কৰে। উচ্চতম ন্যায়ালয়ে দুয়াৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইন প্ৰয়োগ কৰাৰ ভাবুকিও প্ৰতিহত কৰিছিল।