কোনটো বেছি প্ৰয়োজনীয় জীৱন নে জীৱিকা ? – জুৰি শইকীয়া

pc The Hindu Business Line

কোনটো বেছি প্ৰয়োজনীয় জীৱন নে জীৱিকা ?

আজি মানৱ জাতিৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছে জীৱন আৰু জীৱিকাই । জীৱিকা নাথাকিলে জীৱন মূল্যহীন আনহাতে জীৱন নাথাকিলে জীৱিকাৰ মূল্যই বা ক’ত । উশাহ-নিশাহ ল’বলৈ অংগবোৰ অপাৰগ হ’লেই মৰণ আৰু জীয়াই থকাটোকে জীৱন বুলি ক’লেও প্ৰকৃত অৰ্থত জীৱিকা নথকা জীৱন এটা কেনেকৈ জীয়াই থাকে সেয়া ভুক্তভোগীয়েহে ভালকৈ উপলব্ধি কৰিব পাৰে । জীৱন আৰু মৰণৰ মাজৰ সময়ছোৱা কেনেকৈ কটালে সেয়াইহে প্ৰকৃতাৰ্থত জীৱনৰ মূল্যায়ন কৰে । সুখ চাচ্ছন্দ্যৰে ভৰা জীৱন কাম্য হ’লেও সকলোৰে বাবে সেয়া সম্ভৱ নহয় । কৰ্মই মানুহৰ জীৱনৰ সুখ সমৃদ্ধিৰ গতি নিৰ্ণয় কৰে । ভাগ্যতকৈ কৰ্মত বিশ্বাস কৰা লোকৰ উন্নতি অনিবাৰ্য্য । ভাগ্যক ধিয়াই বহি থাকিলে জীৱনলৈ কেতিয়াও সফলতা নাহে । জীৱনটো নিজৰ হাতৰ মুঠিত । কৰ্মৰ দ্বাৰা নিজৰ ভাগ্য সলাই পেলাব পাৰি । সময়ৰ সদব্যৱহাৰ ওপৰত জীৱনৰ সুখ আনন্দ নিৰ্ভৰ কৰে । জীৱন আছে জীৱিকা নাই তেনেকুৱা জীৱনবোৰ কটাবলৈ বৰ জটিল হয় । কিন্তু জীৱিকা হাততে পোৱা বস্তু নহয় । সন্ধান কৰিব লাগিব । আমাৰ কাষতে আছে অনেক পথ । নিজৰ ইচ্ছাশক্তিৰে কৰ্মক শ্ৰদ্ধাসহকাৰে আকোঁৱালি ল’ব লাগিব । জীৱিকাৰ সৰু ডাঙৰ নাথাকে । এলাহ , লাজ , অনিহাভাৱে কৰ্মবিমুখিতাৰ সৃষ্টি কৰে । দেখা যায় শিক্ষিত নিবনুৱাৰ বেছিভাগেই জীৱিকাৰ বাবে চাকৰি এটাহে পচন্দ কৰে । যদি শিক্ষা থকাৰ লগতে ভাগ্যইও লগ দিয়ে তেন্তে চাকৰি এটা পায় । কিন্তু বৰ্তমান শিক্ষিত নিবনুৱাৰ সংখ্যা বহুত বেছি পৰিমাণে বৃদ্ধি পাইছে । কেৱল চাকৰি কৰাৰ আশাত বহি থাকোঁতে জীৱনৰ আধা সময় পাৰ হৈ যায় পিছৰ সময়ছোৱাত উপায় নাপাই কিবা কিবি এটা কাম কৰিবলৈ মন মেলি যেনে তেনে চলি থাকিব পৰা হয় । যদি চাকৰিৰ আশাতে নাথাকি স্বনিয়োজনৰ পথ বাচি লয় সন্মানেৰে জীৱন আৰু জীৱিকা নিৰ্বাহ কৰিব পাৰি লগতে আৰু দুজনকো কৰ্ম সংস্থাপন দিব পাৰিব ।

ক’ৰনা মহামাৰীৰ সময়ত বৰ্হিৰাজ্যত থকা বহুতে জীৱিকা এৰি জীৱনৰ মোহত ঘৰমূৱা হ’ব লগা হ’ল । নিবনুৱা সমস্যাৰে জৰ্জৰিত ৰাজ্যখনত অধিক নিবনুৱা বাঢ়িল । পৰিস্থিতি লাহে লাহে স্বাভাৱিক হ’বলৈ ধৰাত ৰাজ্যত সংস্থাপনৰ কোনো বাট বিচাৰি নাপাই পুনৰ বৰ্হিৰাজ্যলৈ গমন কৰিবলৈ ধৰিছে তেওঁলোক । একেখিনি শ্ৰমকে বাহিৰৰ ৰাজ্যত ব‌্যৱহাৰ নকৰি যদি নিজ ৰাজ্যতে ব্যৱহাৰ কৰা হয় তেন্তে আমাৰ ৰাজ্যৰ উন্নতি অধিক হ’লহেঁতেন । প্ৰাকৃতিক সম্পদ যিমানেই নাথাকক মানৱ সম্পদৰ উপযুক্ত ব্যৱহাৰেহে প্ৰাকৃতিক সম্পদসমূহক ভালদৰে ব্যৱহাৰ যোগ্য কৰিব পাৰিলেহে সমাজ তথা দেশখনক উন্নতিৰ দিশলৈ লৈ যাব পাৰি ।

জীৱন আৰু জীৱিকাৰ মাজত সংগ্ৰামখন যুগ যুগ ধৰি চলি থকা বিৱৰ্তনৰ ফলস্বৰূপে আজিৰ এই অৱস্থাত উপনীত হৈছে । জীৱিকাৰ তাড়নাত কোনো কোনোৱে জীৱন যুদ্ধত হাৰ মানিলে । জীৱন আৰু জীৱিকাৰ সংগ্ৰামত যিয়েই সংগ্ৰামী যোদ্ধাৰ ভূমিকা পালন কৰিব পাৰিব সেইজনেই বিজয়ী হৈ আহিছে । চৰ চাপৰিত বাস কৰা লোকসকলৰ জীৱন সংগ্ৰাম আটাইতকৈ কঠিন । কিয়নো ইয়াত শিক্ষাৰ প্ৰভাৱো অতি নিম্ন । আনহাতে দেশৰ অৰ্থনীতিলৈ চৰ চাপৰিৰ অৰিহণা গুৰুত্বপূৰ্ণ । শিক্ষা কম হ’লেও তেওঁলোকৰ বেছিভাগেই আত্মনিৰ্ভৰশীল । যিহেতু কোৱা হৈছে “কৰ্মই ধৰ্ম” গতিকে কৰ্মবিহনে জীৱনৰ গতি নাই । জীৱন আৰু জীৱিকাৰ প্ৰতি অহা ভাবুকিৰ পৰা উদ্ধাৰ পোৱা এটাই উপাই কৰ্মসংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাটো । যেতিয়াই কৰ্মক ধৰ্ম বুলি, দায়িত্ব বুলি, কৰ্তব্য বুলি কৰিবলৈ লম তেতিয়াহে জীৱন আৰু জীৱিকাৰ যুঁজখনৰ অন্ত পৰিব । তাৰ বাবে জনসাধাৰণ আৰু চৰকাৰ দুয়োপক্ষৰে সহযোগ লাগিব ।

জুৰি শইকীয়া