কেৰালাত দেশৰ প্ৰথমটো জিকা ভাইৰাছৰ সংক্রমণ ঘটনা

pc The Indian Express.jpg

অনলাইন বাৰ্ত্তাসেৱা – কেৰালাত দেশৰ ভিতৰতে প্ৰথমটো জিকা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰৰ জািনব পৰা গৈছে। ম’হৰ পৰা সৃষ্টি হোৱা এই ভাইৰাছৰ দ্বাৰা সংক্রমিত হৈছে তিৰুৱনন্তপুৰমৰ এগৰাকী ২৪ বছৰীয়া গৰ্ভৱতী মহিলা। মহিলাগৰাকীক ২৮ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল জ্বৰ আৰু মূৰৰ বিষৰ বাবে। যোৱা ৭ জুলাইত তেওঁ সন্তান প্ৰসৱ কৰে। চিকিৎসকে সদৰী কৰা মতে, মহিলাগৰাকীৰ শাৰীৰিকভাৱে সুস্থ। কেৰালাৰ স্বাস্থ্য মন্ত্রী বীণা জর্জে জানিবলৈ দিয়া মতে সন্দেহজনক ১৩জন লোকৰ নমুনা পৰীক্ষা কৰাত এগৰাকী জিকা ভাইৰাছৰ দ্বাৰা সংক্রমিত হোৱাটো নিশ্চিত হয়। উল্লেখটোগ্য যে এই ভাইৰাছৰ দ্বাৰা সংক্রমিত হলে শিশুৰ মগজু দুর্বল হোৱাৰ সম্ভাৱনা অধিক হয়। জন্মগত বিসংগতি আৰু প্ৰতিৰোধ ক্ষমতাও হ্রাস পাই এই ভাইৰাছত সংক্ৰমিত লোকৰ। ২০১৬-১৭ চনত গুজৰাটত এই জিকা ভাইৰাছৰ সংক্রমণে বাৰ্তৰিৰ শিৰোনাম দখল কৰিছিল।

(UD.)