কোভিড-১৯ ভাইৰাছৰ বাবে আৰু জতিল হ’ব পৰিস্তিতিঃ ড০ ভি কে পল (নীতি আয়োগ)

কোভিড-১৯ ভাইৰাছ পুনৰ উদ্ভৱ হ’ব পাৰে আৰু জতিল হব পাৰে পৰিস্তিতিঃ নীতি আয়োগ

বাৰ্ত্তাসেৱাঃ যিহেতু দেশখনে কোভিড-১৯ৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজ দিছে, চৰকাৰে  কৈছিল যে ভাইৰাছটো পুনৰ উদ্ভৱ হ’ব পাৰে আৰু সেয়েহে ৰাজ্যসমূহৰ সহযোগত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰস্তুতি কৰিব লাগিব, আন্তঃগাঁথনি বৃদ্ধি কৰিব লাগিব আনহাতে নিয়ন্ত্ৰণ আৰু উপযুক্ত আচৰণ অনুসৰণ কৰিব লাগিব।

দ্বিতীয় ঢৌৰ তীব্ৰতা সম্পৰ্কে চৰকাৰ অজ্ঞাত থকা অভিযোগ খাৰিজ কৰি নীতি আয়োগৰ সদস্য (স্বাস্থ্য) ড০ ভি কে পলে কয়, “আমি এই মঞ্চৰ পৰা বাৰে বাৰে সতৰ্ক কৰি আছিলো যে কোভিড ১৯ ৰ দ্বিতীয় ঢৌ আহিব। দেশৰ জনসংখ্যাৰ ৮০ শতাংশ এতিয়াও অসুৰক্ষিত আৰু ভাইৰাছ ক’লৈও যোৱা নাই আৰু আন দেশবোৰতো পুনৰ উত্থান হোৱা দেখা গৈছে।”

এখন সংবাদমেলত পলে কয়, “প্ৰধানমন্ত্ৰীয়ে ১৭ মাৰ্চত আতংক সৃষ্টি নকৰাকৈ দেশখনক উদীয়মান দ্বিতীয় ঢৌৰ বিষয়ে অৱগত কৰিছিল আৰু কৈছিল যে আমি ইয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব।”

“ভাইৰাছটো কেনেকুৱা ৰ্ৰপ লয় কৱ নোৱাৰি,গতিকে ভাইৰাছটো পুনৰ ওলাই আহিব পাৰে, আমি জানো। গতিকে ৰাজ্যসমূহৰ সহযোগত  প্ৰস্তুতি কৰিব লাগিব, আন্তঃগাঁথনি বৃদ্ধি কৰিব লাগিব, নিয়ন্ত্ৰণ ব্যৱস্থা ৰূপায়ণ কৰিব লাগিব আৰু কোভিড-১৯ৰ উপযুক্ত আচৰণ অনুসৰণ কৰিব লাগিব।

“আমি আতংকৰ সৃষ্টি কৰা নাছিলো… আন দেশবোৰে মহামাৰী হোৱাৰ পিছত একাধিকবাৰ একে জতিল পৰিস্তিতিৰ সন্মুখীন হৈছে,”- ড০ ভি কে পলে কয়।

বৰ্তমান এনে 10 খন ৰাজ্য আছে য’ত কোভিড-19ৰ ইতিবাচকতাৰ হাৰ 25 শতাংশতকৈ অধিক আনহাতে আঠখন ৰাজ্য আছে য’ত ই 20 শতাংশতকৈ অধিক, যি টো এক উদ্বেগজনক প্ৰৱণতা,” তেওঁ কয়।