কেবিনেটত গ্ৰহণ কৰা হৈছে নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পৰীক্ষাৰ সন্দৰ্ভতগুৰুত্বপূৰ্ণ সিদ্ধান্ত

pc-newslaundry

অনলাইন বাৰ্ত্তাসেৱা-  নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পৰীক্ষাৰ সন্দৰ্ভত  কেবিনেটে গঠন কৰিছে এক বিশেষ আভ্যন্তৰীণ মূল্যায়ন কমিটী। বিশেষ আভ্যন্তৰীণ মূল্যায়ন কমিটীৰমতে নৱম শ্ৰেণীৰ এটা ইউনিট টেষ্ট পৰীক্ষাৰ পাছত অনুষ্ঠিত হ’ব ছমহীয়া পৰীক্ষা।আন এটা ইউনিট টেষ্ট পৰীক্ষাৰ পাছত হ’ব বছৰেকীয়া পৰীক্ষা।দশম শ্ৰেণীৰ বাবে থাকিব প্ৰি-ব’ৰ্ড পৰীক্ষা।দশম শ্ৰেণীৰ ইউনিট টেষ্টৰ বাবে জিলা পৰীক্ষা কমিটীয়ে প্ৰস্তুত কৰিব আৰ্হি প্ৰশ্ন কাকত।আনহাতে প্ৰি-ব’ৰ্ড, ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত প্ৰস্তুত কৰিব এখন গোপন কমিটীয়ে।এই পৰীক্ষাৰ বহীসমূহ বিদ্যালয়তে হ’ব নিৰীক্ষণ। কিন্তু ছমহীয়া, বছৰেকীয়া আৰু প্ৰি-ব’ৰ্ডৰ পৰীক্ষাৰ বহী মূল্যায়নৰ বাবে কৰা হৈছে পৃথক ব্যৱস্থা।পৰীক্ষাৰ তথ্য আপলোড কৰিব লাগিব নিৰ্দিষ্ট প’ৰ্টেলত।এই বিশেষ আভ্যন্তৰীণ মূল্যায়ন কমিটীত জিলা উপায়ুক্ত, বিদ্যালয়ৰ পৰিদৰ্শক , জিলা শিক্ষা পৰিষদৰ সম্পাদক, ব্যক্তিগত বিদ্যালয়ৰ প্ৰতিনিধিৰে গঠন কৰা হৱ।